• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘নোলাব শচীনৰ দৰে দ্বিতীয়জন ক্ৰিকেটাৰ’, ইয়াৰ চাৰিটা কাৰণ ব্যাখ্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2020 10:42 am
sachin-
4.3k
VIEWS
Share on FacebookShare on Twitter

এদিনীয়া ক্ৰিকেটৰ প্ৰথমটো দ্বিশতক অৰ্জনৰ অভিলেখ গঢ়ি থোৱা মহান বেটছমেন তথা ‘ক্ৰিকেটৰ ভগৱান’ হিচাপে আখ্যা পোৱা শচীন টেণ্ডুলকাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইনজামাম উল হকে।

শচীনে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে গোৱালিয়ৰত ২০১০ চনৰ ২৪ ফেব্ৰুৱাৰিত এই অভিলেখটো গঢ়িছিল। দহবছৰ পূৰ্বে গঢ়া এই অভিলেখৰ কথা সুঁৱৰি ইনজামামে কিয় শচীনৰ দৰে দ্বিতীয়জন ক্ৰিকেটাৰ জন্ম নহয় তাৰ চাৰিটা কাৰণ ব্যাখ্যা কৰে।

নিজা য়ু টিউব চেনেলত ইনজামামে প্ৰথমটো কাৰণ দাঙি ধৰি কয়, ’১৬-১৭ বছৰ বয়সতে ভয়াবহ বেগী বলাৰ সকলৰ বিৰুদ্ধে সাহসিকতাৰে বেটিং কৰিছিল। এইটো অসাধাৰণ ক্ৰিকেটাৰৰ দ্বাৰাহে সম্ভৱ। অসাধাৰণৰ ওপৰতো যদি কিবা বস্তু আছে তেন্তে সেয়া শচীন’।

শচীনক কিয় ক্ৰিকেটৰ ভগৱান হিচাপে কোৱা হয় তাৰ দ্বিতীয়টো কাৰণ সন্দৰ্ভত হকে কয়, ‘ৰান সংগ্ৰহৰ ক্ষমতা আৰু কোনেও ভাবি নোপোৱা অভিলেখ গঢ়ি থৈছে। সেই সময়ছোৱাত কোনো খেলুৱৈৰে বৃহৎ সংখ্যক ৰান নাছিল। মহান খেলুৱৈসকলৰ কেৰিয়াৰ ৮-৮.৫ হাজাৰ ৰানতে সামৰণি পৰিছিল’।

‘সেই সময়ছোৱাত কেৱল সুনীল গাভাস্কাৰৰহে ১০ হাজাৰৰ ওপৰত ৰান আছিল। আৰু সেই ৰেকৰ্ড কোনেও ভংগ কৰিব নোৱাৰিব বুলি ভাবিছিল। কিন্তু শচীনে সকলো ৰেকৰ্ড ভংগ কৰি দিছে। এতিয়া শচীনৰ ৰেকৰ্ড কোনে ভংগ কৰে তাৰ বাবে মই অপেক্ষাৰত’। ইনজামামৰ মন্তব্য।

মানসিক শক্তি শচীনৰ তৃতীয়টো ডাঙৰ গুণ আছিল বুলি উল্লেখ কৰি ইনজামামে কয়, ‘মানসিকভাৱে অত্যন্ত শক্তিশালী। এনেদৰে কোৱাৰ কাৰণ হৈছে, শচীনে যেতিয়াই বেট ধৰিব আহে তেওঁৰ ওপৰত সাংঘাটিকভাৱে মানসিক চাপ থাকিবই। কিয়নো তেওঁৰ অসংখ্য অনুৰাগীয়ে প্ৰত্যেকটো ইনিংছতে ৰান কৰাটো বিচাৰে’।

বিশ্বই শচীনৰ দৰে দ্বিতীয়জন ক্ৰিকেটাৰ লাভ নকৰাৰ চতুৰ্থটো কাৰণ তেওঁৰ বলিং বুলি মন্তব্য কৰে পাকিস্তানৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে।

‘তেওঁ লেগ স্পিন, অফ স্পিন, মিডিয়াম পেচত বলিং কৰিব পাৰিছিল। বহু লেগ স্পিনাৰক খেলিছো কিন্তু মই খেলিবলৈ টান পোৱা বলাৰগৰাকী আছিল শচীন। তেওঁ মোক বহুবাৰ আউট কৰিছে’, এইদৰে শচীনৰ বলিঙক প্ৰশংসা কৰে ইনজামামে।

উক্ত অনুষ্ঠানটোতে পাকিস্তানৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন ইনজামাম উল হকে শচীনে অৱসৰ ল’ব নালাগিছিল বুলিও মন্তব্য কৰে।

Recent News

ঘৰৰ সন্মুখত খেলি থকা শিশুক টানি নিলে নাহৰফুটুকীয়েঃ ৩ দিনৰ মূৰত হাবিত উদ্ধাৰ বিচ্ছিন্ন মৃতদেহ

ঘৰৰ সন্মুখত খেলি থকা শিশুক টানি নিলে নাহৰফুটুকীয়েঃ ৩ দিনৰ মূৰত হাবিত উদ্ধাৰ বিচ্ছিন্ন মৃতদেহ

মণিপুৰৰ বিএছএফ জোৱানক মৰণোত্তৰভাবে বীৰ চিলাৰায় বঁটা প্ৰদান অসম চৰকাৰৰ

মণিপুৰৰ বিএছএফ জোৱানক মৰণোত্তৰভাবে বীৰ চিলাৰায় বঁটা প্ৰদান অসম চৰকাৰৰ

ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হ’ল গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো প্ৰতিমূৰ্তি

ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হ’ল গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো প্ৰতিমূৰ্তি

গৃহ নিৰ্মাণত সংখ্যালঘুৰ বাবে ১৫ শতাংশ সংৰক্ষণ! কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ সিদ্ধান্তক লৈ তুমুল বিতৰ্ক

গৃহ নিৰ্মাণত সংখ্যালঘুৰ বাবে ১৫ শতাংশ সংৰক্ষণ! কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ সিদ্ধান্তক লৈ তুমুল বিতৰ্ক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd