• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকৌ পৰিৱৰ্তন? সভাত একো নোকোৱাকৈ মোলান বদনেৰে বহি থাকিল মন্ত্ৰী হিমন্ত বিশ্ব

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত হিমন্তৰ নীৰৱতাই মনোযোগ কাঢ়িছে ৰাজনৈতিক বিশ্লেষকৰ

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
November 21, 2018 3:02 pm
Himanta Bishwa

হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত নিৰ্বাচনী ইস্তাহাৰ উন্মোচনী সভাত মুখ্য মন্ত্ৰী সোণোৱাল, সভাপতি ৰঞ্জিত দাস আৰু বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ২১ নৱেম্বৰত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত দলটোৰ পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ উন্মোচন কৰা হয়। ইস্তাহাৰ উন্মোচন কৰে মুখ্য মন্ত্ৰী সোণোৱাল, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইস্তাহাৰ উন্মোচন কৰি সভাপতি ৰঞ্জিত দাস আৰু মুখ্য মন্ত্ৰী সোণোৱালে নিজৰ নিজৰ বক্তব্যত ৰাজ্যখনত বিজেপিৰ চৰকাৰৰ দিনত হোৱা পৰিৱৰ্তন আৰু উন্নতিৰ কথা দোহাৰে।

Apply Now

ইয়াৰ বিপৰীতে আজিৰ সভাত উপস্থিত থাকিও একো নক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ফলত মন্ত্ৰীজনে বিৰোধী  দলক আৰু কিছু ব্যক্তি বিশেষক লক্ষ্য কৰি নিয়মীয়াকৈ কৰি অহা স্বভাৱগত কটাক্ষপূৰ্ণ বাক্যবাণৰ সোৱাদৰ পৰা বঞ্চিত হ’ল সাংবাদিক আৰু অন্যান্য উপস্থিতসকল।

বিশ্বাস কৰিবলৈ টান যদিও, সদা সৰৱ মন্ত্ৰীজনক আজি মঞ্চত থকা গোটেই সময়খিনি নীৰৱ আৰু বিমৰ্ষ ৰূপত থকা দেখা গ’ল। যেন নিজৰ মাজতে চলি থকা কিবা অংকত ব্যস্ত। কথা পতা বাদেই, আনকি এবাৰো কাষতে বহি থকা মুখ্য মন্ত্ৰী সোণোৱালৰ চকুলৈও নাচালে মন্ত্ৰী হিমন্তই।

বাকপটুতাৰ বাবেই সদায়ে চৰ্চা আৰু মনোযোগৰ কেন্দ্ৰ হৈ থকা, প্ৰতিখন সভাত সৰৱ আৰু উদাত্ত ভাষণ দিয়া মন্ত্ৰীজনে একো নোকোৱাকৈ মোলান বদনেৰে বহি থকা দৃশ্য আছিল অতিকে বিৰল আৰু উৎসুকতাৰ কাৰণ।

মন কৰিব লগীয়া যে মন্ত্ৰী হিমন্তক অসমৰ ৰাইজে ৰাজনীতিক হিচাপে যোৱা প্ৰায় বিচ বছৰ সদায়ে সৰৱ ৰূপতেই দেখি আহিছে। কংগ্ৰেছ এৰি বিজেপিলৈ যোৱাৰ পিছত মন্ত্ৰীজনৰ আনন্দ, উৎসাহ আৰু সক্ৰিয়তাই যেন নতুন মাত্ৰ লাভ কৰিছিল, তেনে ভাব তেওঁৰ চাল-চলন, বক্তৃতা, মন্তব্যত সদায়ে দেখি আহিছে অসমৰ জনগণে।

কিন্তু এতিয়া তাত যেন কিবা পৰিৱৰ্তন আহিছে। বিশেষকৈ এটা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই কথাই মনোযোগ কাঢ়িছে ৰাজনৈতিক বিশ্লেষকৰ।

অপ্ৰিয় সত্যটো হ’ল, যোৱা বেচ কিছুদিন মন্ত্ৰীজনৰ স্বাভাৱিক সৰৱ স্বভাৱ দেখাৰ পৰা বঞ্চিত হৈ আছে অসমৰ জনগণ। এই নীৰৱতা, বিমৰ্ষতাৰ যথেষ্ট ৰাজনৈতিক তাৎপৰ্য্য থাকিব পাৰে বুলি সন্দেহ কৰিছে ৰাজনৈতিকভাৱে সচেতন একাংশ ৰাজনৈতিক বিশ্লেষকে।

“যিকোনো নিৰ্বাচনৰ সময়ত এয়া একেবাৰে অস্বাভাৱিক কথা”, এজন ৰাজনৈতিক টিপ্পনীকাৰে কয়।

“সৰৱতাই যাৰ বৈশিষ্ট্য তেওঁৰ মৌনতাই স্বাভাৱিকতেই মানুহক ভাবিবলৈ বাধ্য কৰে।” আন এজনৰ মন্তব্য।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd