• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্নীতি নিবাৰক শাখাৰ জালত কাৰ্বি আংলঙৰ প্ৰধান মুখ্য বন সংৰক্ষক অভিজিৎ ৰাভা; বাসগৃহত তালাচী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 8, 2020 9:15 am
https://assam.nenow.in/wp-content/uploads/2020/02/WhatsApp-Image-2020-02-07-at-3.59.22-PM.jpeg

অভিজিৎ ৰাভা। ফাইল ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতি নিবাৰক তথা তদাৰকী শাখা (ভিজিলেন্, এণ্ড এন্টি কৰাপশ্যন)ৰ এটা দলে শুকুৰবাৰে কাৰ্বি আংলঙৰ প্ৰধান মুখ্য বন সংৰক্ষক অভিজিৎ ৰাভাৰ গুৱাহাটী আৰু ডিফুৰ বাসভৱনত তালাচী চলায়।

দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই বৃহস্পতিবাৰে ৰাভাই অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক হৈ থকাৰ সময়ত ২০১১ৰ পৰা ২০১৭লৈকে সন্দেহজনক বিত্তীয় নগদ ধন জমা সন্দৰ্ভত প্ৰশ্ন কৰাৰ পাছত এই তালাচী চলোৱা হয়।

উক্ত সময়ছোৱাত ৰাভাৰ বেংক একাউন্টত ব্যক্তিগত ১ লাখৰ পৰা ৯১ লাখ টকা জমা হোলাৰ লগতে  ৪.১২ কোটিতকৈয়ো অধিক টকা জমা হৈছিল।

এই জমাৰ উৎস সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত ৰাভাই কৈছিল যে তেওঁ  কামৰূপ জিলাৰ পাজিবিন্ধা গাঁৱত ১৬ বিঘা মাটিত খেতি কৰা ব্ৰুকলি বিক্ৰী কৰি ৪৫লাখ টকা পাইছিল।

ৰাভাই অৱশ্যে বাকী বৃহৎ অংকৰ ধন জমা হোৱাৰ সন্দৰ্ভত কোনো বাখ্যা আগবঢ়াব নোৱাৰিলে।

তেওঁ লগতে  উক্ত খেতি কৰা মাটি ক্ৰয়ৰ বাবে এগৰাকী স্থানীয় লোকৰ সৈতে হোৱা এখন চুক্তিপত্ৰৰ নথিও দাখিল কৰিছিল।

যেতিয়া এই দাবী পৰীক্ষা কৰা হয়, দেখা গৈছিল যে এয়া মিছা আৰু তেওঁৰ নামত কোনো মাটি নাছিল।

আন সাক্ষ্যই প্ৰমান কৰিছে যে তেওঁৰ সেই মাটিত কেতিয়াও ব্ৰুকলি খেতি নাছিল।

সংবাদ মাধ্যমৰ আগত দিয়া এক বিবৃতিত দুৰ্নীতি নিবাৰক তথা তদাৰকী শাখাই কয়ঃ ‘’অভিজিৎ ৰাভাই তদন্তৰ সময়ত মিছা ভাষ্য দাঙি ধৰিছিল আৰু ব্ৰুকলি খেতিৰ পৰা ধন লাভ কৰা বুলি দিয়া বাখ্যাও মিছা।‘’

‘’তেওঁক এগৰাকী চৰকাৰী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ বাবে এনে বৃহৎ ধন একাউন্টত জমা হোৱাৰ বিষয়ে তথ্য দাঙি ধৰিবলৈ পৰ্যাপ্ত সুযোগ দিয়া হৈছিল। কিন্তু তেওঁ তদন্তত সহযোগিতা কৰা নাছিল,’’-বিবৃতিটোত কোৱা হয়।

‘’তদন্তৰ সময়ত দেখা গৈছে যে অভিজিৎ ৰাভাই ২০১১ৰ পৰা ২০১৭ লৈকে ৪.১১ কোটিতকৈয়ো অধিক টকা অবৈধভাৱে আহৰণ কৰিছিল,’’-বিবৃতিটোত লগতে কোৱা হয়।

বিবৃতিটোত উল্লেখ কৰা হৈছেঃ ‘’সংশোধিত দুৰ্নীতি নিবাৰণ আইন,১৯৮৮ৰ ১৩(১)(বি)/১৩(২) ধাৰাৰ অধীনত দোষী।‘’

‘’বৰ্তমান কাৰ্বি আংলঙৰ ডিফুত প্ৰধান মুখ্য বন সংৰক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ভাৰতীয় বন সেৱাৰ বিষয়া অভিজিৎ ৰাভাৰ বিৰুদ্ধে বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰণ আইন,১৯৮৮ৰ ১৩(১)(বি)/১৩(২) ধাৰাৰ অধীনত ০১/২০২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে,’’-বিবৃতিটোত উল্লেখ কৰা হয়।

শুকুৰবাৰে তালাচীৰ সময়ত বিষয়াসকলে সম্পত্তিৰ লগত সম্পৰ্কিত নথি পত্ৰ, বেংক একাউন্ট আৰু এল আই চি সম্পৰ্কিত নথি, ৪টা লেপটপ আৰু ফোন জব্দ কৰে।

অভিযানকাৰী দলটোৱে লগতে ৫০টা ৱাকি টকিৰ উপৰি নগদ প্ৰায় ৬ লাখ টকাও জব্দ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd