সাম্প্ৰদায়িক মন্তব্যৰ অভিযোগ : হায়দৰাবাদৰ বিজেপি প্ৰাৰ্থী মাধৱীলতাৰ বিৰুদ্ধে এজাহাৰ দাখিল

হায়দৰাবাদৰ বিজেপি প্ৰাৰ্থী মাধৱীলতাৰ বিৰুদ্ধে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগত এফআইআৰ দাখিল কৰা হৈছে। অৱশ্যে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ ষড়যন্ত্ৰ বুলি দাবী কৰিছে বিজেপি প্ৰাৰ্থীগৰাকীয়ে।

প্ৰশাসনৰ সূত্ৰ অনুসৰি মহম্মদ শ্বেখ ইমৰাণ নামৰ এজন ৩৮ বছৰীয়া ব্যক্তিয়ে বিজেপি প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে বেগম বজাৰ থানাত এজাহাৰ দাখিল কৰে। শ্বেখ ইমৰানে অভিযোগ কৰে যে মাধৱীলতাই মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছিল। আনকি ৰাম নৱমীৰ দিনা সিদ্দিয়াম্বৰ বজাৰৰ গাতে লাগি থকা মছজিদতো কাঁড় নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱকজনে। 

ইমৰাণৰ অভিযোগৰ ভিত্তিত ২০ এপ্ৰিলত মাধৱীলতাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯৫-এ ধাৰাত গোচৰ ৰুজু হয়। আৱেদনকাৰীয়ে বিজেপি প্ৰাৰ্থীগৰাকীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়।

অৱশ্যে মাধৱীলতাই সকলো অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘ভাইৰেল ভিডিঅ’টো যে অসম্পূৰ্ণ সেই কথা সকলোকে স্পষ্ট কৰি দিব বিচাৰো। এই ভিডিঅ’ ক্লিপটোৰ জৰিয়তে নিৰ্বাচনৰ পূৰ্বে নেতিবাচক প্ৰচাৰ বিয়পাইছে। লগতে ভিডিঅ’টোৱে যিকোনো ব্যক্তিৰ ধৰ্মীয় আৱেগক আঘাত দিয়াৰ বাবে ক্ষমা বিচাৰিছো। কাৰণ মই সকলো মানুহকে সন্মান কৰো’।