NORTHEAST NOW (Assamese)
অসম

অহা ৭ ফেব্ৰুৱাৰিত কোকৰাঝাৰলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী; চলিছে আদৰাৰ পূৰ্ণ প্ৰস্তুতি

Posted by: ৰিনয় বসুমতাৰী/চাজিদ খান Updated by: ৰিনয় বসুমতাৰী/চাজিদ খান February 2, 2020 10:37 am
Story-5-1140x570

অহা ৭ ফেব্ৰুৱাৰিত প্ৰধান মন্ত্ৰীৰ ভ্ৰমণৰ বাবে প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে ৰাজ্যখনৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কোকৰাঝাৰ ভ্ৰমণ কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন জনসভাত অংশ লোৱাৰ বাবে কোকৰাঝাৰলৈ আহিব। অলপতে সম্পন্ন হোৱা বড়ো চুক্তি উপলক্ষে আনুষ্ঠানিক উদযাপনৰ বাবে আয়োজন কৰা হৈছে এই সমাৱেশৰ।

বড়ো চুক্তিখন কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, এনডিএপবিৰ চাৰিটা গোট, সদৌ বড়ো ছাত্ৰ সন্থা (এবছু) আৰু য়ুনাইটেড বড়ো পীপলছ অ’ৰ্গেনাইজেশ্যনৰ (য়ুবিপিঅ’)ৰ মাজত স্বাক্ষৰিত হৈছে।

সাংবাদিকৰ আগত মন্ত্ৰী শৰ্মাই কয়,”প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোকৰাঝাৰ ভ্ৰমণ নিশ্চিত।‘’

জিলাখনলৈ প্ৰধান মন্ত্ৰীৰ ভ্ৰমণৰ সময়ছোৱাত বন্ধৰ বাতৰিও তেওঁ নস্যাৎ কৰে।

“কাৰোবাৰ যদি চৰকাৰৰ সৈতে বা ইয়াৰ সিদ্ধান্তৰ সৈতে কিবা সমস্যা আছে, তেতিয়াহ’লে তেওঁলোকে চৰকাৰক আলোচনাৰ বাবে আহ্বান জনাব পাৰে,’’-শৰ্মাই কয়।

তেওঁ কয়,”অহা ছয় মাহৰ ভিতৰত বিটিআৰত নতুন গাওঁসমূহ অন্তৰ্ভুক্ত বা কৰ্তন কৰা হ’ব।‘’

“এই উদ্দেশ্যে এখন আয়োগ গঠন কৰা হ’ব আৰু  আয়োগৰ আগত অনুৰোধ কৰাৰ পাছত অন্তৰ্ভুক্ত আৰু কৰ্তনৰ বিষয়টো পৰ্যালোচনা কৰা হ’ব,’’-মন্ত্ৰী শৰ্মাই কয়।

আয়োগত এবছু, বিটিচিৰ সদস্য, এগৰাকী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশল লগতে অবড়ো সংগঠনৰ প্ৰতিনিধিও থাকিব।