• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

NDFB-ৰ চাৰিওটা গোট একত্ৰিত; লক্ষ্য আগন্তুক বি টি চি নিৰ্বাচন; এবছুৰো টঙালি

অনুপ শৰ্মা by অনুপ শৰ্মা
February 12, 2020 10:15 am
NDFB Unified
1.9k
VIEWS
Share on FacebookShare on Twitter

এন ডি এফ বিৰ প্ৰধান নেতা ৰঞ্জন দৈমাৰীৰ আহ্বানত এন ডি এফ বি বিভক্ত হৈ থকা ৰঞ্জন দৈমাৰী, গোবিন্দ বসুমতাৰী,  বি ছাওৰাইগ্ৰা আৰু ধীৰেন বড়ো নেতৃত্বাধীন গোটকেইটা আজি চিৰাং জিলাৰ বিজনীত একত্ৰিত হয়।

ইয়াৰ লগতে গুৰুত্বপূৰ্ণ খবৰটো হ’ল একত্ৰিত এন ডি এফ বিয়ে আগন্তুক বি টি চি নিৰ্বাচনত তেওঁলোকৰ পচন্দৰ প্ৰাৰ্থীক  অৱতীৰ্ণ কৰাব।

যোৱা ২৭ জানুৱাৰিত তৃতীয় বড়ো চুক্তি স্বাক্ষৰকাৰী চাৰিজন এন ডি এফ বিৰ নেতাই বি টি আৰৰ প্ৰতিটো দফা কাৰ্যকৰী কৰাটো প্ৰধান উদ্দেশ্য হিচাপে লৈ একত্ৰিত হোৱা বুলি কোৱা হৈছে।

এন ডি এফ বিয়ে নিজৰ পচন্দৰ প্ৰাৰ্থীক জয়ী কৰাই আনি বিটিচি দখল কৰি বি টি আৰৰ দফাসমূহৰ কাৰ্য্যকৰী কৰাৰ লক্ষ্য লৈছে।

আনহাতে, আজিৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে বাক্সাৰ তামুলপুৰত এবছুৰ বিশেষ অভিৱৰ্তন অনুষ্ঠিত হ’ব আৰু ১৩ ফেব্ৰুৱাৰি অৰ্থাৎ কাইলৈ এবছুই চাৰিওটা গোটৰ এন ডি এফ বিৰ বড়ো চুক্তি স্বাক্ষৰকাৰী নেতাক সম্বৰ্ধনা জনাব।

লগতে তেওঁলোকৰ সৈতে আলোচনাৰ জৰিয়তে বি টি আৰৰ দফাসমূহৰ কাৰ্য্যকৰী কৰাৰ ওপৰতো আলোচনা কৰি সিদ্ধান্ত ল’ব।

এই অভিৱৰ্তনতে আগন্তুক বি টি চি নিৰ্বাচনত এবছুই কি ভূমিকা গ্ৰহণ কৰিব সেই সম্পৰ্কে বিতং আলোচনা কৰা হ’ব বুলিও এটা সূত্ৰই কয়।

বি টি চিত বিৰোধী ৰাজনৈতিক দল ইউ পি পি এলকে সমৰ্থন কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ব নে নতুন ৰাজনৈতিক দল গঠন কৰিব তাৰ ওপৰত বিতংভাৱে এই অভিৱৰ্তনত আলোচনা হোৱাৰ কথা।

আন এটা সম্ভাৱনাৰ কথা জানিবলৈ দি সূত্ৰটোৱে কয়, নিখিল বড়ো ছাত্ৰ সন্থাই বি টি আৰ চুক্তি স্বাক্ষৰকাৰী নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়ো আৰু সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীক নিৰ্বাচনত অৱতীৰ্ণ কৰোৱাৰ কথা বিবেচনা কৰিব পাৰে।

প্ৰমোদ বড়ো আৰু লৰেঞ্চ ইছলাৰী এবছুৰ পৰা অব্যাহতি লোৱাৰ পিছত  কাক দ্বায়িত্বভাৰ দিব এই সম্পৰ্কেও আলোচনা হোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে ২৭ জানুৱাৰিত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বড়ো নেতৃত্বই স্বাক্ষৰ কৰিছিল ঐতিহাসিক বড়ো চুক্তিত।

চুক্তিখনত এন ডি এফ বিৰ আটাইকেইটা গোটৰ লগতে বি পি এফৰ মুৰব্বী প্ৰধান হাগ্ৰামা মহিলাৰী আৰু এবছুৰ সভাপতি প্ৰমোদ বড়োৱেও স্বাক্ষৰ কৰে।

Recent News

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd