• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বনালে দামোদৰে, টকা দিলে জিএমডিএ, এতিয়া কোনে চলাব ৰ’পৱে’?

আৰম্ভ হ’লেও মামৰে ধৰিব নেকি কোটিটকীয়া ৰ’পৱে’ৰ কেচত?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 15, 2020 2:08 pm
6b085359-301e-4fba-8b66-1561cb223c32 (1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিমধ্যে ১০০ শতাংশই সম্পূৰ্ণ হৈ উঠিল গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে নিৰ্মাণৰ কাম। ভাৰতৰ ভিতৰতে দীৰ্ঘতম অৰ্থ্যাৎ প্ৰায় ২ কি:মি দৈৰ্ঘ্যৰ এই ৰ’পৱে নিৰ্মাণৰ দায়িত্বত আছে কলিকতাৰ ‘সমীৰ দামোদৰ ৰ’পৱেজ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটো।

নিৰ্মাণৰ দায়িত্বত থকা কোম্পানীটোৰ এজন বিষয়াই জানিবলৈ দিয়া মতে যোৱা ডিচেম্বৰ মাহতেই সম্পূৰ্ণ হৈ উঠিল এই ৰ’পৱেৰ কাম। কিন্তু দুমাহ পাৰ হৈ যোৱাৰ পাছতো কিয় জনসাধাৰণৰ বাবে মুকলি নহ’ল ৰ’পৱে?

Apply Now

মুঠ ৫৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই ৰ’পৱেৰ সম্পূৰ্ণ ব্যয় বহন কৰিছে গুৱাহাটী মহানগৰ উন্নয়ন নিগম কৰ্তৃপক্ষই।

ইমান এক ব্যয়বহুল প্ৰজেক্ট এটা ৰাইজৰ বাবে কেতিয়া মুকলি কৰি দিয়া হ’ব? এই কথা জানিবলৈ আমি উপস্থিত হৈছিলো জিএমডিএ কাৰ্য্যালয়ত আৰু সাক্ষাৎ কৰিছিলো জিএমডিএৰ কাৰ্য্যবাহী অভিযন্তা মন্টু বৰাক। তেওঁৰ নেতৃত্বতে ৰ’পৱেৰ নিৰ্মাণৰ কাম পৰিচালিত হৈছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে মন্টু বৰাই নিজেই নাজানে এই ৰ’পৱে সেৱা জনসাধাৰণৰ বাবে কেতিয়া মুকলি কৰা হ’ব।

‘মই নাজানো কেতিয়া আৰম্ভ কৰা হ’ব। আমাৰ কাম আমি সম্পূৰ্ণ কৰিলো আৰু হাত ধুই চাফা কৰি দিলো। এতিয়া চৰকাৰে জানিব কেতিয়া তেওঁলোকে এই সেৱা আৰম্ভ কৰিব। নিৰ্মাণ কৰালৈকে আমাৰ দায়িত্বত আছিল। ইতিমধ্যে দায়িত্বত থকা সকলো ঠিকাদাৰক ইতিমধ্যে বিল পৰিশোধ কৰা হৈছে,‘-অভিযন্তা মন্টু বৰাই এইদৰে কয়।

তেওঁ আৰু কয়, ‘চৰকাৰে যদি আমাক চলোৱাৰ দায়িত্ব দিয়ে তেন্তে আমিয়ে এই ৰ’পৱেটো পৰিচালনা কৰিম। যদি অন্যক দিয়ে তেন্তে তেওঁলোকেই পৰিচালনা কৰিব।‘

ইপিনে, দামোদৰৰ এজন বিষয়াক নৰ্থ ইষ্ট নাওৰ সাংবাদিকে সোধাত তেওঁ জিএমডিএলৈ দোষ ঠেলি কয়, ‘আমাৰ কাম ১০০ শতাংশ সম্পূৰ্ণ হ’ল। আমাক যদি হেণ্ড অভাৰ কৰে তেন্তে আমি আৰম্ভ কৰিব পাৰিম।‘

উল্লেখযোগ্য যে, যোৱা ১৪ ডিচেম্বৰত জাপানৰ প্ৰধান মন্ত্ৰী আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী অসমলৈ অহাৰ চৰ্চা চলোতে সজাই পৰাই তুলিছিল এই ৰ’পৱে। কিয়নো জিএমডিএ কৰ্তৃপক্ষই ভাবিলে অসমলৈ অহাৰ সুযোগতে দুয়োজন প্ৰধান মন্ত্ৰীয়ে মুকলি কৰিব এই ৰ’পৱে সেৱা।

কিন্তু যোৱা ১১ ডিচেম্বৰত কা বিৰোধী আন্দোলনে ভৰপক ৰূপ লোৱাৰ পাছতে বাতিল হৈছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধান মন্ত্ৰীৰ অসম ভ্ৰমণৰ কাৰ্য্যসূচী।

ইপিনে, এই ৰ’পৱেৰ জৰিয়তে এজন মানুহ পাৰ হ’লে খৰচৰ পৰিমাণ হ’ব প্ৰায় ১৫০ টকা। যদি চৰকাৰে জনসাধাৰণক এই ভাড়াত কিছু শতাংশ ৰেহাই দিলেও অহা-যোৱাৰ বাবদ খৰচ হ’ব প্ৰায় ১০০ টকা। য’ত নেকি ফেৰী অথবা নাঁৱৰ জৰিয়তে জনসাধাৰণ ১০-২০ টকাত ইপাৰ-সিপাৰ হৈ আহিছে, তাত ১০০ টকা খৰচ কৰি জনসাধাৰণে যাত্ৰা কৰিব নে তাৰো এক প্ৰশ্নৰ সূচনা হৈছে।

সেয়েহে অন্য এক প্ৰশ্নৰো অৱতাৰণা হৈছে যে ‘আৰম্ভ হ’লেও মামৰে ধৰিব নেকি ভাৰতৰ ভিতৰতে দীৰ্ঘতম এই ৰ’পৱেৰ কেবিনত?’

উল্লেখযোগ্য যে, গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে’ নিৰ্মাণৰ বাবে ২০০৬ চনত কংগ্ৰেছ চৰকাৰৰ দিনতে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু ২০০৯ চনৰ ৪ ডিচেম্বৰত তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰিছিল। তাৰ পাছত ৰ’পৱে’ নিৰ্মাণৰ কাম চৰকাৰী অৱহেলাত কেইবাবছৰ ধৰি বন্ধ হৈ পৰি থকাৰ পিছত ২০১৭ চনৰ পৰা পুনৰ কাম আৰম্ভ হয়।

এক সূত্ৰৰ পৰা জানিব পৰা মতে দামোদৰ ৰ’পৱে’ নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰি থকা ৰ’পৱে’ৰ গম্বুজ স্থাপনৰ কাম চলি থকাৰ সময়তে নদীৰ মাজত নিৰ্মাণ কৰি থকা এটা গম্বুজ কাৰিকৰী ভুলৰ বাবে নিৰ্মীয়মান অৱস্থাত হালি পৰাত ইয়াক ঠিক কৰাৰ বাবে ওচৰৰে ‘উৰ্বশী’ নামেৰে পৰিচিত শিলাখণ্ডত ৰছী সংযোগ কৰা হৈছিল, কিন্তু প্ৰত্নতত্ব বিভাগে শিলাখণ্ডটোক ৰ’পৱে’ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰাত বাধা আৰোপ কৰে। ফলস্বৰূপে ২০১১ চনৰ ফেব্ৰুবাৰিৰ পৰা ৰজ্জুপথ নিৰ্মাণৰ কাম বন্ধ হৈ পৰে।

পিছত মহানগৰ উন্নয়ন প্ৰাধিকৰণে উৰ্বশী শিলাখণ্ডৰ পৰা নিৰ্দিষ্ট দূৰত্বত বিকল্প গম্বুজ নিৰ্মাণৰ প্ৰস্তাৱ দিয়ে।

অৱশ্যে বিভিন্ন পৰ্য্যালোচনা আৰু নিৰীক্ষণ আদিৰ পিছত ২০১৫ চনৰ এপ্ৰিলত ৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন প্ৰাধিকৰণে উৰ্বশী শিলাখণ্ডৰ ক্ষতি নকৰাকৈ ৰ’পৱে’ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ পুনৰ অনুমতি দিয়ে যদিও নিৰ্মাণকাৰী সংস্থাই তেতিয়াৰ কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰক অতিৰিক্তকৈ ২৭ কোটি টকা বিচাৰি আৱেদন কৰিছিল যদিও ৰাজ্য চৰকাৰখনে কোনো গুৰুত্ব নিদিয়াত ইয়াৰ নিৰ্মাণৰ কাম বন্ধ হৈ পৰে।

অৱশ্যে পিছত বিজেপি মিত্ৰজোঁট চৰকাৰখনে নিৰ্মাণৰ বাকী কামৰ বাবে প্ৰয়োজন হোৱা অতিৰিক্ত ধনৰ অনুমোদন দিয়াত ২০১৭ চনৰ পৰা ৰজ্জুপথ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ হয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd