• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যসভাত বৰ্তমান আসন বৃদ্ধি পালেও চিন্তামুক্ত নহয় বিজেপি; কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 2, 2020 8:48 pm
161531-modi-sha

প্ৰধান মন্ত্ৰী মোদীৰ সৈতে অমিত শ্বাহ। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত মাহৰ শেহৰ পিনে ৰাজ্যসভাৰ মুঠ ৫৫ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। দেখা গৈছে যে এই নিৰ্বাচনৰ পাছত বিজেপি ৰাজ্যসভাত প্ৰায় সংখ্যা গৰিষ্ঠ হোৱাৰ দিশে আগবাঢ়িব।

কিন্তু, তথাপি চিন্তা মুক্ত নহয় বিজেপি। ইয়াৰ বাবে ৰাজ্যসভাৰ খালী আসনত বিজেপিৰ অংকৰ সমীকৰণ এবাৰ বিশ্লেষণ কৰি চালেই বুজিব পৰা যাব।

Apply Now

২০২২ৰ জুলাই মাহৰ ভিতৰত ৰাজ্যসভাত আশীখনতকৈয়ো অধিক আসন খালী হ’ব। ইয়াৰ ভিতৰত মধ্য প্ৰদেশ, ছত্তীশগড়, ৰাজস্থান, ঝাৰখণ্ডৰ দৰে ৰাজ্য বিজেপিৰ পৰা ওলাই গৈছে।

মহাৰাষ্ট্ৰতো বিজেপি এতিয়া বিৰোধীৰ আসনত। স্বাভাৱিকতে এই ৰাজ্যসমূহত বিজেপিৰ আসন কমিব।

আনহাতে, ২০২২ৰ পূৰ্বে অসম, বিহাৰ, তামিলনাডু, কেৰালা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড,পশ্চিমবংগ আৰু পঞ্জাৱৰ দৰে ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।

বিজেপিৰ চিন্তা হৈছে ৰাজ্যসমূহৰ নিৰ্বাচনত পৰাজয় ৰোধ কৰিব নোৱাৰিলে ৰাজ্যসভাত তাৰ ফল ভোগ কৰিব লাগিব।

ইপিনে, মোদী চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিধেয়কসমূহ গৃহীত কৰাৰ উপযুক্ত সময় হৈছে পৰৱৰ্তী দুই বছৰ।

দলটোৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমান গৃহ মন্ত্ৰী অমিত শ্বাহে সম্পূৰ্ণ শক্তিৰে অৱতীৰ্ণ হোৱাৰ পাছতো দিল্লীত বিজেপিয়ে মুখ থেকেচা খোৱাৰ পাছত দলটোৰ শংকা বৃদ্ধি পাইছে।

বৰ্তমান সময়ত কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ বিকল্প নাই যদিও ৰাজ্যসমূহত বিজেপিৰ স্থিতি সবল কৰি তুলিব নোৱাৰিলে ৰাজ্যসভাত বিৰোধীৰ শক্তি আৰু বৃদ্ধি পাব।

পশ্চিমবংগকে ধৰি ১৭খন ৰাজ্যৰ ৫৫খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে আৰু চলিত বছৰৰ শেহৰফালে আৰু কেইখনমান আসনৰ বাবে ভোট হ’ব।

ৰাজ্যসভাত ২৪৫ খন আসনৰ ভিতৰত সংখ্যাগৰিষ্ঠতাৰ বাবে লাগে ১২৩ খন আসন। চলিত বছৰৰ নিৰ্বাচনত এই সংখ্যা প্ৰায় বিজেপি স্পৰ্শই কৰিব। তদুপৰি, বিজেডি, টি আৰ এছ,এআইএছআৰৰ দৰে মিত্ৰ দলবোৰৰ সমৰ্থন আছেই।

পিচে, অহা বছৰ জম্মু-কাশ্মীৰ, কেৰালা আৰু পুডুচেৰীৰ ৮খন আসন আৰু ২০২২ত ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তীশগড়, মহাৰাষ্ট্ৰ, অসম, পঞ্জাৱ, উৰিষ্যাৰ দৰে কেইবাখনো ৰাজ্যৰ মুঠ ৭৫খন আসনৰ বাবে নিৰ্বাচন হ’ব।

উল্লেখযোগ্য যে উক্ত ৰাজ্যসমূহৰ ভিতৰত অসমক বাদ দি বাকী আটাইকেইটা ৰাজ্যই বিৰোধীৰ হাতত।

দলটোৱে ৰাজ্যসমূহত থকা বৰ্তমানৰ স্থিতি অনুযায়ী ৰাজ্যসমূহত বিজেপিৰ বহু কেইখন আসন হ্ৰাস পাব।

আনহাতে, চলিত বছৰৰ শেহৰ পিনে বিহাৰ, অহা পশ্চিমবংগ, অসম, কেৰালা, পুডুচেৰীৰ পাছত ২০২২ত উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ আৰু গোৱাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।

এই ৰাজ্যসমূহৰ নিৰ্বাচনী ফলাফলৰ ওপৰত ৰাজ্যসভাৰ স্থিতি বহুখিনি নিৰ্ভৰ কৰিব। ক’বলৈ গ’লে ২০২২ৰ পাছতেই বিজেপিৰ ৰাজ্যসভাত স্থিতি স্পষ্ট হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd