• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাইবাং ৰেইল ষ্টেইশ্যনত ক’লা দিৱস পালন ডিমা হাচাওবাসীৰ

ডিমা হাচাওৰ অংশক নাগালিমত অন্তৰ্ভুক্তিৰ বিৰোধিতা কৰিবলৈ গৈ দুবছৰ পূৰ্বে চহিদ হৈছিল দুজন

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
January 25, 2020 3:20 pm
Dima Hasao Martyr's day

মাইবাং ৰেইলষ্টেইশ্যনত ক'লা দিৱস পালনৰ দৃশ্য।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালিমত ডিমা হাচাও জিলাৰ ভূমি অন্তভুৰ্ক্ত কৰাৰ প্ৰতিবাদ কৰিবলৈ গৈ মাইবাং ৰেইল ষ্টেইশ্যনত আৰক্ষীৰ গুলীত চহিদ হোৱা যুৱক দুজনৰ স্মৃতিত আজি ৰেইল ষ্টেইশ্যনটোত ক’লা দিৱস পালন কৰে ডিমা হাচাওবাসীয়ে।

প্ৰতিবাদকাৰীসকলে ২০১৮ চনৰ ২৫ জানুৱাৰিত প্ৰতিবাদৰ কাৰ্য্যসূচীৰ অংশ স্বৰূপে ৰেইল ষ্টেইশ্যনটোত ৰে’ল অৱৰোধ  গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল।

Apply Now

প্ৰতিবাদকাৰীলৈ আৰক্ষীয়ে গুলী চলোৱাত দুজন তেজাল যুবক, ক্ৰমে- মিথুঞ্জয় দিব্ৰাগেডে আৰু প্ৰবান্ত হাকমাউচায় নিহত হয়। লগতে একাধিক যুবক-যুবতী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল গুলী চালনাৰ ঘটনাটোত।

চৰকাৰে তেতিয়াৰ অতিৰিক্ত মুখ্য সচিব পি ভি প্যাৰেলালক তদন্তৰ দায়িত্ব তুলি দিছিল যদিও আজি পৰ্য্যন্ত সেই তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নহ’ল বা তাৰ ভিত্তিত কোনো ব্যৱস্থা নহ’ল।

অবশ্যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা মিথুঞ্জয়ৰ পৰিবাৰ বেবি ফংল’ দিব্ৰাগেডেক চৰকাৰী চাকৰি প্ৰদান কৰিছে।

দুৰ্ভাগ্যজনক ঘটনাটোৰ দুটা বছৰ পূৰ্তিত আজি ২৫ জানুৱাৰি দিনটোক ক’লা দিৱস হিচাপে পালন কৰে ডিমা হাচাও জিলাবাসীয়ে।

এই উপলক্ষে মাইবাং ৰেইল ষ্টেইশ্যনত এখন প্ৰতিবাদী সভাৰ আয়োজন কৰা হয়, য’ত চহিদ পৰিয়ালৰ লোকসকল উপস্থিত থাকে।

ছাত্ৰ সংগঠন ডিমাচা ষ্টুডেণ্টছ য়ুনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক প্ৰমিত চেংগুইন, মাইবাঙৰ বিশিষ্ট নাগৰিক জৈতলাল জিদুং, ডিমাচা উইমেন এছ’চিয়েশ্যনৰ কল্পিতা কেম্প্ৰাই   আডছু নেতা মাইৰিং জহৰীৰ উপৰি মাইবাঙৰ বাঙালী সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে। উপস্থিত প্ৰতিগৰাকী পুৰুষ-মহিলাই ক’লা বেজ পৰিধান কৰে।

উল্লেখ কৰিব পাৰি যে ২৪ জানুৱাৰিত দিয়া এটা প্ৰেছ বিবৃতিৰ জৰিয়তে ডিমাচা নেশ্যনেল লিবাৰেইশ্যন আৰ্মি চমুকৈ ডি এন এল এ-ই ২৫ জানুৱাৰি দিনটো ডিমাচা চহিদ দিৱস হিচাপে পালন কৰাৰ আহ্বান জনাইছিল।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am
এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

September 25, 2026 10:29 am
২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am
অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

September 25, 2026 9:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am
এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

September 25, 2026 10:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd