• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতৰ প্ৰথমটো পঞ্চ তাৰকা হোটেলযুক্ত ৰে’লেৱ ষ্টেশ্যনৰ মৰ্যাদা লাভৰ দিশে গান্ধীনগৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 13, 2020 4:02 pm
Gandhinagar railway

নিৰ্মাণৰত গান্ধীনগৰ ৰে'লৱে পঞ্চতাৰকাযুক্ত হোটেলৰ আলোকচিত্ৰ, উৎস - ইন্টাৰনেট

638
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ প্ৰথমটো বিশ্বমানৰ ৰে’লৱে ষ্টেশ্যনৰ মৰ্যাদা লাভৰ দিশে অগ্ৰসৰ হৈছে গুজৰাটৰ গান্ধীনগৰ ৰে’লৱে ষ্টেশ্যন।

দেশৰ প্ৰথমটো ৰে’লৱে ষ্টেশ্যনৰ ট্ৰেকৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই পঞ্চতাৰকাযুক্ত হোটেল। উল্লেখ্য যে লীলা গ্ৰুপে গান্ধীনগৰ ৰে’লৱে ষ্টেশ্যনৰ ট্ৰেকৰ ওপৰত নিৰ্মাণ কৰা এই পঞ্চতাৰকাযুক্ত হোটেলখন চলিত বৰ্ষৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ হৈ উঠিব বুলি জনাইছে ৰে’লৱে ব’ৰ্ডৰ চেয়াৰমেন ভি কে যাদৱে।

চেয়াৰেমন যাদৱে লগতে জনাইছে যে গান্ধীনগৰ ৰে’লৱে ট্ৰেকৰ ওপৰত নিৰ্মিত বিশ্বমানৰ এই পঞ্চতাৰকাযুক্ত হোটেলখন দেশৰ ভিতৰতে প্ৰথম আৰু ইয়াত পঞ্চতাৰকা হোটেলৰ সকলো ধৰণৰ সা-সুবিধাই উপলব্ধ হ’ব।

তিনিটা টাৱাৰ সংলগ্ন উক্ত পঞ্চতাৰকাযুক্ত হোটেলখনত মুঠ ৩০০ টা কোঠা থাকিব। অতি উচ্চমানৰ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত হোটেলখনৰ তলৰ ৰে’লৱে ট্ৰেকেৰে ৰেইল চলি গ’লেও কোনোধৰণৰ কম্পন অনুভূত নহ’ব বুলিও জনাইছে চেয়াৰমেন যাদৱে।

তিনিটা টাৱাৰ সংলগ্ন হৈ থকা হোটেলখনৰ গ্ৰাউণ্ড ফ্ল’ৰৰ উচ্চতা হৈছে ২২ মিটাৰ। ইয়াৰ তিনিটা টাৱাৰত ক্ৰমে ৬, ৮ আৰু ১০ টা মহলা থাকিব, যিটো হ’ব গান্ধীনগৰ চহৰৰ আটাইতকৈ উচ্চ আট্টালিকা।

অত্যাধুনিকভাৱে নিৰ্মিত উক্ত পঞ্চতাৰকাযুক্ত হোটেলখনত যাত্ৰীসকলৰ বাবে শ্ব’পাৰ শ্ব’প, বিগ বজাৰ আদিৰ দৰে বহুজাতিক কোম্পানীৰ শ্ব’পিং ম’ল, ফুড ক’ৰ্ট আদিয়ো উপলব্ধ হ’ব। আৰু একেলগে ৬০০ যাত্ৰীয়ে জিৰণি ল’ব পৰাকৈ আসনৰ ব্যৱস্থাও থাকিব।

বিমানবন্দৰৰ আৰ্হিত নিৰ্মিত এই পঞ্চতাৰকাযুক্ত হোটেলখনে ভাৰতীয় ৰেইল বিভাগলৈ যথেষ্ট পৰিমাণৰ ৰাজহ আয় কৰিব বুলি ধাৰণা কৰিছে ৰেইল কৰ্তৃপক্ষই।

উল্লেখ্য যে অত্যাধুনিক বিমানবন্দৰৰ আৰ্হিত নিৰ্মিত ভাৰতীয় ৰে’লৱেৰ বিশ্বমানৰ এই অভিলাষী প্ৰকল্পটো ভাৰতীয় ৰে’লৱে ষ্টেশ্যন উন্নয়ন নিগমৰ অধীনত লীলা গ্ৰুপে নিৰ্মাণ কৰিছে আৰু গান্ধীনগৰ ৰে’লৱে আৰু নগৰ উন্নয়ন নিগম লিমিটেড আৰু গুজৰাট চৰকাৰে সহযোগ কৰিছে।

Recent News

MH17 বিমানত ক্ষেপণাস্ত্ৰ নিক্ষেপ ৰাছিয়াৰ! মানৱ অধিকাৰ আদালতৰ সিদ্ধান্তত অস্বস্তিত পুটিন

MH17 বিমানত ক্ষেপণাস্ত্ৰ নিক্ষেপ ৰাছিয়াৰ! মানৱ অধিকাৰ আদালতৰ সিদ্ধান্তত অস্বস্তিত পুটিন

আপোনাৰ শেঙুনে আপোনাৰ স্বাস্থ্যৰ বিষয়ে ক’ব পাৰে বহু কথা, জানক সবিশেষ…

আপোনাৰ শেঙুনে আপোনাৰ স্বাস্থ্যৰ বিষয়ে ক’ব পাৰে বহু কথা, জানক সবিশেষ…

বজাৰত ৫০ টকীয়া মুদ্ৰাৰ বিষয়ে জল্পনা-কল্পনা! দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰই কি ক’লে?

বজাৰত ৫০ টকীয়া মুদ্ৰাৰ বিষয়ে জল্পনা-কল্পনা! দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰই কি ক’লে?

য়েমেনত ফাঁচীৰ পৰা ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াক বচাবলৈ কেতিয়া শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে?

য়েমেনত ফাঁচীৰ পৰা ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াক বচাবলৈ কেতিয়া শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd