• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফিল্মফেয়াৰলৈ অনিমন্ত্ৰিত শিল্পী ৰাজকুমাৰ ঠাকুৰীয়া! কিয় ক্ষোভ উজাৰিলে ৰাকু দাই?

হিন্দী অভিনেতা-অভিনেত্ৰী আছে, কিন্তু মোৰ দৰে অলৰাউণ্ডাৰ নহয় : ৰাকু দা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 18, 2020 1:50 pm
Raku Da Final
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বয়স বেছি হ’লেও নিজৰ মনৰ সাহস নেহেৰুওৱা শিল্পী ৰাজকুমাৰ ঠাকুৰীয়াই টাইমছ অৱ ইণ্ডিয়া গ্ৰুপৰ তৰফৰ পৰা ফিল্মফেয়াৰলৈ নিমন্ত্ৰণ নোপোৱাত ক্ষোভিত হৈ পৰিছে।

অসমীয়া, হিন্দী ইংৰাজী আৰু শেহতীয়াকৈ বাঙালী গীতৰে জনসাধাৰণক মনোৰঞ্জন যোগোৱা শিল্পীগৰাকীয়ে নিজৰ ৰচনা, পৰিচালনা আৰু কৰিঅ’গ্ৰাফ আৰু অভিনয়ৰে ইতিমধ্যে বহুকেইখন ছবি নিৰ্মাণ কৰিছে।

ইতিমধ্যে ‘নাম তুমহাৰা কিয়া নাজান’ মে’ ডিব্ৰুগড় মে আয়া লৰকিয়া দেখা, এক লড়কি ক’ মেনে দেখাকে ধৰি তেওঁৰ বহুকেইটা গীতৰে জনসাধাৰণৰ মাজত বহুল চৰ্চিত হৈছে।

তাৰ পাছতো ফিল্মফেয়াৰ এৱাৰ্ড ২০২০ লৈ নিমন্ত্ৰণ নোপোৱাত ক্ষুভিত হৈ পৰিছে শিল্পী ৰাজকুমাৰ ঠাকুৰীয়া।

‘মই বলিউডৰ অভিনেতা-অভিনেত্ৰীসকলক সন্মান কৰো। কিন্তু মই নিজে হিন্দী গীত ৰচনা কৰি টিউন কৰি গাইছো। হিন্দী চিনেমা বনাই দেখাইছো। ইংৰাজী গীত লিখি নিজে টিউন কৰি গাইছো।‘ ফেইচবুক পোষ্টটোৰ আৰম্ভণিতে এইদৰে লিখে ৰাজকুমাৰ ঠাকুৰীয়াই।

ইতিমধ্যে তেওঁৰ হিন্দী আৰু ইংৰাজী গীত ভাৰত আৰু বিশ্বৰ জনতাই শুনি আনন্দ লাভ কৰা বুলি দাবী কৰি তেওঁ আৰু কয় ‘কিন্তু অসমত বলিউডৰ কাম কৰা মানুহৰ নাম নলয়। মই বলিউডত নপৰো নেকি? মই অসমত থাকি বলিউডৰ কাম কৰি আছো। অসমীয়া প্ৰৱাসী মানুহে মোৰ গীত বাহিৰত শুনি গুণ গুণাই আছে, কিন্তু কেইজনমান অসমত থকা ভদ্ৰ লোকে মোক চিনিয়েই নাপায়।

‘এটা কথা কৈ কৈ থ’লো বহু হিন্দী অভিনেতা অভিনেত্ৰী আছে কিন্তু মোৰ দৰে অলৰাউণ্ডাৰ নহয়। মই অল ৰাউণ্ডাৰ কিন্তু মুম্বাইৰ শিল্পীসকল ধনবান। মই চাকৰি কৰি খাই কিছু খৰচ কৰি শিল্পীৰ শাৰীলৈ গৈছো। অসমত কেইজন শিল্পীয়ে ফিল্মত নাম কমাব পাৰিছে? কোনেও পৰা নাই। কেৱল ডাউন ডাউন ডাউন।‘ ঠাকুৰীয়াই লগতে এইদৰে লিখিছে।

ইপিনে, ‘অসমীয়া অভিনেতা-অভিনেত্ৰীসকল থিয়েটাৰলৈ কিয় ঢাপলি মেলিছে বুলি প্ৰশ্ন কৰি ঠাকুৰীয়াই লগতে কয়, ‘অসমখন ধুনীয়া, কিন্তু এই ধুনীয়া অসমত ধুনীয়া ঠাইবোৰত ফিল্ম কেমেৰা মাৰিবলৈ সুবিধা নাপায়। ক’বলৈ গ’লে সুবিধা নিদিয়ে। সেইবাৰে নদীৰ বালিচৰত কিছুমানে ফিল্ম বনোৱা দেখা যায়। গতিকে অসমীয়া ফিল্মৰ নাম হ’লেহে অসমীয়া শিল্পীক চিনি পাব।

ঠাকুৰীয়াই লগতে ‘মুম্বাইৰ শিল্পীয়ে আনক সাহায্য দিয়ে, কিন্তু অসমীয়া শিল্পীক পেন্সন দিবলগীয়া হয় কিয়? বুলি প্ৰশ্ন কৰি কয়, ‘মোক অস্কাৰ নালাগে কিন্তু হলিউড-বলিউডক তক্কৰ দিছো। সৰুকৈ হ’লেও তক্কৰ দি থাকিম।‘

তেওঁৰ এই ফেইচবুক পোষ্টৰ পাছতে তেওঁৰ এগৰাকী অনুৰাগীয়ে লিখিছে ‘অসম মুলুকত গুণীৰ আদৰ নাই! আপুনি ঠিকেই কৈছে দাদা। আমি দূৰৈৰ ৰং চিনি পাওঁ কিন্তু ঘৰৰ হীৰা এটুকুৰাক অনাদৰ কৰিছোঁ। এয়া অন্যায়। আমি আপোনাৰ ৰাকু সেনানীয়ে সজোৰে দাবী উত্থাপন কৰিম আপোনাক পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় স্তৰত কেৱল নহয় আন্তঃৰাষ্ট্ৰীয় স্তৰত সন্মানিত কৰিবলৈ। আমি আপোনাৰ লগত সদায় আছোঁ। ৰাকু দা জিন্দাবাদ।‘

আন এগৰাকীয়ে আকৌ লিখিছে, ‘এইখিনি কথা এদিন অসমৰ ইতিহাসত সোনালী আখৰেৰে লিখা হ’ব ৷ বৰ দুখ পাইছো আপোনাক বলীউদ আৰু হলীউদে যে এতিয়াও চিনি পোৱা নাই।‘

‘বাদ দিয়ক হে দাদা। এদিন সিহতে পস্তাব। আৰু পস্তাই মেলি যেতিয়া আপোনাৰ ওচৰলৈ আহিব তেতিয়া আপুনি সিহতক পাত্তাই নিদিব। সিহঁতে অনুৰোধ কৰিব। আপুনি পাত্তা নিদিব। কান্দিব। আপুনি পাত্তা নিদিব। মোদীৰ হতুৱাই ফোন কৰিব। আপুনি পাত্তা নিদিব। নিদিব মানে একদম নিদিব। যিদিনা সমগ্ৰ বলিউডে আহি মিৰ্জাৰ ৰাস্তাত বহি কান্দিব সেইদিনা গোটেই পৃথিৱীখনেই গম পাব আপুনি কি। এতিয়া সময় মাথোঁ অপেক্ষাৰ,‘-আন এজন অনুৰাগীয়ে এইদৰে লিখিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আহি আছে নৰেন্দ্ৰ মোদী : অসম আৰু মণিপুৰ ভ্ৰমণ কৰিব নৰেন্দ্ৰ মোদীয়ে

আহি আছে নৰেন্দ্ৰ মোদী : অসম আৰু মণিপুৰ ভ্ৰমণ কৰিব নৰেন্দ্ৰ মোদীয়ে

September 12, 2025 7:00 pm
দিল্লীৰ পিছত এইবাৰ বোমাতংক বম্বে উচ্চ ন্যায়ালয়ত : একেদিনাই বন্ধ হৈ পৰিল দেশৰ দুখনকৈ আদালতৰ কাম

দিল্লীৰ পিছত এইবাৰ বোমাতংক বম্বে উচ্চ ন্যায়ালয়ত : একেদিনাই বন্ধ হৈ পৰিল দেশৰ দুখনকৈ আদালতৰ কাম

September 12, 2025 6:05 pm
অসমৰ ছয় জনগোষ্ঠীক চৰম প্ৰবঞ্চনা কৰিছে বিজেপি চৰকাৰে : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমৰ্থন চিপিআই(এম)ৰ

অসমৰ ছয় জনগোষ্ঠীক চৰম প্ৰবঞ্চনা কৰিছে বিজেপি চৰকাৰে : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমৰ্থন চিপিআই(এম)ৰ

September 12, 2025 5:18 pm
পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সহায়ত দিল্লী উচ্চ ন্যায়ালয়ত বোমা বিস্ফোৰণৰ ভাবুকি : আতংক, খালী আদালতৰ চৌহদ

পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সহায়ত দিল্লী উচ্চ ন্যায়ালয়ত বোমা বিস্ফোৰণৰ ভাবুকি : আতংক, খালী আদালতৰ চৌহদ

September 12, 2025 4:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আহি আছে নৰেন্দ্ৰ মোদী : অসম আৰু মণিপুৰ ভ্ৰমণ কৰিব নৰেন্দ্ৰ মোদীয়ে

আহি আছে নৰেন্দ্ৰ মোদী : অসম আৰু মণিপুৰ ভ্ৰমণ কৰিব নৰেন্দ্ৰ মোদীয়ে

September 12, 2025 7:00 pm
দিল্লীৰ পিছত এইবাৰ বোমাতংক বম্বে উচ্চ ন্যায়ালয়ত : একেদিনাই বন্ধ হৈ পৰিল দেশৰ দুখনকৈ আদালতৰ কাম

দিল্লীৰ পিছত এইবাৰ বোমাতংক বম্বে উচ্চ ন্যায়ালয়ত : একেদিনাই বন্ধ হৈ পৰিল দেশৰ দুখনকৈ আদালতৰ কাম

September 12, 2025 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd