NORTHEAST NOW (Assamese)

শিৱসাগৰৰ খাটপথাৰত উদ্ধাৰ সদ্যোজাত কন্যাশিশুৰ মৃতদহ

November 21, 2018 2:54 pm · পার্শ্বজোতি গগৈ

আজি ২১ নৱেম্বৰ বুধবাৰে দিনৰ ১১-০০ মান বজাত শিৱসাগৰৰ নগৰৰ খাটপথাৰত এটা কুকুৰৰ মুখৰ পৰা এটি  নৱজাত শিশুৰ মৃহদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনা বিৱৰণি মতে নগৰৰ এ টি ৰোডৰ দাঁতিত বিশাল মেগামাৰ্টৰ সন্মুখত এটা কুকুৰে মুখত এটা নৱজাত শিশু লৈ ঘুৰি ফুৰা প্ৰত্যক্ষ কৰে স্থানীয় একাংশ ব্যক্তিয়ে। কেইজনমানে কুকুৰটো খেদি দিয়াত খাটপথাৰৰ ৰাস্তাত নৱজাত শিশুটোক পেলাই থৈ কুকুৰটো আঁতৰি যায়।

প্ৰত্যক্ষদৰ্শীৰ মতে মৃত শিশুটো সদ্য জন্মপ্ৰাপ্ত এটি কন্যা শিশু আছিল। মৃত শিশুটি কোনো পাষণলোকে জাৱৰৰ দ’মত পেলাই দিয়া বুলি সন্দেহ কৰা হৈছে। পাছত কুকুৰে পাই বুটলি আনিছিল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু মৃত শিশুটিৰ দেহটো আঁতৰাই নিয়াৰ ব্যৱস্থা কৰে।

Related News