য়ুনাইটেড ফ’ৰাম অব বেংক য়ুনিয়নছ, চমুকৈ য়ু এফ বি য়ু-এ অহা ৩১ জানুৱাৰি আৰু ১ ফেব্ৰুৱাৰিত ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব।
দুদিনীয়া ধৰ্মঘটৰ ফলত সমগ্ৰ দেশৰ লগতে উত্তৰ-পূবৰো ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ সকলো কাম-কাজ বন্ধ হৈ পৰিব।
দৰমহাকেন্দ্ৰিক বিভিন্ন দাবীত এই ধৰ্মঘট কাৰ্য্যসূচী লোৱা বুলি য়ুনিয়নে জানিবলৈ দিছে।
যদিহে উক্ত দিন দুটাত ধৰ্মধট কাৰ্যসূচী সফল হয় তেন্তে একেৰাহে তিনিদিন ধৰি স্তব্ধ হৈ পৰিব বেংকৰ কাম কাজ, কিয়নো ২ ফেব্ৰুৱাৰি দেওবাৰ।
উল্লেখ্য যে ধৰ্মঘট কাৰ্যসূচীৰ সময়সূচী লক্ষ্যণীয় হৈ পৰিছে। কিয়নো ১ ফেব্ৰুৱাৰিত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে দাখিল কৰিব বাজেট। বাজেট দাখিলৰ পূৰ্বে এনে ধৰণৰ সমস্যা সমাধান কৰাটো চৰকাৰৰ বাবে প্ৰত্যাহ্বান হিচাপে থিয় দিব।
উল্লেখযোগ্য যে য়ুনাইটেড ফ’ৰাম অব বেংক য়ুনিয়নছ (য়ু এফ বি য়ু) হ’ল ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ বিষয়া-কৰ্মচাৰীসকলৰ বিভিন্ন সংগঠনবোৰৰ উমৈহতীয়া মঞ্চ।
অৱশ্যে এই মঞ্চৰ অধীনত নথকা ব্যক্তিগত খণ্ডৰ বেংক, যেনে আই চি আই চি আই, এক্সিছ, এইচ্ছ ডি এফ চি, য়েছ বেংক আদিৰ সেৱা অব্যাহত থাকিব বুলি নিশ্চিত হ’ব পৰা গৈছে।





