আজি সন্ধিয়া ৬.১৭ বজাত প্ৰায় ৫.০ ৰিখটাৰ স্কেলৰ এটা ভূমিকম্পই মেঘালয়, অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলক জোকাৰি যায়।
National Centre for Seismology-ই জানিবলৈ দিয়া মতে, ইয়াৰ অভিকেন্দ্ৰ আছিল ২৬.৩ অক্ষাংশ আৰু ৯০.৭ দ্ৰাঘিমাংশত আৰু প্ৰায় ১০ কিলোমিটাৰৰ গভীৰত।
অভিকেন্দ্ৰটোৰ অৱস্থান মেঘালয়ৰ তুৰাৰ পৰা প্ৰায় ১০০ কিলোমিটাৰৰ উত্তৰ-পূবত।
ভূমিকম্পটোৰ ফলত বৰ্তমানলৈকে কোনো ক্ষয়-ক্ষতিৰ খবৰ অহা নাই।
নতুন বছৰটোত এইটোৱে প্ৰথম ভূমিকম্পৰ সন্মুখীন হ’ল উত্তৰ-পূবৰ লোক।