• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“সাৰ্বভৌমত্ব” চৰ্ত অবিহনে আলোচনা অসম্ভৱ : পুনৰ স্পষ্ট কৰিলে পৰেশ বৰুৱাই

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2020 4:55 pm
Paresh_Baruah-1-570x320
405
VIEWS
Share on FacebookShare on Twitter

শেহতীয়া সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই আলফা (স্বা:)ই এইটো পুনৰ স্পষ্ট কৰি দিছে যে সাৰ্বভৌমত্ব এটা চৰ্ত অবিহনে চৰকাৰৰ সৈতে আলোচনাত বহাটো সম্ভৱ নহয়।

“আমি সদায়ে কৈ আহিছো যে “সাৰ্বভৌমত্ব” আলোচনাৰ মূল বিন্দু হ’ব লাগিব। আন কথা কোৱাৰ কোনো সকাম নাই। চৰকাৰক প্ৰথমে সাৰ্বভৌমত্ব বিষয়ত আলোচনা কৰিবলৈ আৰু তাৰ পিছত কিয় সাৰ্বভৌমত্ব নাপাওঁ আমাক বুজাবলৈ চেষ্টা কৰিবলৈ দিয়ক”, আছাম ট্ৰিবিউনত বৰুৱাৰ এই উদ্ধৃতি।

বৰুৱাই সংগঠনটোৱে চৰকাৰৰ সৈতে কথা পাতি আছে বুলি ওলোৱা বাতৰিও সম্পূৰ্ণ অস্বীকাৰ কৰে।

তেওঁ কয়, চৰকাৰৰ কোনো প্ৰতিনিধিয়ে তেওঁ বা আন কোনো জ্যেষ্ঠ নেতা (আলফা স্বাধীনৰ)ৰ সৈতে যোগাযোগ কৰা নাই। লগতে আলফা স্বাধীনেও চৰকাৰৰ সৈতে যোগাযোগ কৰা নাই।

সংবাদ মাধ্যমৰ জৰিয়তে একাধিক মন্ত্ৰী, বিধায়কে আলফা (স্বা:)ক আলোচনালৈ অনাৰ কথা কৈ অহা সন্দৰ্ভত তেওঁ বৰুৱাই কয়, “আমি সংবাদ মাধ্যমত আমাক আলোচনালৈ মাতি কৰা মন্ত্ৰীসকলৰ আৱেদন-নিৱেদন দেখি আছো আৰু আমিও আমাৰ স্থিতি সংবাদ মাধ্যমৰ জৰিয়তেই স্পষ্ট কৰি আহিছো”।

আনহাতে তেওঁৰ শৈশৱৰ বন্ধু ৰেৱতী ফুকনে কেন্দ্ৰৰ হৈ তেওঁৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আছে বুলি ওলোৱা বাতৰিও অস্বীকাৰ কৰে।

ফুকন যোৱা ২০১৮ চনৰ ২২ এপ্ৰিলত অম্বিকাগিৰী নগৰৰ নিজা বাসগৃহৰ পৰা প্ৰাতঃভ্ৰমণ কৰিবলৈ ওলাই গৈ নিৰুদ্দেশ হৈছিল।

“ফুকন আমাৰ সৈতে যোগাযোগত নাই। আমি জানো যে তেওঁ নিৰুদ্দেশ হোৱাৰ সময়ত সুস্থ নাছিল। তেওঁৰ সন্ধান উলিওৱাত চৰকাৰী এজেন্সিবোৰৰ ব্যৰ্থতা দুৰ্ভাগ্যজনক”, বৰুৱাই কয়।

উল্লেখযোগ্য যে নিৰুদ্দিষ্ট ৰেৱতী ফুকন পি চি জিৰো এজন সদস্য আছিল, যি পি চি জি আলফা-কেন্দ্ৰ আলোচনাৰ মধ্যস্থতা কৰিবৰ বাবে গঠন কৰা হৈছিল। পি চি জিৰ প্ৰথমখন বৈঠক আছিল ২০০৫ চনৰ ২৬ অক্টোবৰত আৰু বৈঠকত তেতিয়াৰ প্ৰধান মন্ত্ৰী মনমোহন সিঙ উপস্থিত আছিল।

পিছত চৰকাৰৰ আন্তৰিকতাহীনতাৰ অভিযোগ আনি পি চি জি মধ্যস্থতাকাৰীৰ ভূমিকাৰ পৰা আঁতৰি আহিছিল।

Recent News

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd