SCERT-ৰ ১০৫ কোটি টকীয়া কেলেংকাৰিৰ গোচৰত ১৪৩৩ পৃষ্ঠাৰ চাৰ্জ শ্বীট দাখিল

কেলেংকাৰীত জড়িত নিলম্বিত আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মা।

অসমত সংঘটিত ১০৫ কোটি টকাৰ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ (SCERT) কেলেংকাৰিৰ সন্দৰ্ভত শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে (Special Vigilance Cell) বিশেষ আদালতৰ সন্মুখত এক বিস্তৃত অভিযোগনামা দাখিল কৰে।

১৪৩৩ পৃষ্ঠাৰ এই অভিযোগনামাত কেলেংকাৰীৰ সৈতে জড়িত ২১ জন ব্যক্তিৰ কাৰ্যকলাপৰ বিষয়ে বৰ্ণনা কৰা হৈছে।

অভিযোগনামাত নিলম্বিত আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাৰ লগতে আন ছয়জন চৰকাৰী বিষয়াৰ নাম অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে।

লগতে পঢ়ক: ৰে’লৱেৰ ঠিকা কেলেংকাৰিৰ সৈতে জড়িত চাৰিজনক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ চিবিআইৰ

এই কেলেংকাৰিত জড়িত থকাৰ অভিযোগত সাংবাদিক আৰু আৰ টি আই কৰ্মীৰ সৈতে পাঁচজন ঠিকাদাৰৰ নামো উল্লেখ কৰা হৈছে।

ইপিনে, আদালতে ছয়জন চৰকাৰী কৰ্মচাৰীয়ে গ্ৰহণ কৰা ভূমিকা সম্পৰ্কে বিভাগীয় তদন্তৰ অনুমতি প্ৰদান কৰে।

এই গোচৰটো যি সময়ত অসমৰ অন্যতম চৰ্চিত গোচৰ হিচাপে পৰিগণিত হৈছে, এই গোচৰৰ সৈতে জড়িত দুজন সাংবাদিক গ্ৰেপ্তাৰ হোৱাৰ পিছত এই গোচৰটোৱে অধিক চৰ্চা লাভ কৰে।

এই গোচৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ ভিজিলেন্স চেলে মে’ মাহত গুৱাহাটীৰ সাংবাদিক দুগৰাকীকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ কৰিছিল।

লগতে পঢ়ক: ৰিয়ান পৰাগৰ চমক! ১১টা ছয় আৰু ৫টা চাৰিৰে দুৰ্দান্ত শতক; ১৩১ ৰানৰ ইনিংছেৰে যোগ্য প্ৰত্যুত্তৰ সমালোচকক!

সাংবাদিক দুগৰাকীৰ নাম পূজামণি দাস ওৰফে হানি কাশ্যপ আৰু ভাস্কৰ জ্যোতি হাজৰিকা। ধৃত আৰ টি আই কৰ্মী কেইজন হৈছে অনুপ শইকীয়া আৰু ৰবিজিৎ গগৈ।

ৰাজস্থানৰ পৰা মুখ্যমন্ত্ৰীৰ ভিজিলেন্স চেলে গ্ৰেপ্তাৰ কৰিছিল নিলম্বিত আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাক। তেওঁক জোঁৱাই অজিত পাল সিঙৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল।

ইয়াৰ পূৰ্বে ‘কেলেংকাৰী’ৰ সৈতে জড়িত শেৱালী দেৱীক মুখ্যমন্ত্ৰীৰ বিশেষ ভিজিলেন্স চেলে সোধা-পোছা কৰিছিল।

জোঁৱায়েকৰ সৈতে মিলি নিলম্বিত আই এ এছ বিষয়াগৰাকীয়ে কোনো ৱৰ্ক অৰ্ডাৰ অবিহনে ১০৫ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়ক: একেলগে লটাৰী কাটি কোটিপতি হ’ল কেৰালাৰ ১১ গৰাকী মহিলা; ২৫০ টকাত পালে ১০ কোটি!

২০১৭ চনৰ পৰা ২০২০ চনৰ ভিতৰত অসমৰ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ কাৰ্যবাহী অধ্যক্ষ আৰু সঞ্চালিকা হিচাপে তেওঁৰ কাৰ্যকালত সংঘটিত হৈছিল এই কেলেংকাৰী।

উল্লেখযোগ্য যে অসম চৰকাৰৰ সন্মতি অবিহনে তেওঁ পাঁচটামান বেংক একাউণ্টো খুলিছিল।