NORTHEAST NOW (Assamese)

পুনৰ বিদেশী নাগৰিকৰ আগত লজ্জানত দেশ : পুত্ৰসম যুৱকৰ কামৰ বলি হ’ল ৫১ বছৰীয়া কাজাখাস্তানৰ মহিলা

July 17, 2024 9:51 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

আকৌ ভাৰতলৈ আহি কামনাৰ বলি হ’ল বিদেশী নাগৰিক। গুৰগাওঁৰ এখন চিকিৎসালয়ত এগৰাকী চিকিৎসালয়ৰ কৰ্মচাৰীয়ে ধৰ্ষণ কৰিলে এগৰাকি মহিলাক। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক।

খবৰ অনুসৰি দেওবাৰে পুৱা গুৰগাঁৱৰ আৰ্টেমিছ হাস্পতালত সংঘটিত হয় এই ঘটনা।

মঙলবাৰে আৰক্ষীয়ে জনোৱা মতে, ৯ জুলাইত কাজাখস্তানৰ পৰা অহা এগৰাকী ৫১ বছৰীয়া মহিলাক চিকিৎসালয়খনত ভৰ্তি কৰা হৈছিল। শনিবাৰে তেওঁৰ আৰ্থ্ৰস্কপি অস্ত্ৰোপচাৰ কৰা হয়। ঘটনাৰ দিনা ৰাতিপুৱা তেওঁক টোপনিৰ বড়ি দিয়া হৈছিল।

অভিযোগ অনুসৰি মহিলাগৰাকীৰ টোপনিৰ সুযোগ লৈ ধৰ্ষণ কৰিলে ঠাকুৰ সিং নামৰ এজন শ্ৰমিকে। ধৰ্ষণ চলাই থকাৰ সময়তে হাতে-লোতে ধৰা পেলাই মহিলাগৰাকীৰ কন্যাই। কিন্তু কন্যাই হূলস্থূল লগোৱা দেখি অভিযুক্তই তাৰ পৰা পলায়ন কৰে।

ইয়াৰ পিছত অভিযুক্তৰ কন্যাই থানাত এজাহাৰ দাখিল কৰে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।

তালাচীৰ অন্তত দেওবাৰে গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত যুৱকজনক। কেইবাটাও ধাৰাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি সোমবাৰে আদালতত হাজিৰ কৰা হয়। আদালতে অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

Related News