NORTHEAST NOW (Assamese)

কৰ্তব্যৰত অৱস্থাত অসুস্থ হোৱা বেংকৰ নিৰাপত্তাৰক্ষী ভাৰত গগৈৰ মৃত্যু

September 27, 2018 9:13 am · ৰাজীৱ দত্ত
প্ৰতিনিধিত্বমূলক ছবি

শিৱসাগৰ জিলাৰ চাৰিংপটুৱাচলাৰ বাসিন্দা তথা ইণ্ডিয়ান অ’ভাৰচিচ বেংকৰ শিৱসাগৰ শাখাৰ নিৰাপত্তাৰক্ষী ভাৰত গগৈয়ে বুধবাৰে বিয়লি কৰ্তব্যস্থলতে অসুস্থ হৈ কৰুণ মৃত্যুক সাবটি লয়। মৃত্যুৰ বাতৰিটোৱে জিলাখনতে শোকৰ ছাঁ পেলোৱা পৰিলক্ষিত হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি কালি বিয়লি ভাগত কৰ্তব্যৰত অৱস্থাতে হঠাৎ পিঠিৰ বিষ অনুভৱ কৰি অসুস্থ হৈ পৰে নিৰাপত্তাৰক্ষী গগৈ। লগে লগে সহকৰ্মীসকলে  তেওঁক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৫ বছৰ।

ভিতৰুৱাল দীঘলীজান গাঁও নিবাসী তথা ভাৰতীয়  সেনা বাহিনীৰ  প্ৰাক্তন জোৱানজনে পাঁচ বছৰৰ আগেয়ে দীঘলীজান গাঁৱৰ পৰা উঠি আহি পটুৱাচলাত  নিগাজিকৈ থাকিবলৈ লৈছিল।

উল্লেখ্য যে এজন ভাল খেতিয়ক হিচাবে  পৰিচিত সৰবৰহী তথা শান্ত স্বভাৱৰ ব্যক্তিজনৰ মৃত্যুত পটুৱাচলাৰ লগতে জন্মস্থান দীঘলীজানতো শোকৰ ছাঁ বিৰাজ কৰিছে।

মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰি সেনা বাহিনীত কৰ্মৰত এক মাত্ৰ পুত্ৰ আৰু এগৰাকী বিবাহিতা কন্যাক এই সংসাৰত এৰি থৈ যায়।

Related News