অন্ধ্ৰ প্ৰদেশৰ এজন লোকে নিজে ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি ভুলকৈ ভাবি গাওঁবাসীক সংক্ৰমণৰ পৰা বচাবলৈ আত্মহত্যা কৰিছে।
বিশ্বৰ নতুন আতংকবিধক লৈ গোটেই বিশ্ব শংকিত হৈ থকাৰ সময়তে বাতৰিটোৱে দেশৰ সংবাদ মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ইণ্ডিয়া টুডেই The News Minute নামৰ এটা বাতৰি প্ৰতিষ্ঠানৰ প্ৰতিবেদনৰ উল্লেখেৰে দিয়া বাতৰিটোত কোৱা হৈছে যে ৰাজ্যখনৰ চিটুৰ জিলাৰ ৫৪ বছৰীয়া লোকজনে চিকিৎসকক লগ কৰাৰ পিছতে এই সিদ্ধান্ত লয়।
তেওঁক চিকিৎসকে ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত নাই হোৱা বুলি কোৱা সত্ত্বেও তেওঁ প্ৰবোধ যোৱা নাছিল আৰু চিকিৎসকসকলকে ধৰি গাওঁবাসীকো তেওঁৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছিল।
চিকিৎসকে ব্যক্তিজনক ক’ৰ’না ভাইৰাছ তেওঁৰ গাত নাই বুলি কোৱাৰ উপৰি তেওঁক কিছুমান সংক্ৰমণৰ বাবে মুখত আৱৰণ লগাই ল’বলৈ পৰামৰ্শ দিছিল, যাতে তেওঁৰ গালৈ আন কিছুমান সংক্ৰমণ নঘটে।
চিকিৎসকৰ এই কথাটোৱেই মানুহজনক ভীতিগ্ৰস্ত কৰিলে আচহুৱা ব্যৱহাৰ কৰিবলৈ বাধ্য কৰিলে।
প্ৰতিবেদনটোত কোৱা হৈছে যে মানুহজনে গাওঁবাসীক তেওঁৰ পৰা হ’ব পৰা সংক্ৰমণৰ পৰা বচাবলৈকে ১০ ফেব্ৰুৱাৰিত আত্মহত্যা কৰে, যিটো তেনেই অমূলক আছিল।
সংবাদ মাধ্যমত মানুহজনৰ পুতেকৰ ভাষ্য হিচাপে কোৱা হৈছে যে ক’ৰ’না ভাইৰাছ লগা বুলি তেওঁৰ দেউতাকৰ বদ্ধমূল ধাৰণা হৈছিল আৰু আতংকত দিন কটাইছিল।
মানুহজনে চিঞৰি চিঞৰি কৈছিল যে তেওঁ আনসকলক সুৰক্ষিত ৰাখিবৰ বাবে নিজকে হত্যা কৰাৰ দৰকাৰ হৈছে। এই কথাটোৱে আন সকলকো অধিক আতংকিত কৰি তুলিছিল।
ভাইৰাছবিধৰ সংক্ৰমণে চীনত এতিয়ালৈকে বহু লোকৰ প্ৰাণ লৈছে আৰু বহু হাজাৰ লোক এতিয়াও আক্ৰান্ত হৈ আছে।
বিজ্ঞান-প্ৰযুক্তিত আগ বঢ়া দেশখনে এই অভাৱনীয় বিপদটোৰ পৰা উদ্ধাৰ পাবলৈ সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে।