মানুহৰ সভ্যতাৰ যাত্ৰাত সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হোৱা পৰিঘটনা দুটা হৈছে প্ৰব্ৰজন আৰু পৰিচয় প্ৰতিষ্ঠা। ইটোৰ লগত সিটোৰ বিৰোধাভাস স্পষ্ট, কাৰণ এচাম মানুহৰ প্ৰব্ৰজনে অন্য এচাম মানুহৰ সাংস্কৃতিক পৰিচয়ক বিপদাপন্ন কৰি তোলাৰ আশংকা থাকে কাৰণে সংঘাতৰ ইতিহাস মানুহৰ সভ্যতাৰ সমানেই পুৰণি সত্য হৈও আজিৰ সময়তো অন্যতম ৰাজনৈতিক বিষয় হিচাপে বিবেচিত হৈ আহিছে। প্ৰব্ৰজন দেশৰ চাৰিসীমাৰ ভিতৰত হ’লে বিষয়টোৱে বিশেষ ৰাজনৈতিক গুৰুত্ব নাপায়, আৰু যদিহে এমুঠি লোকৰ মাজতে এই প্ৰত্ৰিুয়াটো সীমাবদ্ধ হৈ থাকে তেন্তে ই ভবিষ্যতৰ ইতিহাসকাৰৰ দৃষ্টিৰ অগোচৰে ৰৈ যোৱাটো স্বাভাৱিক কথা। কিন্ত যদি দেশখন ৰাজনৈতিক ধুমুহাই ফালি দুডোখৰ কৰে তেন্তে এই এমুঠি মানুহৰ অৱস্থাটোক দুখন হৈ পৰা দেশৰ নতুন ৰাজনৈতিক ব্যৱস্থাটোৱে কেনেধৰণে গ্ৰহণ কৰিব? বিভাজনৰ ইতিহাসত এওঁলোকে স্থান পাবনে? এইবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। মূলসুঁতিৰ বুৰঞ্জীয়ে আওকান কৰি অহা এই বিষয়টোক কেন্দ্ৰ কৰি ডঃ নন্দিতা দেৱীয়ে তেওঁৰ ‘’বঙল বহু দূৰ’’ (২০১৯ চন) নামৰ উপন্যাসখনত এই প্ৰসংগবোৰক গভীৰ মানৱীয় দৃষ্টিভংগী আৰু ঐতিহাসিক চেতনাৰে উপস্থাপন কৰিছে। সেয়ে এই উপন্যাসখনক একবিংশ শতিকাৰ অসমীয়া উপন্যাস সাহিত্যলৈ লেখত ল’বলগীয়া সংযোজন বুলি কব পাৰি।
উপন্যাসখনৰ মূল চৰিত্ৰ বঙলা পিতা ওৰফে অনন্ত ঠাকুৰ স্বৰাজপূৰ্বক ভাৰতবৰ্ষৰ অথনৈতিকভাৱে তেনেই নিঃকিন অথচ ধৰ্মীয় পৰম্পৰা অনুসৰি মান্যবৰ্গৰ ব্যক্তি। কামৰূপ অঞ্চলৰ পৰা পেটৰ দায়ত ৰে’লত কেইবাদিনীয়া যাত্ৰাৰ অন্তত গৈ উত্তৰ বংগত যজমানি কৰি পৰিয়াল চলোৱা কামত নিজকে নিয়োজিত কৰিছিল, এনেকুৱা অসংখ্য দৈৱজ্ঞ ব্ৰাহ্মণৰ পৰিয়ালে। কামৰূপৰ গাৱঁত যজমানি কৰি দুপইচা অৰ্জন কৰাটো দুঃসাধ্যৰ কথা কাৰণেই বঙলা পিতেই এইখন বেপাৰত লাভজনক ফলৰ মুখ দেখা পাই দূৰণিবটীয়া উত্তৰবঙ্গ আৰু পূববঙ্গৰ গাওঁবোৰকে বাচি ল’লে আৰু শেষত পৰিয়ালৰ সৈতে একেবাৰেই উঠি গ’লগৈ। উপন্যাসৰ ভাষাতঃ “বঙলত পূজা-সেৱা আদি বৈদিক কাজ কৰ্মক বেপাৰ বুলিয়েই কয়।” এই বঙলত তন্ত্ৰ-মন্ত্ৰৰ দেশ কামৰূপ-প্ৰাগজ্যোতিষপুৰৰ ব্ৰাহ্মণৰ অনেক কদৰ, কেৱল বৈদিক বিধি-নিয়ম পালনতে নহয়, সামাজিক স্থিতিতো। বঙলা পিতেৰ দৰে অসংখ্য কামৰূপীয়া ব্ৰাহ্মণে যিবোৰ অঞ্চলত গৈ যজমানি কৰিছেগৈ সেই অঞ্চলবোৰৰ মানুহবোৰ তেনেই দাল-দৰিদ্ৰ, কিন্তু পূজা-পাতলৰ ওপৰত অগাধ বিশ্বাসী এই মানুহবোৰে ধাৰ কৰি হ’লেও বাৰমাহত তেৰটা পূজা পাতে। পূজাৰ দিনা পুৰোহিতক দান দিব নোৱাৰি তেওঁলোকে বজাৰ-বেহানি কৰি কোনোমতে লাভ কৰা সামান্য ধনকে বঙলা পিতেৰ হাতত ভক্তিভাবেৰে গুজি দিয়ে। কাৰণ “ব্ৰাহ্মণ- সজ্জনৰ ধাৰ খাই ৰৌ ৰৌ নৰকত পতিত হোৱাৰ কথা এই মানুহখিনিৰ কাৰণে ভাবিব নোৱৰা কথা।”
এনে অৰ্থত বঙলা পিতেৰ দৰে কামৰূপৰ পৰা যোৱা সকলো যজমানি ব্ৰাহ্মণে বঙ্গৰ বিভিন্ন অঞ্চলত পূজা-পাতলৰ ‘ব্যৱসায়েই’ কৰিছিল। পুৰোহিত শ্ৰেণীয়ে হালৰ মুঠিত নধৰে, কিন্তু মন্দিৰৰ অধীনত থকা বৃহৎ পৰিমানৰ মাটি সম্পত্তিত দুখীয়া ৰায়তে কৰা খেতিৰ ফচলৰ ওপৰত পুৰোহিতৰ নিজৰ পৰিয়াল বৰ্ত্তি থাকে, চলি থাকে বাৰ মাহত তেৰটা উৎসৱ। পিচে “নাঙল যাৰ মাটি তাৰ” ধ্বনিৰে কমিউনিষ্ট আন্দোলন শক্তিশালী হৈ অহাৰ লগে লগে শ শ বিঘা মাটিৰ গৰাকী জমিদাৰ শ্ৰেণী চিন্তাত পৰিছে , কেনেকৈ এই পৰিবৰ্তনৰ দাবী ওফৰাই পেলাব পাৰি। এই সময়তে বঙলা পিতেৰ সম্মুখত এক নতুন ধৰ্ম সংকট আহি পৰিল। জমিদাৰক ৰক্ষা কৰিবলৈ গৈ বঙলা পিতেই জমিদাৰৰ শ শ বিঘা মাটি মন্দিৰৰ নামত পট্টা কৰাই ল’বনে, নে সাধাৰণ ৰায়তৰ পক্ষ লব? বঙলা পিতেই জানে যে ৰঙা নিচানধাৰী কমিউনিষ্ট ডেকাহঁতৰ চকুত ধুলি দিয়াটো ইমান সহজ কথা নহব। এনে পৰিবেশত দক্ষিণ পূৱ বংগৰ ৰামশাহী অঞ্চলৰ ফালে গৈ নিজাববীয়াকৈ যজমানি চলাই যোৱাটোৱেই উচিত হ’ব বুলি বঙলা পিতেই ধাৰণা কৰিলে। ইফালে মন্দিৰৰ বাবে নতুন পুৰোহিত অনাৰ ব্যৱস্থা কৰাৰ কথা জমিদাৰে বঙলা পিতেক জনাই দিয়াৰ পাচত বঙলা পিতেই পূৱবংগৰ ৰাজশাহীৰ পৰা বহু নিলগৰ দৰিদ্ৰ লোকৰ মাজত সাধাৰণভাৱে যজমানি কৰিবলৈ গুচি গ’ল।
ইফালে পদ্মাৰ অৱবাহিকাৰ মাঝেৰপাৰা বৰিশাল অঞ্চলত গৈ দাল-দৰিদ্ৰ হিন্দু-মুছলমানৰ মিশ্ৰিত সমাজখনৰ সৈতে এক হৈ জীয়াই থকাৰ আনন্দ লাভ কৰা ৰঙলা পিতেই লক্ষ্য কৰিছে যে এইবোৰ অঞ্চলত কমিউনিষ্ট আন্দোলনৰ প্ৰভাৱ উত্তৰবঙ্গতকৈ অধিক শক্তিশালী। বঙলা পিতেৰ ঘৰতে কমিউনিষ্ট ডেকাহঁতে মাজে মাজে বাহৰ পতাৰ খবৰ শাসকীয় গোষ্ঠীৰ কাণত পৰাৰ ফলত এদিনাখন পুলিচ আহি বঙলা পিতে-কালিন্দীৰ পুত্ৰ চন্দ্ৰনাথক ধৰি লৈ যায়। আনহাতে আন্দোলনৰ মূল নেতা ৰসিক ভাট পুলিচৰ জাল ফালি পলাই আহিবলৈ সক্ষম হ’ল। উপন্যাসখনৰ এই পৰ্যায়তে পূব বঙ্গত মুছলীম লীগৰ প্ৰৰোচনাত বিচ্ছিন্নতাবাদী ৰাজনীতিয়ে সাধাৰণ মুছলমান ধৰ্মাৱলম্বী লোকক প্ৰভাৱান্বিত কৰাৰ প্ৰসঙ্গ উপস্থাপিত হৈছে। বঙলা পিতেই লক্ষ্য কৰিছে যে আগেয়ে “বন্দে মাতৰম” ধ্বনি দি কৰি ঘুৰি ফুৰা মুছলমান ডেকাহঁতে সুভাষচন্দ্ৰ বসু, চিত্তৰঞ্জন দাস আদি নেতাৰ দেৱালৰ ছবি ফালিব পৰাও হ’ল। দেশখন দ্বিখণ্ডিত হ’ল, ধনী জমিদাৰ, সম্ভ্ৰান্ত্ৰ ব্ৰাহ্মণৰ পৰিয়ালবোৰে ভাৰতৰ ফালে মাটি -বাৰী কিনি আগতীয়াকৈ দেশান্তৰিত হৈ ল’লে। কিন্তু বঙলা পিতাৰ দৰে লাখ লাখ দৰিদ্ৰ হিন্দু পৰিয়ালবোৰৰ জীৱনলৈ নামি আহিল চৰম অনিশ্চয়তা। আনহাতে এই সংকটৰ দিনতো হাফিজ মুস্তাফাহঁতৰ দৰে মুছলমান ডেকাহঁতেই বঙলা পিতাক সম্ভাব্য সাম্প্ৰদায়িক আক্ৰমণৰ পৰা বচাই ৰাখিছিল আৰু শেষত হাফিজৰ হস্তক্ষেপতহে বঙলা পিতাই চন্দ্ৰনাথক ময়মনসিংহৰ জেলত বিচাৰি পাইছিল। তাৰ পাছত ভাৰতভূমিলৈ,কামৰূপৰ গাৱঁলৈ উভতনি যাত্ৰা। তেতিয়ালৈ বঙলা পিতাৰ পৰিচয় হ’লগৈ শৰণাৰ্থী। কিন্তু চৰম মানসিক আৰু শাৰিৰীক ক্লান্তিত বিধ্বস্ত হৈ পৰা বঙলা পিতাই এই উভতনি যাত্ৰাৰ পথতে শেষ নিশ্বাস ত্যাগ কৰিলে। এনে এক কৰুণ সমাপ্তিৰে ‘বঙল বহু দূৰ’ ৰ কাহিনীৰ সামৰণি পৰিছে ।
