• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত অভিলাসী ক্ৰীড়া প্ৰতিযোগিতা ‘খেল’ শিৱসাগৰ খেল’ৰ সফল সামৰণি

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
February 10, 2020 7:02 am
IMG-20200210-WA0002

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই মিছন ‘ছৌলফুল শিৱসাগৰ’ অভিযানৰ অধীনত যোৱা ৭ জানুৱাৰিত আৰম্ভ কৰা ‘খেল’ শিৱসাগৰ খেল’ শীৰ্ষক অভিলাসী ক্ৰীড়া পদক্ষেপৰ দেওবাৰে স্থানীয় পিয়লি ফুকন ষ্টেডিয়ামত সফল সামৰণি পৰে।

‘খেল’ শিৱসাগৰ খেল’-ৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্ৰ তথা গড়কাপ্তানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে নিজ বক্তব্যত জিলাখনৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নতিৰ বাবে জিলা উপায়ুক্তই গ্ৰহণ কৰা প্ৰচেষ্টা সমূহৰ ভূয়সী প্ৰশংসা কৰে।

Apply Now

’খেল’ শিৱসাগৰ খেল’য়ে জিলাখনত ক্ৰীড়াৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সুচনা কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে জিলা প্ৰশাসনৰ প্ৰচেষ্টা সমূহত অভিভাৱক, শিক্ষাগুৰু আৰু ৰাইজক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

ক্রীড়াৰ জনপ্ৰিয়তা বৃদ্ধি আৰু খেলুৱৈ সকলক উৎসাহিত কৰাৰ এই মহৎ প্ৰচেষ্টাৰ ধাৰাবাহিকতা ৰক্ষাৰ নিতান্তই প্ৰয়োজনীয়তা আছে বুলি তেওঁ দৃঢ় মত পোষণ কৰে।

খেলৰ দ্বাৰা শাৰীৰিক-মানসিক শ্ৰীবৃদ্ধি ঘটে বুলি মন্তব্য কৰি তেওঁ সৰুৰে পৰা শিশুসকলক খেলৰ প্ৰতি ধাউতি বঢ়াবলৈ আহ্বান জনায়।

মন্ত্ৰী গৰাকীয়ে জিলাখনৰ ক্রীড়া খণ্ডৰ উন্নতিৰ হকে প্ৰয়োজনীয় চৰকাৰী সহযোগিতা আগবঢ়োৱাৰো আশ্বাস প্ৰদান কৰে।

থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে ভাষণ প্ৰসংগত জিলা প্ৰশাসন আৰু উপায়ুক্তৰ প্ৰচেষ্টাৰ শলাগ লৈ কয় যে এনে প্রচেষ্টাই নিশ্চিতভাৱে খেলুৱৈসকলক আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব।

তেওঁ কয় যে খেলৰ জড়িয়তে স্বাস্থ্য ৰক্ষাৰ লগতে নিজকে প্ৰতিষ্ঠা কৰা আৰু জিলা, ৰাজ্য তথা দেশলৈ গৌৰৱ কঢ়িয়াই অনা সম্ভৱ হৈ উঠে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ সভাপতি ৰমেন দত্তই কয় যে, এছ’চিয়েশ্যনৰ ফালৰ পৰা ৰাজ্য খনত অতি কমেও ১০ খন খেলপথাৰ স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে। এই সন্দৰ্ভত অন্ততঃ ৩০ বিঘাকৈ মাটিৰ প্ৰয়োজন, যাৰ বাবে জিলাৰ ক্রীড়া বিভাগ সমুহক আগবাঢ়ি আহিবলৈ এছ’চিয়েশ্যনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।

ক্রীড়াৰ ক্ষেত্ৰত জিলাখনক স্বকীয় পৰিচয়েৰে মহীয়ান কৰি তোলাৰ প্ৰয়াস স্বৰূপে গ্ৰহণ কৰা ‘খেল’ শিৱসাগৰ খেল’ অভিযানৰ সফল সামৰণিত সন্তুষ্টি প্ৰকাশ কৰি নিজ বক্তব্যত উপায়ুক্ত গৰাকীয়ে কয় যে, জিলাখনৰ খেলুৱৈ সকলৰ প্ৰতিভা আৰু সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য কৰিলে ৰাজ্যিক, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত যে তেওঁলোকে সুনাম অৰ্জন কৰিবলৈ সক্ষম হ’ব সেয়া সহজেই অনুমেয়।

জিলাখনে অদূৰ ভৱিষ্যতে একোগৰাকী অলিম্পিয়ানৰ লাভ কৰিব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলৰ ২৪ টা শিতানত অনুষ্ঠিত এই খেল’ শিৱসাগৰ খেল’ৰ প্ৰতিযোগিতাৰ খেল সমূহত অংশগ্ৰহণকাৰীৰ বিপুল সঁহাৰি প্ৰত্যক্ষ কৰি তেওঁ অতিকে গৌৰৱান্বিত বুলি উল্লেখ কৰে।

ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ চয়নকর্তাৰ দল অহা ১৫ ফেব্ৰুৱাৰীত জিলাখনত আহি জিলাখনৰ শ্ৰেষ্ঠ খেলুৱৈ সকলৰ পৰা বাচনি কৰি প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে চূড়ান্ত কৰিব।

তেওঁ লগতে অৱগত কৰে যে, জিলাখনৰ দুগৰাকী খেলুৱৈক অসম চৰকাৰৰ ফালৰ পৰা থাইলেণ্ডত এক্সপ’জাৰ ভিজিট (exposure visit)-ৰ বাবে প্ৰেৰণ কৰা হ’ব।

জিলা উপায়ুক্তই পতাকা উত্তোলনেৰে সামৰণি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰাৰ পিছত ৰাজহ মন্ত্ৰী গৰাকীৰ সৈতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বেণ্ড প্লাটুনৰ দ্বাৰা প্ৰদৰ্শিত মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰে৷

দেওবাৰে সামৰণি অনুষ্ঠানত ১৭ বছৰ বয়সৰ অনুৰ্দ্ধৰ ল’ৰা আৰু ছোৱালীৰ ফুটবল আৰু ১০০ মিটাৰ দৌৰৰ চূড়ান্ত প্ৰতিযোগিতাও অনুষ্ঠিত হয়।

অনুষ্ঠানটিত বিভিন্ন ক্রীড়া শিতানত বিজয়ী প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰা হয়।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd