সত্ৰনগৰী বৰপেটাক সুৰা নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা কৰিছিল চৰকাৰে। কিন্তু আবকাৰী বিভাগৰ কৃপাত সত্ৰনগৰী বৰপেটাত এতিয়া সৰ্বত্ৰে সুলভ হৈ পৰিছে অবৈধ সুৰা।
সত্ৰনগৰীখনত অভাৱনীয় হাৰত বৃদ্ধি পোৱা অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে জিলাখনৰ আবকাৰী বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা কাৰ্যত ক্ষুব্ধ হৈয়ে আজি পুৱা অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে অভিযানত নামিল চহৰখনৰ একাংশ মহিলা৷
অভিযানৰ সময়ত মহিলাৰ দলটোৱে গান্ধী নগৰৰ ২নং শ্লুইছগেটৰ বাসিন্দা চন্দ্ৰ দাস নামৰ লোকজনৰ ঘৰৰ পৰা ৭ কাৰ্টন বিলাতী সুৰাৰ লগতে বৃহৎ পৰিমাণৰ চুলাই মদ জব্দ কৰিবলৈ সক্ষম হয়৷ পাছত মহিলাৰ দলটোৱে জব্দকৃত সুৰাখিনি বৰপেটা আৰক্ষীক চমজাই দিয়ে।
উল্লেখযোগ্য যে আবকাৰী বিভাগৰ সতে একাংশ দুষ্ট লোকৰ গোপন বুজাবুজি থকাৰ বাবে চহৰখনত নিৰ্ভয়ে চলাই আহিছে সুৰাৰ ব্যৱসায়৷ ইয়াৰ বাবদ আবকাৰী বিভাগে অবৈধ সুৰা ব্যৱসায়ীৰ পৰা লাভ কৰে মাহিলী কমিশ্যন। এই গুৰুতৰ অভিযোগ উত্থাপন কৰে মহিলাৰ দলটোৱে।
ইয়াৰ উপৰি একাংশ আবকাৰী বিষয়া গোপনে অবৈধ সুৰাৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰো অভিযোগ তুলিছে মহিলাসকলে৷ যাৰ বাবে সুৰামুক্ত হিচাপে ঘোষণা কৰা সত্ৰনগৰীত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান নচলায় আবকাৰী বিভাগে৷