• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জুবিন-সৰ্বাৰ আলিংগনক লৈ ব্যাপক চৰ্চা চ’ছিয়েল মিডিয়াত; জুবিনক সমালোচনা একাংশৰ

'পলিটিক্স নকিৰবা বন্ধু' খ্যাত জুবিনৰ আচৰণত একাংশই গোন্ধ পাইছে পলিটিক্সৰ

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
February 19, 2020 5:35 pm
Zubin & Sarbananda Sonswal

আলিংগনাৱদ্ধ জুবিন আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ফ'টো উৎস- চ'ছিয়েল মিডিয়া

21.6k
VIEWS
Share on FacebookShare on Twitter

নৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আলিংগনক লৈ তুমুল চৰ্চা চলিছে চ’ছিয়েল মিডিয়াত।

কা বিৰোধী আন্দোলনৰ নেতৃত্ব দিয়া জুবিন গাৰ্গে কালি গুৱাহাটীত অনুষ্ঠিত টাইমছ গ্ৰুপৰ ফিল্মফেয়াৰ অনুষ্ঠানত উপস্থিত থকাকলৈও শিল্লী গৰাকীক চ’ছিয়েল মিডিয়াত কৰ্কথনা কৰিছে একাংশই।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক(২০১৯)খন ৰাজ্যসভাত গৃহীত হোৱাৰ দিনাৰ পৰাই জুবিন গাৰ্গে অসমত আছু আৰু শিল্পী সমাজৰ সৈতে লগ লাগি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী অনুষ্ঠানত অংশগ্ৰহণ কৰি আহিছে।

বিধেয়কখন আইন(CAA)লৈ ৰূপান্তৰ হোৱাৰ পিছত অসমৰ লগতে সমগ্ৰ দেশতে প্ৰবল প্ৰতিবাদৰ ঢৌ উঠে। জুবিন গাৰ্গে আছু আৰু অসমৰ শিল্পী সমাজৰ সৈতে লগ লাগি এই কা বিৰোধী প্ৰতিবাদক অসমৰ বিভিন্ন স্থানলৈ প্ৰসাৰিত কৰাৰ বাবে চেষ্টা কৰাৰ লগতে তেওঁৰ অনুৰাগীসকলক এই আন্দোলনৰ প্ৰতি উদ্বুদ্ধ কৰি তুলিছিল। সেয়ে আৰ এছ এছৰ অনুগামীসকলে জুবিন গাৰ্গক কঠোৰভাৱে সমালেচনা কৰাতে ক্ষান্ত নাথাকি ব্যক্তিগতভাৱে তুচ্ছ-তাচ্ছিল্য কৰাও পৰিলক্ষিত হৈছিল।

আন্দোলনকালীন অৱস্থাত জুবিন গাৰ্গে মুকলিকৈ বিজেপি বিৰোধী অৱ্স্থান লোৱাৰ কথা ঘোষণা কৰাৰ লগতে চৰকাৰক খুৰধাৰ সমালোচনা কৰা দেখা গৈছিল।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ৰাজ্যৰ চৰকাৰৰ বহুতো মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে ৰাজহুৱা মন্তব্য কৰাৰ লগতে কটু মন্তব্যও কৰা দেখা গৈছিল জুবিনক। আনকি আছু প্ৰদত্ত  সৰ্বানন্দ সোণোৱালৰ ‘জাতীয় নায়ক’ উপাধিটো ওভতাই লোৱাৰ সপক্ষেও চৰ্চা হৈছিল।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বহুসময়ত জুবিন গাৰ্গে মুকলিকৈ তাচ্ছিল্য কৰাও পৰিলক্ষিত হৈছিল।

ইফালে কা বিৰোধী আন্দোলনক অধিক সংৱদ্ধ কৰাৰ লগতে অসমৰ শিল্পীসকলক একত্ৰিত কৰি ৰাখিবলৈ জুবিন গাৰ্গে অসমৰ শিল্পী সমাজ গঠন কৰে। মানস ৰবীন সম্পাদক হোৱাৰ বিপৰীতে জুবিন গাৰ্গে শিল্পী সমাজৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে।

শিল্পী সমাজে কা বিৰোধী স্থিতি গ্ৰহণ কৰাৰ লগতে কা বিৰুদ্ধে মুকলি স্থিতি প্ৰকাশ নকৰা শিল্পীসকলকো বৰ্জন কৰাৰ কথা ঘোষণা কৰে।

শিল্পী সমাজে গুৱাহাটী ফিল্মফেয়াৰ অনুষ্ঠান বৰ্জন কৰাৰ কথাও ঘোষণা কৰে। এনেস্থলত শিল্পী সমাজৰ সভাপতি হিচাপে জুবিন গাৰ্গেও ফিল্মেফয়াৰ অনুষ্ঠান বৰ্জন কৰিব বুলি অনুৰাগী আৰু অসমৰ ৰাইজে আশা কৰিছিল। সেয়ে ফিল্মফেয়াৰ অনুষ্ঠানত উপস্থিত থকাত একাংশই জুবিনক সমালোচনা কৰা দেখা গৈছে।

জুবিন গাৰ্গ কালি ফ্লিমফেয়াৰ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আলিংগনাৱদ্ধ ফ’টো মিডিয়াযোগে প্ৰচাৰ হোৱাৰ লগে লগে সেয়ে চ’ছিয়েল মিডিয়াত তুমুল হৈ চৈৰ সৃষ্টি হৈছে। ইফালে শিল্পী সমাজৰ সম্পাদক মানস ৰবীনে বৰঝাৰত প্ৰতিবাদ কৰিবলৈ গৈ আৰক্ষীৰ দ্বাৰা আটক হ’বলগীয়া হয়।

জুবিনে ফিল্মফেয়াৰ উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আলিংগাৱদ্ধ হোৱাত একাংশই শিল্পীগৰাকীক কটু ভাষাৰে সমালোচনা কৰাৰ বিপৰীতে মানস ৰবীনক ‘নায়ক’ৰূপে আখ্যা দিয়া পৰিলক্ষিত হৈছে।

চ’ছিয়েল মিডিয়াত বহুতে জুবিনক সুবিধাবাদী বুলিও আখ্যা দিছে।’পলিটিক্স নকিৰবা বন্ধু’ খ্যাত জুবিনৰ আচৰণত একাংশই গোন্ধ পাইছে পলিটিক্সৰ।অৱশ্যে একাংশই জুবিনক সমৰ্থন কৰাও দেখা গৈছে।

এই সংক্ৰান্তত জুবিনে নেতৃত্ব দিয়া অসমৰ শিল্পী সমাজৰ স্থিতি কি সেয়া জানিব পৰা হোৱা নাই। এই সম্পকৰ্ত সমাজৰ স্থিতি পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Recent News

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

কেৱল সন্ত্ৰাসবাদতে নহয়, প্ৰদূষণৰ ক্ষেত্ৰতো প্ৰথম পাকিস্তান!

কেৱল সন্ত্ৰাসবাদতে নহয়, প্ৰদূষণৰ ক্ষেত্ৰতো প্ৰথম পাকিস্তান!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd