NORTHEAST NOW (Assamese)

পৈশাচিক! বুকুত ব্লেডেৰে নিজৰ নাম লিখি ধৰ্ষণৰ চেষ্টা ১৬ বছৰীয়া কিশোৰীক

March 7, 2023 10:07 am ·
Minor Rape. (File Photo: IANS)

উত্তৰ প্ৰদেশৰ এজন যুৱকে এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত যুৱকজনক।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, শনিবাৰে বিনয় ঠাকুৰ নামৰ যুৱকজনে ভুক্তভোগী কিশৰীগৰাকীক কানপুৰৰ এখন হুকা বাৰলৈ মাতিছিল। যুৱকজনে ড্ৰাগছযুক্ত দ্ৰব্য খুৱাই অচেতন কৰিবলৈ চেষ্টা কৰিছিল যুৱতীগৰাকীক। কেৱল সেয়াই নহয়, বিনয়ৰ ৭ জন বন্ধুৱে কিশোৰী গৰাকীক দলবদ্ধ ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল বুলিও অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে ঘটনাস্থলীৰ পৰা পলায়ন কৰি নিজকে ৰক্ষা কৰিছিল কিশোৰীগৰাকীয়ে। ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পিতৃয়ে যুৱকজনৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে। অভিযোগৰ ভিত্তিত বিনয়ক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

তদন্তৰ ভিত্তিত আৰক্ষীয়ে জানিব পাৰএ যে অভিযুক্ত যুৱকজন আৰু কিশোৰীগৰাকী ইজনে সিজনৰ চিনাকি। দুয়োজনেই কানপুৰৰ। ইনষ্টাগ্ৰামৰ জৰিয়তেই চিনাপৰিচয় হৈছিল তেওঁলোকৰ মাজত।

কিশোৰীগৰাকীৰ পিতৃয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰি কয় যে যুৱকজনে ইয়াৰ পূৰ্বেও কেইবাবাৰো তেওঁৰ কন্যাক নিৰ্যাতন চলাবলৈ চেষ্টা কৰিছিল। আনকি কিশোৰীগৰাকীক আন ঠাইত বিয়া হোৱাত বাধা দিবলৈ বিনয়ে কিশোৰীগৰাকীৰ বুকুত ব্লেডেৰে কাটি নিজৰ নাম লিখি দিয়ে বুলিও অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীৰ পিতৃয়ে।

আৰক্ষীয়ে সকলো অভিযোগৰ তদন্ত অব্যাহত ৰাখিছে। কিশোৰীগৰাকীক প্ৰাথমিক চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। মানসিকভাৱেও ভাঙি পৰা কিশোৰীগৰাকীক কাউন্সেলিঙৰ ব্যৱস্থা কৰা হৈছে।

Related News