• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিৰতি নহয় মিত্ৰতাৰ চূড়ান্ত সিদ্ধান্ত লাগে, কংগ্ৰেছক আহ্বান ৰাইজৰ দলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2026 5:09 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত মিত্ৰতাক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে। ৰাইজৰ দলৰ অভিযোগ অনুসৰি কংগ্ৰেছ দলে এতিয়ালৈকে আনুষ্ঠানিকভাৱে মিত্ৰতা ভংগ কৰা নাই যদিও কাৰ্যতঃ চাৰিবাৰকৈ অনানুষ্ঠানিকভাৱে মিত্ৰতা ভংগ কৰিছে। সমষ্টি ভাগ বটোৱাৰাক লৈ আলোচনা চলি থকাৰ মাজতে বৰচলা, ডিমৌ, দিছপুৰ আৰু মাৰ্ঘেৰিটা সমষ্টিত কংগ্ৰেছ দলে একপক্ষীয়ভাৱে প্ৰাৰ্থী ঘোষণা কৰি দিয়াৰ ঘটনাই প্ৰথম আউল লগাইছিল। ইয়াৰ পাছতে ৰাইজৰ দলক সম্পূৰ্ণৰূপে বাদ দি কংগ্ৰেছে সংবাদ মেলযোগে আনুষ্ঠানিকভাৱে মিত্ৰজোঁট ঘোষণা কৰা কাৰ্যই দুয়োটা দলৰ মাজৰ দূৰত্ব বৃদ্ধি কৰে।

বিশেষকৈ ৰঙানদী সমষ্টিটোক কেন্দ্ৰ কৰি দুয়োটা দলৰ মাজত ডাঙৰ বিভেদৰ সৃষ্টি হৈছে। ৰাইজৰ দলৰ মতে, পূৰ্বৰ আলোচনাত ৰঙানদী সমষ্টিটো তেওঁলোকক এৰি দিয়াৰ সিদ্ধান্ত হৈছিল যদিও কংগ্ৰেছে কোনো আলোচনা নকৰাকৈয়ে জয়ন্ত খাউণ্ডক দলত যোগদান কৰোৱাই সেই সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে। কেৱল এয়াই নহয়, যোৱা ১০ মাৰ্চৰ মাজনিশা পৰ্যন্ত মিত্ৰতাৰ আলোচনা চলি থকাৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ফেচবুকযোগে হঠাৎ মিত্ৰতাৰ বিষয়টোৰ পৰা অলপ সময়ৰ বাবে বিৰতি লোৱা বুলি ঘোষণা কৰে। ৰাইজৰ দলে ইয়াক কংগ্ৰেছৰ একপক্ষীয় আৰু মিত্ৰতা বিৰোধী স্থিতি বুলি অভিহিত কৰিছে।

Apply Now

ৰাইজৰ দলে জনোৱা মতে তেওঁলোকে বিজেপি বিৰোধী ভোট বিভাজন ৰোধ কৰাৰ স্বাৰ্থত ২৭ খন আসনৰ পৰা নিজৰ দাবী হ্ৰাস কৰি মাত্ৰ ১৫ খন আসন বিচাৰিছিল। কিন্তু কংগ্ৰেছে তেওঁলোকক মাত্ৰ কেইখনমান আসনহে পোনপটীয়াকৈ এৰি দি বাকী থকা সমষ্টিবোৰত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰহে প্ৰস্তাৱ দিছিল। ৰাইজৰ দলৰ নেতৃত্বই অভিযোগ কৰিছে যে কংগ্ৰেছৰ ভিতৰচ’ৰাৰ গোষ্ঠীগত সংঘাত আৰু বিভিন্ন নেতাৰ ব্যক্তিগত স্বাৰ্থই মিত্ৰতাৰ আলোচনাত জটিলতাৰ সৃষ্টি কৰিছে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰিপুন বৰা, প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ দৰে জ্যেষ্ঠ নেতাই সমষ্টি এৰি দিয়াত সন্মতি দিলেও শেষ মুহূৰ্তত কোনে বিধি পথালি দিছে তাক লৈও প্ৰশ্ন উত্থাপন হৈছে।

বৰ্তমান সময়ত নিৰ্বাচনৰ যিহেতু বেছি দিন বাকী নাই, সেয়েহে ৰাইজৰ দলে মিত্ৰতাৰ নামত কোনো ধৰণৰ বিৰতি নিবিচাৰে। তেওঁলোকৰ স্পষ্ট কথা যে এই গুৰুত্বপূৰ্ণ সন্ধিক্ষণত আলোচনাৰ বিৰতি নহয়, বৰঞ্চ তড়িৎ গতিত মিত্ৰতাৰ বিষয়টো ছীল-মোহৰ মাৰি চূড়ান্ত কৰিব লাগে। অসমৰ ৰাইজৰ স্বাৰ্থত আৰু এক শক্তিশালী বিৰোধী ঐক্য গঠনৰ বাবে কংগ্ৰেছে নিজৰ স্থিতি স্পষ্ট কৰাটো জৰুৰী বুলি ৰাইজৰ দলে মত প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

August 19, 2026 7:08 am
মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

August 19, 2026 7:08 am
মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd