• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সৰ্বানন্দ সোণোৱাল ‘বেচেৰা’ মুখ্য মন্ত্ৰী, চৰকাৰ চলাই হিমন্ত বিশ্ব শৰ্মাইহে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 13, 2020 2:47 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে আজি ‘ফেচবুক লাইভ’ত আহি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনাত মুখৰ হৈ পৰে।

মীৰা বৰঠাকুৰৰ মতে বৰ্তমানৰ বিজেপি চৰকাৰে হিন্দু ভোট বিভাজন (polarize) কৰিবৰ কাৰণে অসমৰ ২৭খন জিলাত বংগমূলীয় মুছলমানে আগ্ৰাসন কৰিছে বুলি অপপ্ৰচাৰ চলাইছে।

Apply Now

বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি তেওঁ কয় যে মুখ্য মন্ত্ৰী হৈ আছে যদিও চৰকাৰ চলোৱাত সৰ্বানন্দ সোণোৱালৰ ‘কোনো সিদ্ধান্ত ল’ব পৰা ক্ষমতা নাই’।

‘বিজেপিয়ে তেওঁক ফে’চ ভেল্যুৰ কাৰণে মুখ্য মন্ত্ৰী পাতিছে, সিদ্ধান্ত তেওঁ ল’ব নোৱাৰে গোটেই সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাই লয়। গোটেই চৰকাৰখন বনোৱাৰ ক্ষেত্ৰত, সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিজেপিয়ে হিমন্ত বিশ্বক প্ৰক্ষেপ কৰিছে।‘ তেওঁ কয়।

‘গতিকে মোৰ আজি প্ৰশ্ন হিমন্ত বিশ্বৰ প্ৰতি’ বুলি উল্লেখ কৰি তেওঁ কয় ‘আপোনালোকে ভোটৰ স্বাৰ্থত ২৭খন জিলা বংগমূলীয় মুছলমানে আগ্ৰাসন কৰিছে বুলি কৈ বংগমূলীয় অবৈধ মুছলমানসকলক শক্তিশালী মনোবল দিয়া নাইনে?

চাওক মীৰা বৰঠাকুৰৰ লাইভ ভিডিঅ’ –

https://www.facebook.com/mira.borthakurnew/videos/1357746924568463/

‘১৫-২০ বছৰ ধৰি আপুনি প্ৰভাৱশালী মন্ত্ৰী হৈ আছে, আপুনি অসম চুক্তিৰ মন্ত্ৰী আছিল। ইমান সুবিধা থকাৰ পিছতো অবৈধ মুছলমানে কেনেকৈ (২৭খন জিলা) দখল কৰিব পাৰিলে?’

আনহাতে NRCত ৫৫ হাজাৰ মানুহে কাম কৰাৰ পিছতো সন্দেহযুক্ত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাত উচ্চতম ন্যায়ালয়ত এখন শপতনামা দাখিল কৰাতো অসম চৰকাৰৰ দায়িত্ব নাছিলনে বুলিও বৰঠাকুৰে প্ৰশ্ন কৰে।

‘ভাষাটোক ভাগ ভাগ কৰি আপোলাকে ৰাজনীতিৰ কাৰণত আপোনালোকে আৰু কিমান পৰ্য্যায়লৈকে জাতীটোক বিক্ৰী কৰিব?’- বৰঠাকুৰ।

অসমীয়া জাতিটোক ‘বিভিন্ন জনগোষ্ঠীয় সংগঠন বিলাক খুলি ভাগ ভাগ কৰি’ ‘ভণ্ড নেতা তৈয়াৰ’ কৰাৰ অন্তৰালত হিমন্ত বিশ্বক সাঙুৰি তেওঁ কয়, ‘কোনো নেতা বলিষ্ঠভাৱে ওলাই আহিলে সেই নেতাক পিছ দুৱাৰেদি মাতি নি ভণ্ড নেতাবিলাক তৈয়াৰ কৰাৰ একমাত্ৰ মেকানিজমটো আপুনি নহয়নে?’

‘সৰ্বানন্দ সোণোৱালৰ সেইখিনি কেপাচিটিয়ে নাই, গতিকে তেওঁক এইবিলাক কথা নকওঁ…আজি মুখ্য মন্ত্ৰীজন বেচেৰা মুখ্য মন্ত্ৰী হৈ গৈছে আৰু আপুনি ভিলেইন হৈ গৈ আছে’ বৰঠাকুৰৰ মন্তব্য।

‘বিজেপিৰ ভিতৰখন মোতকৈ ভালকে আপুনি জনা নাই’ বুলি হিমন্ত বিশ্বক উদ্দেশ্যি তেওঁ আৰু কয়, ‘বিজেপিক সন্তুষ্ট কৰিবলৈ আপুনি অসমৰ ৰাইজক অসন্তুষ্ট কৰিলে। কিন্তু আপুনি এটা কথা ভালকৈ জানিব যি সময়ত বিজেপিৰ কাম শেষ হ’ব সেই সময়ত আপোনাক য়ুজ এণ্ড থ্ৰ’ কৰি পেলাই দিব।‘

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd