• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকৌ এবাৰ শিৰত জাতীয় নায়কৰ মুকুট পিন্ধিব নেকি সোণোৱালে?

সোণোৱালৰ হাতত পুনৰবাৰ জাতীয় নায়কৰ মুকুট পিন্ধাৰ সুবৰ্ণ সুযোগ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 20, 2020 8:49 pm
Sonowal Final
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ বিতৰ্কিত আইএমডিটি আইন বাতিল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈ ২০০৫ চনতে আছুৰ পৰা জাতীয় নায়কৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক (পাছলৈ আইন)ৰ পক্ষত থিয় দি সোণোৱাল জাতীয় নায়কৰ পৰা জাতীয় খলনায়কলৈ ৰূপান্তৰিত হৈছিল।

Apply Now

বিভিন্ন জাতীয় দল-সংগঠনে লগতে তেওঁক ‘জাতীয় খলনায়ক’, ‘জাতিদ্ৰোহী’ ‘অসমৰ দ্বিতীয় বদন’ আখ্যা দিছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে এইবাৰ পুনৰ হেৰুওৱা জাতীয় নায়কৰ উপাধি ঘূৰাই পোৱাৰ উপক্ৰম হ’ব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল!

কিয়নো অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ সন্দৰ্ভত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ে কাৰ্য্যকৰী কৰিলে অসমৰ খিলঞ্জীয়া অসমীয়াই নিজৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হ’ব।

তেতিয়া নিশ্চয়কৈ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰলৈ সেই কৃতিত্ব যাব, কিয়নো পূৰ্বে দীৰ্ঘ সময়ৰ বাবে শাসনত থাকিও ৬ নং দফাৰ কাৰ্য্যকৰী ৰূপ দিব পৰা নাছিল কংগ্ৰেছ কিম্বা অসম গণ পৰিষদে।

নাম প্ৰকাশত অনিচ্ছুক এক নিৰ্ভৰযোগ্য সুত্ৰই দাবী কৰা মতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জ্ঞাতসাৰেই উচ্চস্তৰীয় সমিতিয়ে পৰামৰ্শাৱলীসমূহ প্ৰস্তুত কৰিছে। সোণোৱালে খিলঞ্জীয়া অসমীয়াৰ পৰিচয় আৰু অস্তিত্বৰ প্ৰশ্নৰ এক স্থায়ী সমাধান আনিবলৈ ইচ্ছুক বুলি সুত্ৰটোৱে দাবী কৰে। যিটোৱে আছুকে ধৰি অসমৰ জাতীয়তাবাদী সংগঠনসমূহক পুনৰ বিজেপিৰ প্ৰতি আস্থাশীল হ’বলৈ বাধ্য কৰাব।

জানিব পৰা মতে, অসম চুক্তিৰ ৬ নং দফা সমিতিয়ে অসমৰ ইনাৰ লাইন পাৰ্মিট (আই এল পি)প্ৰৱৰ্তন কৰাৰ লগতে ৰাজ্যখনত ‘খিলঞ্জীয়া’ লোকৰ সংজ্ঞা নিৰ্দ্ধাৰণৰ বাবে ভিত্তিবৰ্ষ ১৯৫১চন কৰাৰ পৰামৰ্শ আগবঢ়াইছে।

বৰ্তমানলৈকে অসমত খিলঞ্জীয়া লোকৰ পৰিচয়ৰ বাবে ভিত্তিবৰ্ষ সন্দৰ্ভত মতৰ ভিন্নতা দেখা গৈছিল যদিও প্ৰতিবেদনৰ প্ৰতিটো পৰামৰ্শাৱলী কাৰ্য্যকৰী কৰিলে সেই প্ৰশ্নৰ সমাধান সুত্ৰ পোৱা যাব।

আন এক সুত্ৰই দাবী কৰা মতে, সমিতিৰ সদস্যসকলে  লগতে পৰামৰ্শ দিয়ে যে ইনাৰ লাইন পাৰ্মিট অসমত প্ৰৱৰ্তন কৰিব লাগে যাতে বাহিৰৰ পৰা হোৱা অনুপ্ৰৱেশ নিয়ন্ত্ৰণ কৰিব পৰা যায়।

জানিব পৰা মতে, ৰাজ্যৰ বিধান সভাৰ আসনৰ ক্ষেত্ৰত খিলঞ্জীয়া লোকৰ বাবে ৬৭ শতাংশ আৰু অনুসূচীত জনজাতিৰ বাবে ১৬ শতাংশ সংৰক্ষণৰ পৰামৰ্শ দিয়া হৈছে।

ইয়াৰোপৰি চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সমিতিয়ে ৮০ শতাংশ স্থানীয় লোকৰ বাবে সংৰক্ষণৰ পৰামৰ্শ দিছে।

অসমৰ খিলঞ্জীয়া অসমীয়া লোকসকলে এনেধৰণৰ সুবিধা বা অধিকাৰ লাভ কৰিলে বা প্ৰতিবেদন কাৰ্য্যকৰী কৰিলে নিশ্চয়কৈ অসমৰ খিলঞ্জীয়া জনগণে এই চৰকাৰকে কৃতিত্ব দিবলৈ সাজু।

উচ্চস্তৰীয় সমিতিয়ে দিয়া প্ৰতিবেদন সম্পূৰ্ণৰূপে কাৰ্য্যকৰী কৰোৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ক বাধ্য কৰোৱাৰ ক্ষেত্ৰত সোণোৱালে যদি গুৰুত্ব প্ৰদান কৰে তেন্তে সোণোৱালৰ হাতত পুনৰবাৰ জাতীয় নায়কৰ মুকুট পিন্ধাৰ সুবৰ্ণ সুযোগ আহিব বুলি সচেতন মহলত চৰ্চিত হৈছে।

সেয়েহে ক’ব পাৰি যে ‘পুনৰবাৰ শিৰত জাতীয় নায়কৰ মুকুট পিন্ধিব নেকি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am
মুকলি হ’ব হৰমুজ, দেওবাৰেই ইৰানৰ সৈতে আমেৰিকাৰ শান্তি চুক্তি, ডাঙৰ ঘোষণা ট্ৰাম্পৰ

মুকলি হ’ব হৰমুজ, দেওবাৰেই ইৰানৰ সৈতে আমেৰিকাৰ শান্তি চুক্তি, ডাঙৰ ঘোষণা ট্ৰাম্পৰ

June 14, 2026 10:25 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 14, 2026 10:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd