আজি ফল ঘোষিত দিল্লীৰ নিৰ্বাচনত বিজেপিয়ে মুখ থেকেচা খোৱাৰ পাছতো টিঙৰ পৰা নানামিল অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
আনকি নিজে প্ৰচাৰ চলোৱা নতুন দিল্লীৰ বিজেপি প্ৰাৰ্থী সুনীল কুমাৰ যাদৱ পৰাজিত হোৱাৰ পাছতো পূৰ্বৰ তুলনাত বিজেপিৰ ফলাফল বহু ভাল হোৱা বুলি দাবী কৰে সোণোৱালে।
“দিল্লীত পূৰ্বতে তিনিখন আসন আছিল। এইবাৰ তিনিখনৰ পৰা কিমানখনলৈ আগ বঢ়ালো আপোনালোকে গম পাইছে। অৰ্থাৎ দিনক দিনে আমি আমাৰ ভেটি শক্তিশালী কৰাৰ দিশত অগ্ৰসৰ হৈছো”, হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত সংবাদ মাধ্যমৰ আগত এই মন্তব্য মুখ্য মন্ত্ৰীগৰাকীৰ।
বাতৰি লিখা সময়লৈকে ৭০খন আসনৰ মাত্ৰ পাঁচখন আসনত জয়ী হোৱা বিজেপিক দিল্লীৰ জনসাধাৰণে আন্তৰিকতাৰে গ্ৰহণ কৰিছে বুলি দাবী মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
তেওঁ কয়, “নিৰ্বাচনত আমি যিমানখিনি ভোট পাইছো সেই হিচাপে মই ভাবো দিল্লীৰ জনগণে ভাৰতীয় জনতা পাৰ্টীক পূৰ্বতকৈ বহুত বেছি আন্তৰিকতাৰে গ্ৰহণ কৰিছে।”
আনহাতে, বিত্ত, স্বাস্থ্য আৰু গড়কপ্টানী বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱৰা বিষয়টো সহজভাৱে লোৱা দেখিবলৈ পোৱা গ’ল। মন্ত্ৰীগৰাকীৰ মতে বিদ্যুৎ আৰু পানী বিনামূলীয়াকৈ যোগান ধৰাৰ বাবে কেজৰিৱাল চৰকাৰ পুনৰবাৰ জয়ী হ’ল।
“বিদ্যুৎ আৰু পানী বিনামূলীয়াকৈ দিয়া হৈছিল, তাৰ প্ৰভাৱ এটা মানুহৰ মাজত থাকে। দিল্লীত লোকসভা নিৰ্বাচনত মানুহে মোদীক ভোট দিয়ে, বিধানসভাৰ নিৰ্বাচনত কেজৰিৱালক ভোট দিয়ে। এই প্ৰৱণতা যোৱা তিনিটা নিৰ্বাচনত দেখি আহিছো। মই ভাবো ইয়াত নতুনকৈ বিশ্লেষণ কৰিবলগীয়া একো নাই”, নগাৱঁৰ পুৰণি গুডামত এক আধ্যাত্মিক অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।
মন্ত্ৰীজনৰ মতে, লোকসভা নিৰ্বাচন হোৱা হেঁতেন মোদীয়ে আটাইকেইখন আসন লাভ কৰিলে হেঁতেন।
“বিনামূলীয়া যেতিয়া হয়, তেতিয়া মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত বা দুখীয়া মানুহক আকৰ্ষিত কৰে”, তেওঁ লগতে কয়।
ইপিনে, দিল্লীৰ নিৰ্বাচনী ফলাফলে অসমত প্ৰভাৱ পেলাব নেকি? বুলি এজন সাংবাদিকে সোধাত হিমন্তই কয়, “ইয়াততো কোনো দিল্লীৰ ভোটাৰ নাথাকে।”