• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দ্বিতীয় দিনাও সন্ধান নাই জাগুণৰ অপহৃতৰ; আলফা স্বাধীন জড়িত থকাৰ সন্দেহ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
February 12, 2020 7:47 pm
Jagun Story

অপহৃত বৈকুণ্ঠ সন্দিকৈ

533
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুণ আৰক্ষী চকীৰ অন্তৰ্গত অৰুণাচল সীমান্তৰ ১ নং ৱাৰা গাঁৱত কালি সংঘটিত হৈছিল এক অপহৰণ কাণ্ড।

ঘটনাৰ দ্বিতীয় দিনাও তীব্ৰ চাঞ্চল্যই বিৰাজ কৰি আছে অঞ্চলটোত৷

ঘটনাৰ বিৱৰণী অনুসৰি ডিগবৈৰ ৰাজু খান নামৰ শিল ব্যৱসায়ীজনৰ অধীনত মহৰী হিচাপে কৰ্মৰত বৈকুণ্ঠ সন্দিকৈ নামৰ যুৱকজনক ১ নং ৱাৰা গাঁৱত কাম চলি থকা ঠাইৰ পৰা ৮-১০ জনীয়া অস্ত্ৰধাৰী সন্দেহযুক্ত আলফা(স্বাঃ)ৰ দল এটাই কালি অপহৰণ কৰি নিয়ে৷

অপহৰণ কাণ্ডটোৰ লগত কোন জড়িত আছে সেই কথা এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো পক্ষই ঘোষণা কৰা নাই।

জাগুণ অঞ্চলত পূৰ্বতে সংঘটিত অপহৰণ কাণ্ডসমূহৰ প্ৰতি লক্ষ্য ৰাখি কালিৰ ঘটনাটোত আলফা স্বাধীনৰ দুৰ্ধষ কেডাৰ উদয় অসমৰ নেতৃত্বাধীন এটা দল জড়িত থকাৰ সন্দেহ কৰা হৈছে৷

পূৰ্বেও জাগুণ অঞ্চলত সংঘটিত হোৱা ৪ টাকৈ অপহৰণ কাণ্ডত আলফা স্বাধীন জড়িত থকাৰ কথা সংগঠনটোৰ তৰফৰ পৰা স্বীকাৰ কৰা হৈছিল৷

উল্লেখযোগ্য কথাটো হ’ল যে বৈকুণ্ঠ সন্দিকৈৰ অপহৰণ হোৱা অঞ্চলটোতেই যোৱা ১ ফেব্ৰুৱাৰি তাৰিখে ভাৰতীয় সেনা আৰু আলফা স্বাধীনৰ মাজত প্ৰচণ্ড গুলীয়া-গুলীৰ ঘটনা সংঘটিত হৈছিল।

উক্ত গুলীয়া-গুলীত ভাৰতীয় সেনাৰ ৪ জনকৈ জোৱান আঘাত প্ৰাপ্ত হৈছিল বুলি আলফা স্বাধীনে প্ৰেছ বাৰ্তা যোগে দাবী কৰিছে৷

বৰ্তমানে আৰক্ষী আৰু সেনাবাহিনীয়ে বৈকুণ্ঠ সন্দিকৈৰ অৱস্থানক লৈ অভিযান অব্যাহত ৰাখিছে যদিও আৰক্ষীয়ে ঘটনা সম্পৰ্কত কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই৷

আজি ৰাজু খানে লেখাপানী আৰক্ষী থানাত এই অপহৰণ কাণ্ডৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে৷

মাত্ৰ ১ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা বৈকুণ্ঠ সন্দিকৈক বিনাচৰ্তে মুক্তি দিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে৷

প্ৰায়ে জাগুন অঞ্চলৰ পৰা উগ্ৰপন্থী দলে অপহৰণ কৰাৰ লগতে কূটাঘাত সংঘটিত কৰি আহিছে যদিও এইক্ষেত্ৰত নিৰাপত্তা বাহিনীয়ে বিশেষ প্ৰতিৰোধ গঢ়ি তুলিবলৈ সক্ষম নোহোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ৷

ইপিনে উগ্ৰপন্থী বিচৰাৰ নামত কেৱল নিৰপৰাধী লোকক অত্যচাৰ কৰি অহাৰ গুৰুতৰ অভিযোগ আছে ভাৰতীয় সেনাৰ বিৰুদ্ধে৷

বৈকুণ্ঠ সন্দিকৈক উদ্ধাৰৰ ক্ষেত্ৰত আৰক্ষী-সেনাই কেনেধৰণৰ তৎপৰতা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd