জীৱন বীমা নিগম (LIC) বিয়োজন সন্দৰ্ভত বাজেটত চৰকাৰে যি সিদ্ধান্ত ঘোষণা কৰিছে তাৰ প্ৰতিবাদত জাঙুৰ খাই উঠিছে ইয়াৰ কৰ্মচাৰীসকল।
অহা ৩ বা ৪ ফেব্ৰুৱাৰিত চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত দেশজুৰি ধৰ্মঘটৰ আহ্বান জনোৱা হৈছে। সেইদিনা তেওঁলোকে এঘন্টা কামকাজ বন্ধ ৰাখিব।
অল ইণ্ডিয়া ইনছ্যুৰেন্স এমপ্লয়িজ এছোচিয়েশ্যনৰ সাধাৰণ সম্পাদক শ্ৰীকান্ত মিশ্ৰই সংবাদ মাধ্যমক জনিবলৈ দি কয়,”আমি কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি ৩ বা ৪ ফেব্ৰুৱাৰিত এঘন্টা কাম বন্ধ ৰাখি প্ৰতীকি প্ৰতিবাদ সাৱ্যস্ত কৰিম। তাৰ পাছত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব।‘’
উল্লেখযোগ্য যে এয়াৰ ইণ্ডিয়া, ৰেইলৰ পাছত এইবাৰ কেন্দ্ৰীয় বাজেটত এল আই চিতো ব্যক্তিগত বিনিয়োগৰ পথ মুকলি কৰি দিছে।
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ঘোষণা কৰিছে যে ভাৰতীয় জীৱন বীমা নিগমে চৰকাৰী অংশীদাৰিত্বৰ কিছু অংশ চৰকাৰে বিক্ৰী কৰিব। অৱশ্যে কিমান শতাংশ বিক্ৰী কৰিব সেইকথা স্পষ্ট কৰা নাই।
বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে ৰাজকোষৰ ঘাটি পূৰণ কৰাৰ বাবেই এলআইচিৰ অংশীদাৰিত্ব বিক্ৰী কৰিব বিচৰা হৈছে। ইয়াৰ ফলত এল আই চিৰ কোটি কোটি গ্ৰাহকৰ জমা ধনৰ নিৰাপত্তাৰ প্ৰশ্ন জড়িত হৈ পৰিছে।