• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰ্মান্তিক! হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ : খবৰ শুনি পত্নীয়ে জাঁপ দিলে সাত মহল আট্টালিকাৰ পৰা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
February 28, 2024 10:49 am
1.4k
VIEWS
Share on FacebookShare on Twitter

কেইদিনমানৰ আগতে বিবাহপাশত আৱদ্ধ হৈছিল এই প্ৰেমিক যুগল। বিয়াৰ পিছত সেইদিনা দুয়ো একেলগে চিৰিয়াখানালৈ গৈছিল। সেইদিনা গোটেই দিনটো ভ্ৰমণ কৰাৰ পৰিকল্পনা আছিল প্ৰেমিক যুগলৰ।

কিন্তু ঘনিষ্ঠ আত্মীয়ই সপোনতো ভবা নাছিল যে নতুন দম্পতীহালৰ এনেকুৱা কিবা এটা হ’ব। ২৪ ঘন্টাৰ ভিতৰতে মৃত্যু হ’ল দম্পতীহালৰ। 

বিয়াৰ মাত্ৰ তিনিমাহহে হৈছিল। এয়া উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ ঘটনা। মাত্ৰ ২৫ বছৰীয়া অভিষেক আলুৱালিয়াৰ হাৰ্ট এটেকত মৃত্যু হয়। আৰু পত্নী অঞ্জলিয়ে সেই খবৰটো শুনি সহ্য কৰিব নোৱাৰিলে। পোনে পোনে সপ্তম মহলাৰ বেলকনিলৈ দৌৰি তাৰ পৰা জপিয়াই দিলে। চিকিৎসালয়লৈ নিয়াৰ সময়ত অঞ্জলিক মৃত ঘোষণা কৰা হয়।

যোৱা বছৰৰ ৩০ নৱেম্বৰত বিবাহপাশত আবদ্ধ হৈছিল অভিষেক আৰু অঞ্জলি। যোৱা সোমবাৰে তেওঁলোক দিল্লী চিৰিয়াখানালৈ ভ্ৰমণলৈ গৈছিল। হঠাতে অভিষেকৰ বুকুত বিষ এটা অনুভৱ হ’ল। কি কৰিব বুজিব নোৱাৰি অঞ্জলিয়ে বন্ধু কেইজনমানক ফোন কৰিলে। অভিষেকক প্ৰথমে দিল্লীৰ গুৰু টেগ বাহাদুৰ চিকিৎসালয়লৈ লৈ যোৱা হয়.. তাৰ পৰা তেওঁক ছফদাৰজং হাস্পতাললৈ লৈ যোৱা হয়।

কিছু ঘণ্টাৰ পিছত চিকিৎসকে অভিষেকক মৃত ঘোষণা কৰে। নিশা ৯ মান বজাত অভিষেকৰ মৃতদেহ গাজিয়াবাদৰ বৈশালীৰ দম্পতীহালৰ এপাৰ্টমেণ্টত উপস্থিত হয়। তেনেতে সেই বহুমহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই দিলে অঞ্জলীয়ে। শীঘ্ৰে তেওঁক বৈশালীৰ মেক্স হাস্পতাললৈ লৈ যোৱা হয় যদিও মঙলবাৰে পুৱা চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।

তেওঁলোকৰ এজন আত্মীয়ই কয় যে অভিষেকৰ মৃতদেহ ঘৰ পোৱাৰ পিছত অঞ্জলিয়ে বহুত কান্দিছিল। তাৰ পিছত তেওঁক বেলকনিৰ ফালে দৌৰি যায়। আত্মীয়-স্বজন তাই পিছে পিছে দৌৰিছিল যদিও অঞ্জলিক ৰখাব নোৱাৰিলে। 

অৱশ্যে ২৫ বছৰ বয়সত অভিষেকৰ হাৰ্ট এটেক কেনেকৈ হ’ল সেয়া চিকিৎসকে বুজি পোৱা নাই। তেওঁলোকে কয়, সকলো প্ৰচেষ্টা সত্ত্বেও যুৱকজনক বচাব পৰা নাছিল। যোৱা এবছৰ বা দুবছৰত বাৰে বাৰে এনে ঘটনা সংঘটিত হৈছে, য’ত ৩০ বছৰ বা তাতকৈ কম বয়সৰ যুৱক-যুৱতী হৃদৰোগত আক্ৰান্ত হৈছে। চিকিৎসকসকলেও এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd