• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত কেন্দ্ৰৰে যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ এন ডি এফ বি (এছ)ৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 17, 2020 10:32 am
1-9-750x375

এন ডি এফ বিৰ সভাপতি বি চাওৰাইগৱৰা(বাঁওফালৰ পৰা দ্বিতীয়গৰাকী)। ফটো : নৰ্থ-ইষ্ট নাও

5.2k
VIEWS
Share on FacebookShare on Twitter

বড়োভূমিত শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত মূলসুঁতিলৈ উভতি অহা সশস্ত্ৰ সংগঠন এন ডি এফ বি (এছ)এ বৃহস্পতিবাৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰে।

এই উদ্দেশ্যে এন ডি এফ বি (এছ)ৰ সভাপতি বি চাওৰাইগৱৰাই নতুন দিল্লীত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰে।

স্বাক্ষৰিত চুক্তি অনুসৰি এতিয়াৰে পৰা এন ডি এফ বি (এছ)এ কোনো ধৰণৰ হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰিব নোৱাৰিব আৰু ঠিক সেইদৰে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰেও এই সংগঠনটোৰ বিৰুদ্ধে কোনো ধৰণৰ অভিযান চলাব নোৱাৰিব।

চুক্তিত কেন্দ্ৰীয় চৰকাৰৰ হৈ গৃহ মন্ত্ৰ্যালয়ৰ উত্তৰ-পূবৰ দায়িত্বত থকা যুটীয়া সঞ্চালক সত্যেন্দ্ৰ গাৰ্গ, অসম চৰকাৰৰ হৈ গৃহ বিভাগৰ আয়ুক্ত সচিব আশুতোষ অগ্নিহোত্ৰী আৰু এন ডি এফ বি (এছ)ৰ সভাপতি বি চাওৰাইৱৰাই স্বাক্ষৰ কৰে।

চুক্তিৰ সময়ছোৱাত এন ডি এফ বি(এছ)ৰ সম্পাদক বি আৰ ফেৰেংগা, দুয়োজন মধ্যস্থতাকাৰী ক্ৰমে ৰাজকুমাৰ পৃথিৰাজ নাৰায়ণ দেৱ মেচ আৰু থুলংগা বসুমতাৰীও উপস্থিত থাকে।

জানিব পৰা মতে, গৃহ মন্ত্ৰ্যালয়ে শান্তিচুক্তিৰ বাবে এখন খচৰা প্ৰস্তুত কৰি আছে, য’ত সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৰ তিনিটা গোটক (faction) জড়িত কৰা হৈছে।

হিংসা পৰিহাৰ কৰি শান্তি প্ৰক্ৰিয়াত যোগ দিয়াৰ সিদ্ধান্তৰে এন ডি এফ বিৰ চাওৰাইগৱৰা গোটৰ প্ৰায় ৫০জনীয়া সদস্যৰ এটা দল ম্যানমাৰৰ পৰা অসমত আহি উপস্থিত হৈছে।

কেডাৰসকলক নাগালেণ্ডৰ মন জিলাৰ মাজেৰে মুক্তভাৱে আহিবলৈ দিয়া হয় আৰু তেওঁলোকক এতিয়া নামনি অসমৰ এটা সেনা নিৱাসত ৰখা হৈছে।

চাওৰাইগৱৰা গোটটো হ’ল নতুন দিল্লীৰ সৈতে শান্তি আলোচনাত থকা এন ডি এফ বিৰ তৃতীয়টো গোট।

ইয়াৰ পূৰ্বে, ২০০৫ চনত এন ডি এফ বিৰ প্ৰগ্ৰেছিভ গোটটোৱে নতুন দিল্লীৰ সৈতে শান্তিচুক্তিত স্বাক্ষৰ কৰিছিল।

Recent News

স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা; দুটা জটিল ৰোগ প্ৰতিৰোধতো সহায়ক

স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা; দুটা জটিল ৰোগ প্ৰতিৰোধতো সহায়ক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd