নিশা ৰিখটাৰ স্কেলত ৬.৯ প্ৰাবল্যৰ ভূমিকম্প; পুনৰ কঁপি উঠিল ইণ্ডোনেছিয়া

Earthquake hits Western Indonesia ৰিখটাৰ স্কেলত ৬.৯ প্ৰাবল্যৰ এক ভূমিকম্পই কঁপাই যায় পশ্চিম ইণ্ডোনেছিয়া। স্থানীয় সময় অনুসৰি শুকুৰবাৰে নিশা প্ৰায় ৮:৩০ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ ইউএছজিএছ-য়ে জনাইছে যে তাৎক্ষণিকভাৱে হতাহত বা ক্ষতিৰ কোনো খবৰ পোৱা হোৱা নাই। ইয়াৰ কেন্দ্ৰ সুমাত্ৰাৰ পশ্চিম উপকূলীয় চহৰ বেনকুলুকুৰ পৰা ১৫৫ কিলোমিটাৰ দক্ষিণ-পশ্চিমত আছিল।

ইউএছজিএছে জানিবলৈ দিয়া মতে যে ৰিখটাৰ স্কেলত ৫.৪ মাত্ৰাৰ আন এটা ভূমিকম্পই নিশা ৯:০৭ বজাত একেঠাইতে আফটাৰ শ্বক হিচাপে কঁপাই তোলে।

লগতে পঢ়ক: অভূতপূৰ্ব সিদ্ধান্ত! চেতন শৰ্মা নেতৃত্বাধীন নিৰ্বাচক সমিতিক বৰ্খাস্ত কৰিলে বিচিচিআইয়ে

ইণ্ডোনেছিয়া হৈছে বিশ্বৰ আটাইতকৈ ভূমিকম্প প্ৰৱণ দেশবোৰৰ ভিতৰত এখন। যোৱা কেইদিনমানত দেশখনত ৪.৭ ৰ পৰা ৫ প্ৰাবল্যৰ কেইবাটাও ভূমিকম্পই জোকাৰি গৈছে। ১৬নৱেম্বৰত ৫.৫ প্ৰাবল্যৰ ভূমিকম্প হৈছিল।

চলিত মাহৰ আৰম্ভণিতে মধ্য ইণ্ডোনেছিয়াৰ উত্তৰ চুলাৱেচি প্ৰদেশত ৰিখটাৰ স্কেলত ৬.১ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। যোৱা মাহত ৬.৪ প্ৰাবল্যৰ ভূমিকম্পই আব্ৰা প্ৰদেশক জোকাৰি গৈছিল। ইয়াত কমেও ২৬ জন লোক আহত হৈছিল আৰু কৰ্তৃপক্ষই এখন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বন্ধ কৰিবলৈ বাধ্য হৈছিল।

লগতে পঢ়ক: বৈদেশিক মন্ত্ৰালয়তে পাকিস্তানৰ গুপ্তচৰ! আৰক্ষীৰ জালত গাড়ী চালক

যোৱা মাহত উত্তৰ সুমাত্ৰা প্ৰদেশত এটা ৫.৮ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। দেশৰ বতৰ বিজ্ঞান আৰু ভূ-পদাৰ্থ বিজ্ঞান সংস্থা বিএমকেজিয়ে নিশ্চিত কৰিছে যে কমেও এজন লোক নিহত হোৱাৰ লগতে কমেও নজন আহত হৈছিল।