বিয়াৰ নিশা কইনা লৈ ঘৰলৈ উভতি অহাৰ পথত এজন দৰাই আত্মহত্যা কৰা এক শিহৰণকাৰী ঘটনা সংঘটিত উত্তৰ প্ৰদেশত।
ঘটনাৰ বিৱৰণী অনুসৰি উত্তৰ প্ৰদেশৰ আমবাৰা জিলাৰ অন্তৰ্গত কুৱানদলী গাঁৱৰ দুষ্যন্ত গিৰি নামৰ ২২ বছৰীয়া যুৱকজন যোৱা সোমবাৰে বেৰেইলী জিলাৰ কুটাকাপুৰ গাঁৱৰ আশা নামৰ যুৱতী গৰাকীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।
বিয়াৰ দিনা নিশা কইনা ঘৰৰ পৰা কইনা লৈ বৰযাত্ৰীৰে সৈতে নিজ ঘৰলৈ উভতি আহি থকাৰ পথত মুৰাদাবাদৰ পাকৱাড়া আৰক্ষী থানাৰ অন্তৰ্গত এখন ধাবাত আহাৰ গ্ৰহণৰ বাবে বৰযাত্ৰীসকলৰ লগত দৰাজনো সোমায়।
বৰযাত্ৰীসকলে ধাবাত আহাৰ গ্ৰহণ কৰি থকাৰ অৱস্থাতে হঠাতে উক্ত স্থানৰ পৰা দৰাজন অন্তৰ্ধান হয়। নিশা বৰযাত্ৰীসকলে বিচাৰ-খোচাৰ কৰাৰ পিছতো অন্তৰ্ধান হোৱা দৰাজনৰ সন্ধান উলিয়াবলৈ সক্ষম নহ’ল।
মঙলবাৰে পুৱা গাঁবাসীয়ে পুনৰ বিচাৰ-খোচাৰ কৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দুই কিলোমিটাৰ ভিতৰৰ হাবিৰ মাজৰ এজোপা গছত উলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে দুষ্যন্ত গিৰি নামৰ ২২ বছৰীয়া দৰাজনৰ মৃতদেহ।
মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে লগে গাঁওবাসী আৰু বৰযত্ৰীসকলে স্থানীয় আৰক্ষীক খবৰ দিয়ে।পাকৱাড়া আৰক্ষীয়ে ঘটনাস্থলীলৈ গৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰক্ষীৰ বাবে স্থানীয় চিকিৎসালয়ৈল প্ৰেৰণ কৰে।
দৰাজনে কিয় আত্মহত্যাৰ পথ বাচি ল’লে তাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। স্থানীয় আৰক্ষীয়ে এয়া আত্মহনন নে কোনোবাই হত্যা কৰিছে সেয়া নিৰ্ণয় কিৰবলৈ তদন্ত আৰম্ভ কৰিছে।
আৰক্ষীয়ে দৰাজনৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছে যদিও মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতহে এয়া হত্যা নে আত্মহত্যা জানিব পৰা যাব বুলি সদৰী কৰিছে।