• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২১-ত বিধানসভাৰ নিৰ্বাচন নেখেলো, ১ ফেব্ৰুৱাৰিত ৰঞ্জিত দাসলৈ পত্ৰ দিম : হিমন্ত বিশ্ব

মুখ্য মন্ত্ৰী হোৱাৰ আশা লৈ বিজেপিত থকা নাই বুলি স্পষ্টীকৰণ হিমন্ত বিশ্বৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 13, 2020 8:38 pm
Himanta Biswa Sarma
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২১ চনত বিধানসভাৰ নিৰ্বাচন নেখেলে বুলি আজি পুনৰ ঘোষণা কৰিছে বিজেপিৰ মন্ত্ৰী হিমন্তই বিশ্বই।

অসম বিধানসভাৰ বিশেষ অধিৱেশনৰ সময়তে সদনৰ মজিয়াত নিজৰ বক্তব্য মাজত প্ৰসংগক্ৰমে ঘোষণাটো কৰে মন্ত্ৰীজনে।

Apply Now

“মইতো ১ ফেব্ৰুৱাৰিত ৰঞ্জিত দাস ডাঙৰীয়াক পত্ৰ দিমেই যে মই নিৰ্বাচন নেখেলো”, তেওঁ বিজেপিত মুখ্য মন্ত্ৰী হোৱাৰ আশা লৈ আছে বুলি বিৰোধীয়ে কৰি অহা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া দি হিমন্তৰ মন্তব্য।

“মোক সুবিধাবাদী আখ্যা দি লাভ নাই”, তেওঁ লগতে কয়।

পূৰ্বেও একাধিকবাৰ মন্ত্ৰীজনে “২১-ৰ পিছত নিৰ্বাচন নেখেলো” বুলি মন্তব্য কৰা হিমন্তই অৱশ্যে “বিজেপিক জিকাইহে ৰাজনীতি এৰিম” বুলিও সংকল্প প্ৰকাশ কৰে।

মন্ত্ৰীজনে আজি বেছ দীঘলীয়া সময় ধৰি সদনত উদাত্ত ভাষণ দিয়ে আৰু CAA-ৰ পৰা আদি কৰি বিভিন্ন বিষয়ক সামৰি লয়।

CAA সন্দৰ্ভত লোকসভাত কংগ্ৰেছৰ স্থিতি সমালোচনা কৰি কয় যে কংগ্ৰেছে বিধেয়কখন ছেকুলাৰ নহয় বাবেহে আপত্তি কৰিছিল আৰু কেতিয়াও অসম চুক্তিৰ উলংঘাৰ প্ৰসংগ উত্থাপনেই কৰা নাছিল।

হিন্দু ধৰ্মক উদাৰ আৰু সকলোকে সামৰি লোৱা ধৰ্ম আখ্যা দিয়ে মন্ত্ৰীজনে।

“হিন্দুসকলে কেতিয়াও মছজিদ, গীৰ্জা ভঙাৰ নজিৰ নাই”, সদনৰ মজিয়াত হিমন্তৰ দাবী।

অৱশ্যে মন্ত্ৰীজনৰ এই মন্তব্যত হস্তক্ষেপ কৰি “বাবৰি মছজিদ কোনে ভাঙিছিল” বুলি উভতি ধৰে দুই এজন বিধায়কে।

উল্লেখ কৰিব পাৰি যে হিন্দু উগ্ৰবাদীৰ দ্বাৰা বাবৰি মছজিদৰ উপৰি গীৰ্জা আদি ধ্বংস কৰাৰ ঘটনা ভাৰতত মাজে মাজে সংঘটিত হৈ আহিছে।

আনহাতে হিন্দুৱে কতিয়াও মন্দিৰ, মছজিদ, সত্ৰৰ মাটি বেদখল কৰা নাই বুলিও মন্ত্ৰীজনে ভাষণত দাবী কৰে। এই প্ৰসংগত তেওঁ গৰাখহনীয়াই নিশ্চিহ্ন কৰা মইনবৰী সত্ৰৰ নাম লৈ আপত্তিৰ সন্মুখীন হোৱাত সেয়া তৎক্ষণাত উঠাই লয়।

মন কৰিব লগীয়া যে মাজুলীত সত্ৰৰ বহু মাটি হিন্দু লোকেই বেদখল কৰি আছে।

অলপতে ৰাজ্যসভাত এজন বিজেপি সাংসদেও মাজুলীত বিদেশীৰে ভৰি আছে বুলি ৰাজসভাৰ মজিয়াত মন্তব্য কৰিছিল।

হিমন্ত বিশ্বই সদনৰ মজিয়াত অসমৰ একাংশ মুছলমান লোকৰ মনোবৃত্তি উদঙাই দিবলৈ জমিয়ত উলেমা হিন্দে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ পৰামৰ্শ কমিটীক দিয়া স্মাৰকপত্ৰৰ একাংশ পঢ়ি দিয়ে।

এই স্মাৰকপত্ৰত আব্দুল মুহিব মজুমদাৰে তেওঁৰ Down The Memory Lane কিতাপখনত লিখা এটা প্ৰবন্ধৰ এটা বিশেষ প্ৰবন্ধৰ কথাখিনি বিবেচনা কৰিবলৈ জমিয়ত উলেমা হিন্দে কমিটীক পৰামৰ্শ দিছে।

মন্ত্ৰীজনে উক্ত গ্ৰন্থখনৰ কিছু উদ্ধৃতি দি কয় যে গ্ৰন্থখনত বৰাক-ব্ৰহ্মপুত্ৰৰ ইতিহাস ক’বলৈ গৈ অভিবাসী মুছলমানসকলহে অসমৰ খিলঞ্জীয়া আৰু তেওঁলোক মূলতঃ দ্ৰাবিড় লোক আছিল বুলি দাবী কৰা হৈছে। আৰু কোৱা হৈছে- তেওঁলোকক মংগোলীয় মূলৰ আগ্ৰাসনকাৰীসকলে বিতাড়ন কৰিছিল। পিছত ব্ৰিটিছে পুনৰ তেওঁলোকক অসমলৈ আনিছিল।

এইবোৰ কথাই এদিন ইতিহাস হ’বগৈ বুলি দাবী কৰি এইবোৰ কথাই তেওঁক বিদ্ৰোহী কৰি তোলে বুলি মন্তব্য হিমন্তৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm
২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm
বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd