• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘কা’ৰ বিৰোধিতাৰে টীয়কৰ মিধাখাটত চুতীয়া ছাত্ৰ সন্থা আৰু আছুৰ গণজাগৰণ সভা

নিৰ্মলানেন্দু পাঠক by নিৰ্মলানেন্দু পাঠক
February 3, 2020 6:29 pm
Logo

ল'গ'

288
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়কৰ মিধাখাটৰ বৰ নামঘৰৰ সন্মুখত টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আৰু টীয়ক কেন্দ্ৰীয় শাখা ছাত্ৰ সন্থাৰ সহযোগত তথা মিধাখাট, জগদুৱাৰ সোনাৰী, জগদুৱাৰ ন-পমুৱা গাঁৱৰ ৰাইজৰ উপস্থিতিত সোমবাৰে নাগৰিকত্ব (সংশোধন) আইন বিৰোধী ‘গণ জাগৰণ’ শীৰ্ষক এখন সভা অনু্ষ্ঠিত কৰা হয়।

উল্লেখযোগ্য যে, ইতিমধ্যে চুতীয়া জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাক চুতীয়া জনগোষ্ঠীয় এলেকাত চুতীয়া জনগোষ্ঠীয়ে নিষিদ্ধ ঘোষণা কৰিছে।

‘কা’ আমি নামনো, সাম্প্ৰদায়িক ৰাজনীতি নচলিব, ক’লা আইন বাতিল কৰক, বিজেপি গ’ বেক আদি ধ্বনিৰে প্ৰতিবাদস্থলীৰ পৰিৱেশ উত্তাল কৰি তোলে সমবেত ৰাইজে।

তিনি শতাধিক ৰাইজ উপস্থিত থকা প্ৰতিবাদী অনুষ্ঠানটোত টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি পাৰ্থপ্ৰতিম চুতীয়াই আঁত ধৰে।

অনুষ্ঠানত চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰাজ বাঢ়ৈ বৰা, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ, অসম আন্দোলনৰ নেতা  মণ্টু বৰুৱা, টীয়ক প্ৰেছ ক্লাৱৰ সভাপতি দুলাল হাজৰিকা, টীয়ক আঞ্চলিক কৰ্মচাৰী পৰিষদৰ ভোগনাথ হাজৰিকা, প্ৰাক্তন ছাত্ৰ নেতা সৌৰভ বৰা, সচেতন মহিলা ৰশ্মি ভট্টাচাৰ্যই ‘কা’ বিৰোধী বক্তব্য প্ৰদান কৰে।

‘গণ জাগৰণ সভাত’ চুতীয়া ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ সভাপতি জগত নেওগ, সম্পাদক জীৱন চুতীয়া, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমণি বৰুৱা, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা, টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি উজ্জ্বল সাধনিদাৰ, সম্পাদক বিশ্বজিৎ বৰা, সচেতন ব্যক্তি ধীৰেন বৰুৱা, হিৰণ্য সাধনিদাৰকে ধৰি বহু সংখ্যক লোক উপস্থিত থাকে।

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd