• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মৰ্মান্তিক! কিছুদিনৰ পিছতেই বিয়া হোৱাৰ কথা আছিল : মুম্বাইৰ হোটেলৰ অগ্নিকাণ্ডত মৃত্যু প্ৰেমিক যুগলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 28, 2023 9:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফুলাৰ আগতেই ফুল সৰি পৰিল! বিয়াৰ পৰিকল্পনা অনুসৰি কিছুদিন পূৰ্বে  সম্পন্ন হৈছিল আঙুঠি পিন্ধোৱা অনুষ্ঠান। নাইৰোবিত অনুষ্ঠিত হ’ব লাগিছিল বিয়াখন। 

বিয়াৰ পূৰ্বে পূৰ্বপুৰুষৰ আশীৰ্বাদ বিচাৰি পূৰ্বপুৰুষৰ দেশলৈ আহিছিল দম্পতীহাল। কিন্তু পূৰ্বপুৰুষৰ দেশলৈ আহি এই কৰুণ পৰিণতি হ’ব বুলি কোনেও কল্পনা কৰা নাছিল। দেওবাৰে মুম্বাইৰ গেলাক্সি হোটেলৰ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ মৃত্যু হয় বিবাহতব্য দম্পতীহালৰ।

Apply Now

মুম্বাইৰ গেলাক্সি হোটেলত সংঘটিত হোৱা অগ্নিকাণ্ডত মৃত্যু হোৱা ৩ জনৰ ভিতৰত ২ গৰাকীয়েই আছিল তেওঁলোক। তেওঁলোকৰ নাম ৰূপল বেকৰীয়া আৰু কিষাণ হালাই। দুয়োজনেই আছিল কেনিয়াৰ ৰাজধানী নাইৰোবিৰ বাসিন্দা। 

কিন্তু পেটেল জনগোষ্ঠীৰ যুৱকজন ৰূপলৰ পৰিয়ালৰ ঘাইশিপা গুজৰাটৰ ভূজ জিলাৰ ৰামপাৰ গাঁৱত। ৰূপলে বাগদত্তা কিষানৰ সৈতে পূৰ্বপুৰুষৰ ঘৰখন চাবলৈ আহিছিল। তাৰ পাছত উভতি অহাৰ পথত এই কৰুণ ঘটনাটো ঘটিল। গেলাক্সি হোটেলৰ অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত ৰূপলৰ মাতৃ মঞ্জুলা বেকাৰিয়া আৰু ভগ্নী আলপা বেকাৰিয়া।

গুজৰাটৰ বিশাল অঞ্চল ভ্ৰমণ কৰি নাইৰোবিলৈ বিমান ধৰিবলৈ মুম্বাইত উপস্থিত হৈছিল পৰিয়াল আৰু বাগদত্তা কিষাণ। কিন্তু বিমানখন নিৰ্ধাৰিত সময়তকৈ পলমকৈ আহিব বুলি ঘোষণা কৰা হয় আৰু বিমানবন্দৰৰ সমীপত অৱস্থিত গেলাক্সি হোটেলত যাত্ৰীসকলক থকাৰ ব্যৱস্থা কৰি দিছইল বিমান সংস্থাটোৱে। কোনে জানিছিল যে হোটেলখনত জুই জ্বলি উঠিব!

গেলাক্সি হোটেলৰ তৃতীয় মহলাত আছিল ৰূপল, ৰূপলৰ বাগদত্তাকে ধৰি সমগ্ৰ পৰিয়ালটো। হোটেলখনৰ ৩০৪ নং কোঠাত আছিল তেওঁলোক। প্ৰায় ১:১০ বজাত হোটেলখনৰ দ্বিতীয় মহলাত অগ্নিকাণ্ড সংঘটিত হয়। তৃতীয় মহলালৈ জুই বিয়পিবলৈ বেছি সময় নালাগিল। ৰূপল আৰু কিষাণে কোঠাটোৰ পৰা ওলাই যোৱাৰ সুযোগ নাপালে। অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত ৰূপলৰ মাক আৰু ভগ্নীয়ে কোঠাৰ পৰা ওলাই আহিবলৈ সক্ষম হয় যদিও গুৰুতৰভাৱে আহত হয়।

ইতিমধ্যে গেলাক্সি হোটেলত সংঘটিত অগ্নিকাণ্ডৰ তদন্ত আৰম্ভ হৈছে। উল্লেখ্য যে কিছুদিন পূৰ্বে বিএমচিয়ে হোটেলখনৰ অগ্নিনিৰ্বাপক ব্যৱস্থা সঠিক নহয় বুলি জাননী দিছিল। কিন্তু এই জাননীৰ পিছতো কোনো ব্যৱস্থা লোৱা হোৱা নাই বুলি অভিযোগ উঠিছে। এই অগ্নিকাণ্ডৰ ঘটনাত হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বিএমচিৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

August 31, 2026 10:31 am
নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

August 31, 2026 10:03 am
কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

August 31, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd