• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিত সমস্যা হৈ উঠিছে ‘নিবনুৱা সদস্য’!

বিজেপিৰ সক্ৰিয় সদস্যৰ মন্তব্য, "কা-বিৰোধী আন্দোলনত আমিও জড়িত হৈ আছো"

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 5, 2020 7:07 am
বিজেপিত যোগদান কৰাৰ সময়ত নিবনুৱা সন্থাৰ প্ৰাক্তন সভাপতি নীলমণি হাজৰিকা। যোৱা বছৰৰ ২৭ এপ্ৰিলৰ এটা ৰাজনৈতিক দৃশ্য।

বিজেপিত যোগদান কৰাৰ সময়ত নিবনুৱা সন্থাৰ প্ৰাক্তন সভাপতি নীলমণি হাজৰিকা। যোৱা বছৰৰ ২৭ এপ্ৰিলৰ এটা ৰাজনৈতিক দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বৰ্ষৰ ২৭ এপ্ৰিলত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত লগত ৩০০ সদস্য লৈ বিজেপিত যোগদান কৰা নিবনুৱা সন্থাৰ প্ৰাক্তন সভাপতি নীলমণি হাজৰিকা এতিয়া মূৰৰ কামোৰণিত পৰিণত হৈছে দলটোৰ বাবে।

৪ ফেব্ৰুৱাৰিত হাজৰিকাই এখন সংবাদমেল সম্বোধন কৰি বিজেপি আৰু চৰকাৰখনক তীব্ৰ সমালচনা কৰে।

Apply Now

যোনা বছৰৰ এপ্ৰিলত হাজৰিকাই বিজেপি দলৰ সক্ৰিয় সদস্য ভৰ্তি পত্ৰ খোদ মুখ্য মন্ত্ৰীৰ পৰা গ্ৰহণ কৰিছিল।

বিজেপিত যোগদান কৰাৰ পাছতো বৰ্তমান সদৌ অসম নিবনুৱা সন্থাৰ আইনী উপদেষ্টা হিচাপে কাৰ্য্য নিৰ্বাহ কৰি আছে নীলমণি হাজৰিকাই।

গুৱাহাটী প্ৰেছ ক্লাবত সংগঠনটোৰ সভাপতি ধৰ্মেন্দ্ৰ দেউৰী আৰু সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই জলসিঞ্চন বিভাগৰ নিযুক্তিৰ বেমেজালিক লৈ সম্বোধন কৰা সংবাদমেলত উপস্থিত থকা হাজৰিকাই সংগঠনটোৰ আইনী উপদেষ্টা বুলি পৰিচয় দিয়ে।

বিজেপিত থাকি বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে তথা নিবনুৱা সমস্যাৰ ওপৰত নিজৰ বক্তৱ্য ৰখাৰ পাছত সাংবাদিকে তেওঁক কিছুদিন পূৰ্বে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বিজেপিত যোগদান কৰাৰ কথা মনত পেলাই দিয়াত কয়, “‘নিশ্চয়কৈ চৰকাৰৰ প্ৰতি আমাৰ আস্থা কমি আহিছে। যাৰ কাৰণে আমি চৰকাৰক আমাৰ দাবী চনদ দিয়াৰ পাছতো নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰিলে। আনকি সদৌ অসম নিবনুৱা সন্থাক মুখ্য মন্ত্ৰীয়ে সাক্ষাৎ দিয়া নাই।‘

বিজেপিৰ পৰা পদত্যাগ কৰিছে নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত হাজৰিকাৰ মন্তব্য, “মই বিজেপিত কোনো বিষয়বাব লোৱা নাছিলো। গতিকে পদত্যাগৰ প্ৰশ্নটো নাহে।”

কা-বিৰোধী আন্দোলনত সকলো অসমবাসীৰ সৈতে থকাৰ কথা উল্লেখ কৰি তেওঁ কয়, “কা-বিৰোধী আন্দোলনত আমিও জড়িত হৈ আছো। চৰকাৰৰ যিবোৰ বেয়া কাম সেয়া আমি সদায় বিৰোধ কৰি যাম। মই য’তেই নাথাকো বেয়া কাম দেখিলেই প্ৰতিবাদ কৰি যাম।”

“মই দলৰ মজিয়াত থাকিয়েই বিজেপি চৰকাৰৰ বেয়া কাম-কাজৰ প্ৰতিবাদ কৰি যাম। চৰকাৰখনে নিবনুৱাক সংস্থাপন দিব পৰা নাই। যাৰ বাবে আমি সংবাদমেল আয়োজন কৰিছো”, হাজৰিকাৰ মন্তব্য।

সংবাদমেলত সদৌ অসম নিবনুৱা সন্থাৰ সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই সংগঠনটোৰ ১৩ দফীয়া দাবী চনদ দাঙি ধৰে। ইয়াৰে মূল দাবীসমূহ তলত উল্লেখ কৰা হ’ল।

  • কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনত সকলো পদত থলুৱা প্ৰাৰ্থীক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে।
  • অনলাইনযোগে আবেদন কৰিলেও যাতে বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে আবেদন কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে।
  • কাগজকলকে ধরি মৃতপ্ৰায় উদ্যোগসমূহ পুনৰ উজ্জীৱিত কৰাৰ লগতে নতুনকৈ উদ্যোগ প্ৰতিষ্ঠা কৰি নিবনুৱাসকলক কৰ্ম সংস্থাপন দিব লাগে।
  • কৰ্ম সংস্থাপনৰ উদ্দেশ্যে বহিঃৰাজ্যত থকা নিবনুৱা যুৱক-যুৱতীসকলক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে স্থানীয়ভাৱে পঞ্জীয়নৰ ব্যৱস্থা কৰাৰ লগতে সুৰক্ষা প্ৰদান কৰিব লাগে।
  • নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল কৰক।
  • নিবনুৱা ভাট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে।
  • অসমত মানৱ সম্পদ উন্নয়নৰ কাৰণে ৰাজ্য চৰকাৰে মানৱ সম্পদ মন্ত্ৰ্যালয় গঠন কৰিব লাগে।
  • ঠিকাভিত্তিক সকলো কৰ্মচাৰী, শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে অ-প্ৰাদেশীকৃত বিদ্যালয়, মহাবিদ্যালয় সমূহ প্ৰাদেশীকৰণৰ ব্যৱস্থা কৰিব লাগে।
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু পানীৰ সংকট: ভাৰতে পৰিশোধ কৰিব লাগিব নেকি বৃহৎ প্ৰাকৃতিক মূল্য?

কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু পানীৰ সংকট: ভাৰতে পৰিশোধ কৰিব লাগিব নেকি বৃহৎ প্ৰাকৃতিক মূল্য?

June 14, 2026 4:31 pm
অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

June 14, 2026 3:58 pm
‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু পানীৰ সংকট: ভাৰতে পৰিশোধ কৰিব লাগিব নেকি বৃহৎ প্ৰাকৃতিক মূল্য?

কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু পানীৰ সংকট: ভাৰতে পৰিশোধ কৰিব লাগিব নেকি বৃহৎ প্ৰাকৃতিক মূল্য?

June 14, 2026 4:31 pm
অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

June 14, 2026 3:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd