• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিছপুৰত নৱ কুমাৰ শৰণীয়াৰ সংবাদমেল; দুৰ্নীতিৰ প্ৰসংগৰে হাগ্ৰামা, প্ৰমোদ বড়োক কঠোৰ সমালোচনা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
February 24, 2020 7:12 pm
Naba Kumar Sarania

নৱ কুমাৰ শৰণীয়াৰৰ সংবাদমেল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিচি নিৰ্বাচনৰ পূৰ্বে আজি দিছপুৰ প্ৰেছ ক্লাৱত এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই।

সংবাদমেলত শৰণীয়াই বিটিচি নিৰ্বাচনৰ পূৰ্বে ৰঞ্জন দৈমাৰী মুকলি আকাশৰ তললৈ ওলাই আহিব বুলি ধাৰণা কৰা হৈছে বুলি উল্লেখ কৰে।

Apply Now

আনহাতে, এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিটিচি নিৰ্বাচনৰ পূৰ্বে নৱ কুমাৰ শৰণীয়াই এটা নতুন ৰাজনৈতিক দল গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে দলটোৰ প্ৰয়োজনীয় পঞ্জীয়নৰ কাম-কাজ হৈ যাব বুলি আশা প্ৰকাশ কৰে।

শৰণীয়াই তেওঁৰ নেতৃত্বত বিটিআৰত গঠন হ’বলগীয়া নতুন ৰাজনৈতিক দলটোৱে বিটিচিৰ ৪০ টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি ঘোষণা কৰি বিএলটিৰ দিনৰ বিটিএডি এলেকাৰ মাৰণাস্ত্ৰসমূহ বাজেয়াপ্ত কৰাৰ বাবে চৰকাৰলৈ আহ্বান জনায়।

তদুপৰি, নিৰ্বাচনৰ পূৰ্বে নৱ কুমাৰ শৰণীয়াৰ নতুন ৰাজনৈতিক দলটোৱে কাৰো লগত মিত্ৰতা নকৰে বুলি শৰণীয়াই উল্লেখ কৰিলেও মিত্ৰতাৰ বাবে সকলোৰে বাবে দুৱাৰ খোলা আছে বুলিও কয়।

নিখিল বড়ো ছাত্ৰ সন্থাৰ সদ্য বিদায়ী সভাপতি প্ৰমোদ বড়োৱে য়ু জি ব্ৰহ্ম নেতৃত্বাধীন য়ু পি পি এলত যোগদান কৰিলেও বড়োৰ এই যোগদানে ব্ৰহ্মক কনোধৰণে সহায় নকৰে বুলিও সংবাদমেলত শৰণীয়াই মত প্ৰকাশ কৰে।

আগন্তুক বিটিচি নিৰ্বাচনত বিজেপি, বিপিএফৰ সৈতে ৩টা সমষ্টিত পূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰে সাংসদ গৰাকীয়ে।

বিটিচি নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোত সৃষ্টি হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত মত ব্যক্ত কৰি শৰণীয়াই বিচিটি নিৰ্বাচন শান্তিপুৰ্ণভাৱে অনুষ্ঠিত হোৱাৰ কামনা কৰে।

‘‘ওদালগুৰিত BPF কৰ্মী খাইৰুল ইছলামক গুলীয়াই হত্যা কৰা হ’ল। বিটিচিৰ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে এই হত্যাকাণ্ডত আমাৰ দল জড়িত হৈ আছে বুলি দাবী কৰিছে৷ আমাৰ দাবী, তেওঁৰ হাতত যদি তথ্য আছে ৰাজহুৱা কৰক৷ আমি চিবিআই তদন্ত বিচাৰিছো৷ বিটিআৰ চুক্তিৰ এমাহ নৌহতেই এনে হত্যাকাণ্ড চিন্তনীয়৷ আমি আগতেই কৈছিলো যে বিটিচি নিৰ্বাচন ৰক্তক্ষয়ী হ’ব,’’ সংবাদমেলত শৰণীয়াৰ মন্তব্য।

ইপিনে, হাগ্ৰামাই যি পোন্ধৰজনীয়া প্ৰাৰ্থী দিছে, তেওঁলোকৰ এজনো নিৰ্বাচনত জিকিব নোৱাৰে বুলিও নৱ কুমাৰ শৰণীয়া লগতে কয়।

BTCৰ পৰা গাঁৱ কৰ্তনৰ বাবে আয়োগৰ সন্মুখত আমাৰ দলে যুক্তি দিব ৷ আমাৰ চৰকাৰ হ’লে, প্ৰথমখন কেবিনেটতে আমি গাঁৱ কৰ্তনৰ প্ৰস্তাৱ লম ৷

‘‘বিটিচিবাসী ৰাইজে আমাক যিমান বিশ্বাস কৰে সেই কথা বিপিএফে নাজানে৷ বিটিচিবাসীয়ে পৰিৱৰ্তন বিচাৰিছে৷ বিটিআৰ চুক্তি কৰাৰ আগত ৰাইজৰ লগত আলোচনা কৰা হোৱা নাছিল৷ আবছুৰ বিদায়ী সভাপতি প্ৰমোদ বড়ো এতিয়া বাল্মীকি হ’ব বিচাৰিছে৷ এইবাৰ নহয়, ২০২৫ত হে প্ৰমোদ বড়োৱে বিটিচি চীফ হ’ব পাৰিব,’’ সাংসদ গৰাকীয়ে লগতে কয়।

আলোচনাপন্থী আলফা নেতা সন্দৰ্ভতো মত প্ৰকাশ কৰি নৱ কুমাৰ শৰণীয়াই  একাংশ আলোচনাপন্থী আলফা নেতা হাগ্ৰামা মহিলাৰীৰ বহতীয়া বুলি উল্লেখ কৰে।

‘‘একাংশ আলোচনাপন্থী আলফা নেতা হাগ্ৰামাৰ বহতীয়া। উঠ বুলি ক’লে উঠিব, বহ বুলি ক’লে বহিব, সি অনুপ চেতীয়া, মিথিংগা দৈমাৰী বা প্ৰাণজিৎ চহৰীয়াই হওক৷ মিথিংগাই অবড়ো সুৰক্ষা কমিটিৰ হৈ কাম কৰিলে দলীয় আলোচনা পন্থী আলফা সদস্যক কোবাই খেদিব বুলি ভাবুকি দিছে,’’ নৱ কুমাৰ শৰণীয়াৰ গুৰুত্বপূৰ্ণ অভিযোগ।

প্ৰতিবেশী ভূটানৰ লগত সম্পৰ্ক উন্নীত কৰি সীমান্তত ব্যৱসায়িক, সাংস্কৃতিক কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে সাংসদ গৰাকীয়ে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বছৰত যাতে এক কোটি মানুহে বিটিচি পৰিভ্ৰমণ কৰে তাৰ বাবে আঁচনি গ্ৰহণ কৰাৰ লগতে নিৱনুৱা সমস্যা সমাধানৰ বাবেও কাম কৰা হ’ব বুলি শৰণীয়াই কয়।

হাগ্ৰামা মহিলাৰীক কোনোবাই বছাব গ’লে সিয়ো একেডাল ৰছীতে ফাঁচ লৈ মৰিব লাগিব বুলি হাগ্ৰামাক কটাক্ষ কৰি শৰণীয়াই এইবাৰ কোনোৱে হাগ্ৰামাক বছাব নাযায় বুলি মত প্ৰকাশ কৰে।

‘‘মই যদি এছ পি হ’লেহেতেন, দুঘণ্টাৰ ভিতৰত বিটিচিৰ দুৰ্নীতিৰ হিচাপ উলিয়াই দিলো হেতেন। বিটিচিৰ দুৰ্নীতিৰ তদন্তৰ ভাৰ চিবিআইক অৰ্পন কৰক,’’ শৰণীয়াৰ সংবাদ মেলত দাবী।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd