• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিটিচিৰ ভৌগোলিক পৰিসৰ আৰু ক্ষমতা বৃদ্ধি পালে : কোকৰাঝাৰত প্ৰধান মন্ত্ৰী মোদী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 7, 2020 2:59 pm
N Modi

নৰেন্দ্ৰ মোদী

16.1k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব (সংশোধন) আইনত গৃহীত হোৱাৰ পাছত আজি প্ৰথমবাৰৰ বাবে অসমত উপস্থিত হৈছে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

মোদীয়ে আজি বিটিএডিৰ কোকৰাঝাৰত বিশাল গণ সমাবেশত জনতাক সম্বোধি ভাষণ প্ৰদান কৰে।

উল্লেখযোগ্য যে, অসমত অব্যাহত থকা নাগৰিকত্ব (সংশোধন) আইন বিৰোধী ধাৰাবাহিক আন্দোলনৰ বাবে মোদীয়ে দুটাকৈ অসম ভ্ৰমণ বাতিল কৰিছিল।

কেন্দ্ৰ চৰকাৰে বড়ো উগ্ৰপন্থী গোট সমূহৰ সৈতে ঐতিহাসিক বড়ো চুক্তি স্বাক্ষৰ কৰাৰ পাছতে আজি কোকৰাঝাৰত অনুষ্ঠিত হোৱা বিশাল জনসভাত অংশগ্ৰহণ কৰে প্ৰধান মন্ত্ৰী গৰাকীয়ে।

জনসভাত ভাষণ প্ৰদান কৰি মোদীয়ে বড়ো চুক্তিয়ে বিটিএডিত স্থায়ী শান্তিৰ পথ প্ৰশস্ত কৰিলে বুলি উল্লেখ কৰে।

জনসভাত অংশগ্ৰহণ কৰি কোকৰাঝাৰৰ জনসভাক স্বাধীন ভাৰতৰ আটাইতকৈ বিশাল ৰাজনৈতিক সভা হ’ব বুলিও মোদীয়ে কয়।

আনহাতে, নতুন বড়ো চুক্তি অনুসৰি বিটিচিৰ ভৌগোলিক পৰিসৰ বৃদ্ধি পোৱাৰ লগতে ইয়াক অধিক ক্ষমতা প্ৰদান কৰা হৈছে বুলিও মোদীয়ে সভাত কয়।

‘‘১৯৯৩ আৰু ২০০৩ চনত দুবাৰকৈ বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছতো শান্তি ঘুৰি অহা নাছিল। কাৰণ সেই চৰকাৰে কেবল মাত্ৰ চুক্তিহে স্বাক্ষৰিত কৰিছিল ইয়াক ৰূপায়নৰ ব্যৱস্থা কৰা নাছিল। এতিয়া বড়ো ভাই-ভনী সকলে ন্যায় পালে আৰু গুলী-বাৰুদৰ দিনৰ অন্ত ঘটিল,’’ প্ৰধান মন্ত্ৰী মোদীয়ে সভাত এইদৰে কয়।

তদুপৰি, ভাষণতে মোদীয়ে বড়ো জনগোষ্ঠীৰ উন্নয়নৰ বাবে ১৫০০ কোটিৰ বিশেষ পেকেজ আগবঢ়োৱা হ’ব বুলি উল্লেখ কৰি ইয়াৰ দ্বাৰা বড়ো সকলৰ ভাষা, সংস্কৃতি তথা বিকাশ সাধন হ’ব বুলি মন্তব্য কৰে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd