জেভেনাস্থিত বিশ্ব স্বাস্থ্য সংস্থা (WHO)এ ক’ৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ বিশ্বাবাসীক ১০ টা বিধান আগবঢ়াইছে।
“আপোনাৰ জীৱনৰ দায়িত্ব আপোনাৰ হাতত। WHO এ আপোনালৈ কিছুমান সাধাৰণ বিধান আ্গবঢ়াইছো, আপুনি নিজৰ স্থানীয় চিকিৎসকৰ লগত পৰামৰ্শ কৰি এই বিধানবোৰ মানি চলি নিজক ৰক্ষা কৰক।” WHO ৰ ডাইৰেক্টৰ জেনেৰেল টেড্ৰ’ছ এধানম ঘেব্ৰেয়াছুছে এইদৰে কয়।
WHO ৰ বিধান কেইটা হ’ল –
- দহটা বিধানৰ প্ৰথমটো হ’ল হাত নিয়মিতভাৱে পৰিষ্কাৰ কৰি ৰাখক। হাত ধুওঁতে চাবোন ব্যৱহাৰ কৰক। এই ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ মুখত স্পৰ্শ কৰাৰ পিছত আপোনাৰ শৰীৰলৈও ই সংক্ৰমণ হ’ব পাৰে! সেয়ে লগে লগে চাবোনেৰে ধুই হাত পৰিষ্কাৰ কৰিব।
- দ্বিতীয়তে পাকঘৰ, পাকঘৰ গেছ টেবুলৰ লগতে অন্যান্য বস্তুটোবোৰো পৰিষ্কাৰকৈ ৰাখক।
- ক’ৰ’না ভাইৰাছ সম্পৰ্কত সতৰ্ক হওক। স্থানীয় বা ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ উৎসৰ পৰা এই সম্পৰ্কে জানিবলৈ চেষ্টা কৰক। WHO ৰ অফিচিয়েল ৱেবচাইটো এই বিষয়ে জানিব পাৰিব। শুকান কাঁহ, জ্বৰ, পানী লগা আদিৰ পৰাই এই ৰোগ আৰম্ভ হ’ব পাৰে। এইবোৰ হোৱাৰ লগে লগে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক।
- জ্বৰ আৰু কাঁহ হৈ থকা অৱস্থাত ভ্ৰমণ নকৰিব। যদি বিমান যাত্ৰাৰ সময়ত এইবোৰত ভোগে তৎকালে চিকিৎসকৰ পৰামৰ্শ লওক।
- হাঁচি ব কাঁহ মৰাৰ সময়ত হাতেৰে মুখমণ্ডল ঢাকি ধৰক।
- হৃদৰোগ, ডাইবেটিছ, স্বাসজনিত সমস্যাত ভুগি থকা ষাঠিৰ্দ্ধোৰ ব্যক্তিসকল অধিক সতৰ্ক হোৱা প্ৰয়োজন। তেওঁলোকে পৰাপক্ষত গণ সমাগম এৰাই চলক।
- যদি কোনো ব্যক্তিয়ে শৰীৰৰ জড়তা অনুভৱ কৰে তেনেলোকে ঘৰৰ পৰা নোলাব। ঘৰৰ পৰাই স্থানীয় চিকিৎসকৰ সৈতে যোগাযোগ কৰক। আৰু যিগৰাকী ব্যক্তিয়ে তেনে লোকৰ লগত সংস্পৰ্শত থাকে তেওঁ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব যাতে আক্ৰান্ত নহয়।
- কোনো অসুখত ভুগিলে ঘৰতে থাকক। লগে লগে ক’লৈও ওলাই নাযাব। পৰিয়ালৰ লোকৰ পৰা পৃথকে খোৱা-শোৱা কৰক। খোৱাৰ বাচন-বৰ্তনো পৃথকে ব্যৱহাৰ কৰি পৃথকে ৰাখক।
- উশাহ সঘন হ’লে বা স্বাস প্ৰশ্বাসত সমস্যা পালে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক।
- এজন ব্যক্তিয়ে এই ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত সমাজৰ আন লোকৰ লগতে সমগ্ৰ দেশৰ জনগণেও এই ভাইৰাছত আক্ৰান্ত হ’ব পাৰে। সেয়ে এই ভাইৰাছত আক্ৰান্ত ব্যক্তিজনক লগে লগে চিহ্নিত কৰি সমাজৰ আঁতৰাই চিকিৎসাৰ ব্যৱস্থা কৰক। কৰ্মক্ষেত্ৰ, স্কুল-কলেজত এই ভাইৰাছৰ পৰা কেনেকৈ নিজকে ৰক্ষা কৰিব পাৰি তাৰ বিষয়ে সজাগতা বঢ়াওক।