NORTHEAST NOW (Assamese)

মহানগৰীৰ হেঙেৰাবাৰীৰ পৰা সন্ধানহীন জগদীশ হাজং নামৰ লোকজন; সন্ধান বিচাৰিছে পৰিয়ালে

September 19, 2022 6:22 pm · এন ই নাও নিউজ, গুৱাহাটী
সন্ধানহীন জগদীশ হাজং। ফাইল ফটো।

মহানগৰীৰৰ হেঙেৰাবাৰীৰ মিলন চ’ক নামঘৰ পথৰ পৰা দেওবাৰে বিয়লি ৫ বজাৰ পৰা সন্ধানহীন হৈ আছে জগদীশ হাজং নামৰ লোকজন।

জগদীশ হাজং।

তেওঁৰ বয়স বৰ্তমান ৬৫ বছৰ আৰু উচ্চতা ৫ফুট ২ ইঞ্চি হ’ব বুলি পৰিয়ালৰ লোকে জানিব দিছে।

সন্ধানহীন হৈ পৰাৰ সময়ত জগদীশ হাজঙে এটা নীলা ৰঙৰ হাফ পেন্ট, এটা ক’লা ৰঙৰ হাফ গেঞ্জী আৰু ছেণ্ডেল পিন্ধি আছিল।

জগদীশ হাজঙৰ সন্ধানহীন হোৱা  সন্দৰ্ভত পৰিয়ালৰ তৰফৰ পৰা দিছপুৰ থানাত ৰিপ’ৰ্ট দাখিল কৰা হৈছে।

কোনো সদাশয় লোকে লোকজনৰ সন্ধান পালে মিলনপুৰ চ’ক নামঘৰ পথ হেঙেৰাবাৰী ঠিকনাত নাইবা ৯৭০৬০১৭০৪৯ আৰু ৯৫০৮৬০৭৪০৬ নম্বৰত যোগাযোগ কৰি অৱগত কৰিবলৈ পৰিয়ালৰ ফালৰ পৰা আহ্বান জনাইছে।  

Related News