• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অইল টেংকাৰ বিস্ফোৰণত মৃত্যু নীৰিহ শ্ৰমিকৰ : আইনৰ উলংঘনেৰে চলি আহিছে Explotech India ৰ কাৰখানা

উত্তম কুমাৰ শৰ্মা, বোকাখাত by উত্তম কুমাৰ শৰ্মা, বোকাখাত
July 17, 2024 8:51 pm
941
VIEWS
Share on FacebookShare on Twitter

মালিকৰ কাণ্ডজ্ঞানহীনতা, চুড়ান্ত হেমাহি তথা শ্ৰমিক আৰু কাৰখানা আইনক ভেঙুচালি কৰাৰ বাবেই বোকাখাতত কৰুণ ভাৱে প্ৰাণ হেৰুৱাব লগা হ’ল এজন দুৰ্ভগীয়া শ্ৰমিকে। নিঠৰুৱা হ’ল এটা খাটি খোৱা দৰিদ্ৰ পৰিয়াল।

ঘটনা ১৫ জুলাই বিয়লিৰ। বোকাখাতৰ গড়মূৰস্থিত Explotech India নামৰ‌ গাড়ীৰ টেংকী বনোৱা প্ৰতিষ্ঠানটোত কৰ্মৰত অৱস্থাতেই টেংকীৰ প্ৰচণ্ড বিস্ফোৰণ ঘটি ঘটনাস্থলীতেই প্ৰাণ হেৰুৱাব লগা হ’ল লখৌজান ঘগৰা পথাৰ গন্ধীয়া চুকৰ ললিত গন্ধীয়া নামৰ এজন শ্ৰমিকে।

AS 01 QC 6741 নম্বৰৰ এখন অইল টেংকাৰৰ ওৱেলডিং কৰি থকা অৱস্থাতেই সংঘটিত হয় উক্ত অঘটন ৷

অভিযোগ উত্থাপিত হৈছে নতুন টেংকাৰ বুলি ললিত গন্ধিয়াক ৱেলডিং কৰিবলৈ দিয়া হৈছিল কিছু পৰিমাণে পেট্ৰল জমা থকা AS 01 QC 6741 নম্বৰৰ পুৰণি অইল টেংকাৰখন।

উক্ত বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে যাৰ প্ৰচণ্ড শব্দ তিনি কিলোমিটাৰ দুৰত্ব পৰ্যন্ত শুনিবলৈ পোৱাৰ লগতে বহু দূৰপৰ্যন্ত চিটিকি পৰিছিল কাৰখানাটোৰ চালিৰ টিন। মুহূৰ্ততে ছিন্ন-ভিন্ন হৈ পৰিছিল ললিত গন্ধিয়াৰ দেহটো।

দুটি এমা-ডিমা সন্তানৰ লগতে পত্নী তথা ৰুগীয়া বৃদ্ধা মাতৃসহ দৰিদ্ৰ পৰিয়ালটোৰ ভৰণ-পোষণ কৰা তথা পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী লোকজনৰ অকাল মৃত্যুত একপ্ৰকাৰ দিশহাৰা হৈ পৰিছে এতিয়া দুৰ্ভগীয়া পৰিয়ালটো।

অভিযোগ উত্থাপিত হৈছে যে গাড়ীৰ টেংকি নিৰ্মাণ কৰা উক্ত প্ৰতিষ্ঠানটোত শ্ৰমিকৰ নিৰাপত্তাৰ সামান্যতমো ব্যৱস্থা নথকাৰ বাবেই সংঘটিত হৈছিল উক্ত ঘটনাটো।

কেৱল নিজৰ মুনাফাৰ বাবেই দীৰ্ঘদিনৰ পৰা কাৰখানা আইনৰ উলংঘন, শ্ৰমিকৰ নিৰাপত্তা, জীৱন বীমা আদিৰ ব্যৱস্থা নকৰাকৈয়ে চলি আছে এন কে হাজৰিকা নামৰ ব্যক্তিজনৰ মালিকীস্বত্বত থকা এই Explotech India নামৰ প্ৰতিষ্ঠানটো।

সাংবাদিকৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য মতে সমগ্ৰ ঘটনাটোক এক সাধাৰণ দুৰ্ঘটনাৰ ৰূপ দি গাপ দিবলৈ চেষ্টা কৰা হৈছে আইন সমন্ধীয় সকলো বিষয়। আনকি কোনো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা আৰু যাৱতীয় নথিপত্ৰাদি নোহোৱাকৈ প্ৰতিষ্ঠানটোত নিৰ্মাণ কৰি থকা হৈছে গেছ সৰবৰাহকাৰী টেংকিও।

জানিব পৰা মতে প্ৰতিষ্ঠানটোৰ আনুষ্ঠানিক প্ৰশিক্ষণহীন মূখ্য কাৰিকৰ কালি মোহন বসুমতাৰীও বৰ্তমান পলাতক। আনকি প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰ এন কে হাজৰিকায়ো জিলাখনৰ বাহিৰত থকাৰ অজুহাতত অৱস্থান কৰিছে এক নিৰাপদ দূৰত্বত। ঘটনাৰ পিছতেই বৰ্তমানে তলা ওলোমাই বন্ধ কৰি ৰখা হৈছে কাৰখানাটোৰ কাম কাজ।

ইফালে বুধবাৰে পৰিয়ালটোৰ কাষত উপস্থিত হৈ দুখ প্ৰকাশ কৰাৰ লগতে সমগ্ৰ ঘটনাটোক ধনীক শ্ৰেণীয়ে কৰা শ্ৰম শোষণৰ পৰিণতি বুলি অভিহিত কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই। লগতে পৰিয়ালটোয়ে ন্যায় প্ৰাপ্তিৰ বাবে কৰিবলগীয়া যুঁজখনত সকলো প্ৰকাৰে সহায় সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰিছে সংগঠনটোৱে।

উল্লেখযোগ্য কথাটো হ’ল ৭২ঘন্টা উকলি যোৱাৰ পাছতো দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত উপস্থিত হৈ এটা খবৰ ল’বলৈ আহৰি ওলোৱা নাই প্ৰতিষ্ঠানটোৰ কোনো কৰ্তৃপক্ষ অথবা স্বত্বাধিকাৰৰ। সেয়ে প্ৰশ্ন হৈছে এজন প্ৰভাৱশালী ব্যক্তিৰ ধনবল আৰু ৰাজনৈতিক প্ৰভাৱৰ মেৰপেচত ন্যায়ৰ পৰা বঞ্চিত হ’ব নেকি দুৰ্ভগীয়া পৰিয়ালটো?

Recent News

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd