• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিত্ৰজোঁটৰ সংকল্প সমাৰোহ : হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ সময়তে উৰিল প্ৰতিবাদকাৰীৰ ক’লা বেলুন

উত্তম শইকীয়া by উত্তম শইকীয়া
January 25, 2020 7:33 am
3(1)

বোকাখাতত অনুষ্ঠিত সংকল্প সমাৰোহত মুখ্য মন্ত্ৰীকে ধৰি মিত্ৰ জোঁটৰ নেতা। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ ৰাজহুৱা খেলপথাৰত শুকুৰবাৰে আয়োজিত হয় ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ আৰু গণ শক্তিৰ উদ্যোগত সংকল্প সমাৰোহ ৷

শান্তি সমদলেৰে আয়োজিত এই অনুষ্ঠানটো মুৰকত সংকল্প সমাৰোহ কৰা হয় ৷ অনুষ্ঠানলৈ হেলিকপ্তাৰেৰে আহে সৰ্বানন্দ সোনোৱাল। সৰ্বানন্দ সোনোৱালৰ উপস্থিতিৰ লগে লগে আৰম্ভ হয় সংকল্প সমাৰোহ ৷

Apply Now

অতুল বৰাৰ ভাষণেৰে আৰম্ভ হয় অনুষ্ঠানৰ ৷ ভাষণত অতুল বৰাই নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সোনোৱালৰ নেতৃত্বক স্বীকাৰ কৰি অসমত হোৱা প্ৰগতিৰ কথা বৰ্ণনা কৰে।

সংকল্প সমাৰোহৰ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰা,পল্লৱ লোচন দাস, গণ শক্তিৰ ডাঃ ৰনোজ পেগু, নৱ দলে, ৰঞ্জিত দাস, কেশৱ মহন্ত, যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷

অনুষ্ঠানত সমবেত প্ৰায় ৩০ হেজাৰ লোকক সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্বই কয় যে বোকাখাতত সমবেত হোৱা এই জন সমাগমে অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ পাঁচখন ৰাজ্য ভিতৰত এখন কৰাৰ বাবে সংকল্প লবৰ বাবে আহ্বান জনায় ৷

হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ সময়তে খেল পথাৰৰ আকাশত দেখিবলৈ পোৱা গ’ল ক’লা বেলুন ৷ হিমন্তৰ বিশ্বৰ ভাষণৰ সময়তে আকাশত উৰা এই ক’লা বেলুনে সমবেত সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে অস্বস্তিত পেলায় ভাষণৰত মন্ত্ৰী জনকো ৷

মন্ত্ৰী জনে গোলাঘাটত এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে ৷

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপৰিও মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালেও ভাষণ প্ৰদান কৰি নৰেন্দ্ৰ মোডীৰ অৱদানৰ কথা কৈ সমবেত সমাগমক মোডীৰ বাবে হাত চাপৰি বজাবলৈ বাৰে বাৰে আহ্বান জনায় ৷ মুখ্যমন্ত্ৰীৰ ভাষণেৰেই সামৰণি পৰে বিজেপি আৰু মিত্ৰ জোটৰ সংকল্প সমাৰোহ ৷

সমাৰোহত ৭০ হেজাৰ মানুহৰ সমাগম হোৱা বুলি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলেও মুলত ৩০ হেজাৰমানহে মানুহৰ সমাগমহে হৈছিল ৷ মানুহ গোটাবৰ বাবে বিভিন্ন কৌশলো প্ৰয়োগ কৰাৰ অভিযোগ পোৱা গ’ল ৷

বোকাখাতৰ উপৰিও কলিয়াবৰ, গোলাঘাট, সৰুপথাৰ যোৰহাটৰ পৰাও ভাড়া কৰা গাড়ীৰে অনা হৈছিল মানুহ ৷ ইফালে সমাবেশৰ প্ৰাক ক্ষণত বোকাখাত আৰু কাজিৰঙাত চলোৱা হৈছিল আৰক্ষীৰ বিশেষ অভিযান ৷

সংকল্প সমাৰোহৰ সময়ত যাতে কোনেও কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসুচী বা ক’লা পতাকা আদি প্ৰদৰ্শন কৰিব নোৱাৰে তাৰ বাবে আছুৰ হৰ্ষ জ্যোতি ভূঞা, দিপাংকৰ বৰা, হেমাংগ শইকীয়া, যুৱ কংগ্ৰেছৰ গোপাল দাস, অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিপুল বৰা আৰু আনন্দ গগৈক নিজ বাসগৃহৰ পৰাই  আটক কৰে আৰক্ষীয়ে ৷

ছাত্ৰ নেতাক এইদৰে আটক কৰা ঘটনাই বোকাখাতত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd