জ্যেষ্ঠ সাংবাদিকক মৃত্যুৰ ভাবুকি : ছাত্ৰনেতাৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ সদৰ থানাত গোচৰ
দেশৰ সৰ্বত্ৰ সাংবাদিকৰ ওপৰত আক্ৰমণৰ প্ৰতিবাদত সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰি অহা সময়তে লখিমপুৰত সংঘটিত হৈছে সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ ঘটনা।
ঘটনাৰ বিৱৰণি মতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা গোটৰ সভাপতি নীৰণ বৰুৱাই উত্তৰ লখমপুৰ প্ৰেছ ক্লাবৰ সম্পাদক, জ্যেষ্ঠ সাংবাদিক কুমুদ বৰুৱাক মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে।
ছাত্ৰনেতাগৰাকীয়ে আজি পুৱা ফোনযোগে মৃত্যুৰ ভাবুকি দিয়া বুলি জানিব পৰা গৈছে।
এই ঘটনাৰ পাছত উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত এখন জৰুৰী সভা অনুষ্ঠিত কৰা হয়। এইখন সভাত অধ্যক্ষতা কৰে ক্লাবৰ সভাপতি শৈলেন বৰুৱাই। সভাত প্ৰতিগৰাকী সদস্যই ছাত্ৰনেতাগৰাকীৰ গৰ্হিত কামৰ বাবে তেওঁক একেমুখে গৰিহণা দিয়ে।
সভাত ছাত্ৰনেতাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্তা গ্ৰহণ কৰাৰ বাবে দাবী জনোৱা হয়।
সভাত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কমিটীৰ ওচৰতো নেতাগৰাকীৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনোৱা হয়।
সভাৰ পাছত উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ সদস্যকলে উত্তৰ লখিমপুৰ সদৰ থানালৈ যায় আৰু নীৰণ বৰুৱাৰ বিৰুদ্ধে এটা অভিযোগ পঞ্জীয়নভুক্ত কৰে। একেখন আৰক্ষী থানাতেই কুমুদ বৰুৱায়ো আছুতীয়াকৈ এটা অভিযোগ পঞ্জীয়ণভুক্ত কৰে।