• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত ‘ড০ হীৰেন গোহাঁই বাস্তৱৰ চেতনা আৰু স্বপ্ন’ শীৰ্ষক গ্ৰন্থ উন্মোচন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 4, 2018 10:12 pm
Book released

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰত বিশিষ্ট বুদ্ধিজীৱি ‘ড০ হীৰেন গোহাঁই বাস্তৱৰ চেতনা আৰু স্বপ্ন’ নামৰ এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়।  ক্ৰান্তিকাল প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি, সমালোচক হৰেকৃষ্ণ ডেকাই।

গ্ৰন্থ উন্মোচনী সভাখনৰ সভাপতিত্ব কৰে বিশিষ্ট লেখিকা নিৰুপমা বৰগোহাঞিয়ে। গ্ৰন্থখনৰ প্ৰকাশক হৈছে কৈলাস ৰাজখোৱা। অনুষ্ঠানত হৰেকৃষ্ণ ডেকাৰ উপৰি ৰাণী গোহাঞি, ড০ গোহাঁইৰ সহপাঠী ললিত বৰুৱা আৰু জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা উপস্থিত থাকে।

Apply Now

গ্ৰন্থখনৰ সম্পাদক প্ৰভাত বৰাই ভাষণত কয় যে ড০ গাহাঁইৰ সময়োচিত সকিয়নিলৈ মন-কাণ নিদিয়াৰ বাবে অসমৰ বহুতো ক্ষতি সাধন হৈছে। তেওঁ ড০ গোহাঁইক এটা অনুষ্ঠান হিচাপে অভিহিত কৰাৰ লগতে বহুতো অনুষ্ঠানৰ নিৰ্মাতা বুলিও অভিহিত কৰে৷ তদুপৰি অসমীয়াই এইগৰাকী চিন্তাবিদক পৰ্যাপ্ত মূল্যায়ন কৰিব পৰা নাই বুলিও তেওঁ খেদ প্ৰকাশ কৰে।

গ্ৰন্থ উন্মোচক হৰেকৃষ্ণ ডেকাই কয় যে আজি উন্মোচিত হোৱা এহেজাৰ পৃষ্ঠাৰ গ্ৰন্থখনৰ ওজন কম কিন্তু গ্ৰন্থখনৰ অন্তৰ্নিহিত কথাৰ ওজন বেছি। তেওঁ আৰু কয় যে পঢ়ি থকা দিনবোৰত তেওঁ Walt Whitmanৰ ওপৰত এটা মনোজ্ঞ প্ৰবন্ধ লিখিছিল৷ ড০ গোহাঁইৰ কবি হিচাপে থকা প্ৰতিভাৰ কথাও তেওঁ উল্লেখ কৰে।

আনহাতে সভাত বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞায়ো ড০ গোহাঁইৰ সম্পৰ্কত তাৎপৰ্যমূলক মন্তব্য দাঙি ধৰি এসময়ত ড০ গোহাঁইৰ মূৰত আঘাত কৰি মগজুটো নষ্ট কৰি দিব বিচৰা হৈছিল বুলি উল্লেখ কৰে। গোহাঁইক এগৰাকী সমাজ তত্ববিদ হিচাপে অভিহিত কৰি ভূঞাই উল্লেখ কৰি কয় তেওঁ কোনো বামপন্থী দল-সংগঠনৰ সদস্য নহয়।

ইফালে ড০ গোহাঁইয়ে নিজৰ ওপৰত এখন প্ৰশস্তিগ্ৰন্থৰ বিপৰীতে এখন মূল্যায়ন হোৱা বাবে সন্তোষ প্ৰকাশ কৰে৷ পূৰ্বে এগৰাকী বক্তাই তেখেতক ‘ভণ্ড’ নহয় বুলি জোৰ দি কোৱাৰ উদ্ধৃতি আনি ৰস কৰি কয় যে তেওঁ সৰধৰ্মিনীৰ প্ৰতি ভণ্ড।

তেওঁ বহু বছৰ পূৰ্বে অসম  ‘Witch’s Cauldron’ লৈ ৰূপান্তৰিত হ’ব বুলি ভৱিষ্যতবাণী কৰাৰ কথা উল্লেখ কৰে। অসম আন্দোলনৰ সময়ত তেওঁক সমজুৱাভাৱে আচুতীয়া কৰাৰ কথা মনত পেলাই কয় যে আজি তেওঁ জীয়াই থকা সময়তে মানুহে তেওঁক আদৰি লোৱা কাৰ্যত সন্তোষ প্ৰকাশ কৰে।

সভানেত্ৰীৰ ভাষণত নিৰূপমা বৰগোহাঞিয়ে ড০ গোহাঁইক ওপৰোক্ত বক্তাসকলে ‘অসমৰ বিৱেক’ বুলি অভিহিত কৰাটোক সমৰ্থন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd