NORTHEAST NOW (Assamese)

বিশ্বনাথৰ বটিয়ামাৰিত স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ এবছৰীয়া হাতী পোৱালি

August 31, 2018 9:21 pm · কাজি জেইদুল ইছলাম

ব্ৰহ্মপুত্ৰৰ জলৰাশি ক্ৰমান্বয়ে বৃদ্ধি পাই নৈ কাষৰীয়া অঞ্চলসমূহত থকা জনসাধাৰণৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ লগতে কাষৰীয়া অঞ্চলৰ বন্যপ্ৰাণী সমূহৰ মাজতো বাসস্থানৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতী পোৱালি বিশ্বনাথৰ বিহালীৰ বটিয়ামাৰীত উদ্ধাৰ হয়।

আনহাতে বন বিভাগে জানিবলৈ দিয়া মতে আজি উদ্ধাৰ হোৱা হাতী পোৱালিটোৰ বয়স এক বছৰ হ’ব। ইফালে স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে যোনা নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এটা বন্যহস্তীৰ জাক খাদ্য সন্ধানত উলাই আহি বটিয়ামাৰী বিভিন্ন অঞ্চলত প্ৰৱেশ কৰি বহুত লোকৰ ঘৰ দুৱাৰ ভাঙি ক্ষতিগ্ৰস্ত কৰি হাতী জাকটো পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি যায়।

কিন্তু দুৰ্ভাগ্যবশত হাতীৰ জাকটোৰ লগত অহা এটা হাতীৰ পোৱালি থাকি যায়। বৰ্তমান বটিয়ামাৰী অঞ্চলৰ স্থানীয় ৰাইজে হাতীৰ পোৱালিটো ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ পৰা উদ্ধাৰ কৰি বিশ্বনাথৰ বন বিভাগক চমজাই দিয়ে।

Related News