আমাৰ বোধেৰে ‘বঙল বহু দূৰ’ উপন্যাসখনত মূলতঃ তিনিটা প্ৰধান সামাজিক-ৰাজনৈতিক সমস্যাই গুৰুত্বপূৰ্ণ বিষয় হিচাপে উপস্থাপিত হৈছে। স্বৰাজপূৰ্বক ভাৰতবৰ্ষত বৰ্ণবিভক্ত আৰ্থ-সামাজিক ব্যৱস্থা, কমিউনিষ্ট আন্দোলনৰ উত্থানক প্ৰতিহত কৰিবলৈ ঔপনিৱেশিক তথা দেশীয় চৰকাৰে লোৱা দমনমূলক কাৰ্যপন্থা আৰু দেশ বিভাজনৰ সাম্প্ৰদায়িক ৰাজনীতি। উপন্যাসখনৰ কথকতা তৃতীয় পুৰুষত নিৰ্মাণ কৰা হৈছে যদিও ঔপন্যাসিকে চৰিত্ৰবোৰৰ দৃষ্টিভংগীৰেই ঘটনা প্ৰবাহক দাঙি ধৰিবলৈ চেষ্টা কৰিছে। গতিকে পূজা পাতল কেন্দ্ৰিক ব্ৰাক্ষ্মণ্য পৰম্পৰাই এহাতেদি এচাম সুবিধাভোগী পুৰোহিত শ্ৰেণীৰ সৃষ্টি কৰাৰ বহল বৰ্ণনা থাকিলেও তাত সমালোচনাৰ সুৰ অনুপস্থিত। কাৰণ সুবিধাভোগী ব্যক্তিজনৰ দৃষ্টিকোণেৰেহে বিষয়টো তুলি ধৰা হৈছে। সামান্যবৰ্গৰ অব্ৰাক্ষ্মণ শ্ৰেণীৰ লোকসকলৰ শিক্ষাহীনতাই পূজা-পাতল কেন্দ্ৰিক ব্ৰাক্ষ্মণ্য পৰম্পৰাৰ আধিপত্যক সাৰ-পানী যোগান ধৰিছিল। এই কথা স্পষ্ট যে ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰে জমিদাৰ শ্ৰেণীৰ পৃষ্ঠপোষকতা লাভৰ স্বাৰ্থত শ্ৰেণী বিভক্ত সমাজখনৰ স্থায়িত্ব বাহাল ৰাখিছিল যদিও জাতি, বৰ্ণ, সম্প্ৰদায়ৰ ভিত্তিত বিভক্ত সমাজখনৰ পুৰোহিত শ্ৰেণীটোৱে আৰ্থিকভাৱে নিম্নবৰ্গৰ হ’লেও ধৰ্মৰ আচিলা লৈ সাধাৰণ দুখীয়াৰ জীৱনযাত্ৰা অধিক নিঃকিন কৰি তুলিছিল। শাসকীয় শ্ৰেণীৰ দ্বাৰা শোষিত হ’লেও বঙলা পিতাইৰ দৰে পুৰোহিত শ্ৰেণীটো আচলতে শোষকেই আছিল। বঙলা পিতাই ইটাহাৰৰ জমিদাৰৰ হাজাৰ বিঘা মাটি মন্দিৰৰ নামত লিখাই লৈ জমিদাৰক কমিউনিষ্ট আন্দোলনকাৰীহঁতৰ পৰা বচাব নিবিচৰাৰ আঁৰত কোনো প্ৰগতিশীল অথবা মানৱতাবাদী আদৰ্শ জড়িত হৈ থকা নাছিল। কমিউনিষ্ট সকলৰ বৰ্ধিত শক্তিত আশংকিত হৈহে, এই মন্দিৰক কুলপুৰোহিতজনে পিপলান (উত্তৰবংগ) এৰি পূববংগৰ ফালে উঠি গৈছিল। অন্য এটা মন কৰিবলগীয়া কথা যে নতুন প্ৰজন্মৰ ব্ৰাক্ষ্মণ্য সম্প্ৰদায়ৰ দুজন যুৱকক (বঙলা পিতাৰ দুইপুত্ৰ ইন্দ্ৰনাথ আৰু চন্দ্ৰনাথ) কমিউনিষ্ট আন্দোলনৰ “নাঙল যাৰ মাটি তাৰ” দাবীয়ে প্ৰভাৱিত কৰিব পৰা নাছিল। এজনে জ্যোতিষ বিশাৰদ হ’বলৈ গৈ শাস্ত্ৰজ্ঞানে সৃষ্টি কৰা আত্মম্ভৰিতাত আকন্ঠ ডুবি থাকিল আৰু সাধাৰণ মানুহৰ বেদনাৰ পৰা শতযোজন আঁতৰত থাকি সন্যাসীৰ জীৱনক আকোৱালি ল’লে। দ্বিতীয়জন ডেকা চন্দ্ৰনাথে কমিউনিষ্ট আন্দোলনত জড়িত হৈ সাধাৰণ মানুহৰ হকে চিন্তা কৰাৰ সুযোগ পাইছিল যদিও সুবিধাবাদী ধৰ্মীয় পৰম্পৰাত ডাঙৰ-দীঘল হৈ সক্ৰিয়ভাৱে সেই পৰম্পৰাক প্ৰশ্ন কৰাৰ কথা ভাবিবকে নোৱাৰিলে । ঘটনাক্ৰমে চন্দ্ৰনাথক চৰকাৰী পক্ষই আটক কৰি জেলত ভৰাইছিল যদিও, পৰিহাসৰ কথা যে কমিউনিষ্ট আন্দোলনত চন্দ্ৰনাথৰ কোনো ভুমিকাই নাছিল, এই ডেকাজন উপন্যাসখনৰ কাহিনীত অৱস্থাৰ দাস হৈ ৰ’ল। চৰিত্ৰটোক ৰাজনৈতিকভাৱে সক্রিয় ৰূপত উপস্থাপন কৰা হ’লে উপন্যাসখনৰ কাহিনীয়ে অন্য এক ৰাজনৈতিক মাত্ৰা লাভ কৰিলেহেঁতেন। সুবিধাভোগী ধৰ্মীয় পৰম্পৰাৰ ছত্ৰছায়াত ডাঙৰ -দীঘল হোৱা চন্দ্ৰনাথ, ইন্দ্ৰনাথহঁতৰ দৰে নতুন প্ৰজন্মৰ নিষ্ক্ৰিয় দৰ্শকৰ ভূমিকা নিশ্চয় বাস্তৱ সত্যই আছিল, যাৰ কাৰণে এই ডেকা দুজনৰ মাজত ঔপন্যাসিকে পৰিৱৰ্তনমুখী চেতনাৰ সন্ধান নকৰিলে। বঙলা পিতাৰ শংকা হয়, কিজানিবা চন্দ্ৰনাথে কমিউনিষ্টৰ লগ লাগেই। কিন্তু পৰিহাসৰ কথা, ঘটনাক্ৰমেহে চন্দ্ৰনাথৰ কমিউনিষ্ট বুলি হিন্দুস্থানী পুলিচে আটক কৰি জেলত ভৰালে, আনকি মুক্তিৰ পাছতো চন্দ্ৰনাথৰ মনত ক্ষোভ আৰু প্ৰতিবাদৰ ভাৱ জাগি নুঠিল।
কৃষক বিদ্ৰোহৰ ইতিহাসত ১৯৪৬-৪৭ চনত বংগদেশত কমিউনিষ্ট দল আৰু কৃষক সভাৰ নেতৃত্বত গঢ়ি উঠা “তেভাগা” (Tebhaga movement) আন্দোলনে ৰাজনৈতিক আলোচনাৰ সৃষ্টি কৰিছিল। কৃষকে জমিদাৰ আৰু মন্দিৰৰ মালিকীস্বত্বত থকা মাটিত খেতি কৰি শস্যৰ সামান্য অংশ এটাহে লাভ কৰিছিল । “তেভাগা আন্দোলন” হিচাপে উল্লেখ কৰা হোৱা নাই যদিও ‘বঙল বহু দূৰ” উপন্যাসত কমিউনিষ্ট সকলে সামন্তবাদী ব্যৱস্থা উফৰাই দিবলৈ কিদৰে কৃষক বিদ্ৰোহৰ নেতৃত্ব দিছিল তাৰ বৰ্ণনা দাঙি ধৰা হৈছে। অৱশ্যে বঙলা পিতা অনন্ত ঠাকুৰৰ দৃষ্টিৰে এই বিদ্ৰোহৰ প্ৰসংগ উপস্থাপন কৰাৰ ফলত আন্দোলনটোৰ সকলো দিশ উপন্যাসখনৰ কাহিনীয়ে সামৰি ল’ব নোৱাৰিলে। কৃষক আন্দোলনৰ ইতিহাস, অগ্ৰগতি আৰু ফলাফল সমূহৰ ওপৰত স্বৰাজোত্তৰ ভাৰতবৰ্ষত বিশেষকৈ পশ্চিমবঙ্গত যথেষ্ট আলোচনা-বিলোচনা হৈছে । আন্দোলনটো বিফল হোৱাৰ বিভিন্ন কাৰণৰ ভিতৰত মুছলিম লীগৰ উত্থান আৰু কমিউনিষ্ট নেতৃত্বই তাত্ত্বিক দিশবোৰক অধিক গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰা দেখা যায়। মুছলিম লীগৰ উত্থান আৰু কৃষক আন্দোলনৰ বিফলতাৰ সন্দৰ্ভত মতভেদ নথকাও নহয়। এড্ৰিয়েন কুপাৰৰ মতে মাটিহীন কৃষকৰ বেছি ভাগেই মুছলমান কৃষক আছিল আৰু সেয়েহে ধনী হিন্দু জমিদাৰ শ্ৰেণীৰ বিৰুদ্ধে জাগি উঠাৰ ক্ষেত্ৰত ধৰ্মীয় চেতনাইহে কৃষকসকলক প্ৰভাৱান্বিত কৰিছিল। কিন্তু প্ৰখ্যাত চিন্তাবিদ পাৰ্থ চেটাৰ্জীকে ধৰি অন্যান্য বহুজনে এই ব্যাখ্যা খণ্ডন কৰিছে। এওঁলোকে আঙুলিয়াই দিছে যে কমিউনিষ্ট নেতৃত্বত গঢ়ি উঠা কৃষক আন্দোলনে হিন্দু-মুছলমান দুই ধৰ্মৰে দৰিদ্ৰ কৃষকৰ মনত শ্ৰেণী চেতনা জগাই তুলিছিল আৰু ইয়াত ইতিবাচক ফল দেখিবলৈ পোৱা গৈছিল। দেশ বিভাজনৰ সময়ত পশ্চিমবঙ্গ আৰু পূৰ্ব বঙ্গ/পূৰ্ব পাকিস্তানৰ নগৰ অঞ্চলত যেতিয়া সাম্প্ৰদায়িক সংঘৰ্ষৰ জুই জ্বলিছিল, গ্ৰামাঞ্চলসমূহত তুলনামূলকভাৱে সাম্প্ৰদায়িক চেতনাই ইমান ভয়াবহ ৰূপ লব পৰা নাছিল, ইয়াৰ মূলতে আছিল কৃষক আন্দোলনে গঢ়ি তোলা শ্ৰেণী চেতনা। বঙল বহু দূৰত এই প্ৰসঙ্গটো উপেক্ষিত হৈ থকা নাই। উপন্যাসখনৰ সোতৰ নং অধ্যায়ত বঙলা পিতাৰ সৰল দৃষ্টিভংগীৰেই এটা গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে-“ইমানখিনিৰ পাছতো যে মুছলমান খেতিয়কসকল জমিদাৰ বিৰোধী আন্দোলনৰ সপেক্ষে গৈ একেবাৰে লীগ বুলি জঁপিয়াই পৰিছিল, কথাটো তেনেকুৱাও নহয়। লীগ কৰিছিল নেতাসকলে, আৰু সাধাৰণ দুখীয়া খাটি খোৱা কৃষক ৰাইজৰ দুখ হা-হুমুনিয়াহবোৰ হিন্দু মুছলমান নিৰ্বিশেষে একেই আছিল।… দুখীয়া কৃষকে বুজিছিল ৰাজনীতিয়ে সিহঁতক একো নিদিয়ে। বঙলা পিতাই পূৰ্ববঙ্গৰ ফালে উঠি গৈ হিন্দু-মুছলমান একেলগে একেখন সমাজতে মিলা-প্ৰীতিৰে বাস কৰি থকা কথাটো লক্ষ্য কৰি দেখিছে যে এই অঞ্চলবোৰৰ মানুহবোৰ পিপলান (উত্তৰ বঙ্গ)অঞ্চলতকৈ “ৰাজনৈতিকভাৱে যথেষ্ট সচেতন। বাওঁপন্থী আন্দোলনো ইয়াত যথেষ্ট সক্ৰিয়” (ষোল্ল নং অধ্যায়)। উপন্যাসখনে দাঙি ধৰা সামাজিক বাস্তৱতাই এই কথাটোকে দোহাৰিছে যে সাম্প্ৰদায়িক চেতনাৰ বিষবাষ্পই দৰিদ্ৰ কৃষকৰ জীৱনক প্রভাৱিত কৰিব পৰা নাছিল । আনহাতে মুছলিম লীগৰ বৰ্দ্ধিত শক্তিয়ে মুছলমান কৃষকক সাম্প্ৰদায়িক বিষয়বোৰৰ প্ৰতি আগ্ৰহান্বিত কৰি তোলা কথাটোও সঁচা আছিল। লীগৰ নেতাসকলে মুছলমান প্ৰজাক বুজনি দিছিল যে ঈশ্বৰ-বিৰোধী কমিউনিষ্ট সকলৰ লগত থাকিলে ইছলাম ধৰ্মৰ আদৰ্শৰ অপমান কৰাৰ চৰম ফল ভোগ কৰিব লাগিব। এই উপন্যাসখনত প্ৰত্যক্ষভাৱে এনেবোৰ কথাৰ অৱতাৰণা কৰা হোৱা নাই যদিও মুছলিম লীগৰ নেতাৰ প্ৰৰোচনাতে লাহে লাহে সাধাৰণ মুছলমান প্ৰজাৰ মনত পাকিস্তানৰ সপোনে পোখা মেলাৰ কথা উল্লেখ কৰা হৈছে ।… দুদিনমানৰ পৰা বঙলা পিতাই এটা কথা লক্ষ্য কৰিছে ; আগেয়ে ‘মহাত্মা গান্ধীকি জয়’ ‘বন্দে মাতৰম’ কৰি ফুৰা মুস্তাফা, ওবেদুৰ, হাফিজহঁতক লীগৰ বতাহে পাইছে। আনহাতে কংগ্ৰেছ দলেও যে কৃষক শ্ৰেণীৰ স্বাৰ্থত মূৰ ঘমাইছিল সেইটোও নহয়। কংগ্ৰেছ দলৰ কৰ্মীৰ ৰূপত নতুন অৱতাৰ লৈ জাতীয়তাবাদীৰ ভূমিকাত অৱতীৰ্ণ হ’বলৈ জমিদাৰ শ্ৰেণীয়ে সুবিধা এৰি দিয়া নাছিল। এই প্ৰসঙ্গত বিশেষ একো কথা উপন্যাসখনে উল্লেখ কৰা নাই যদিও বঙলা পিতাই ৰসিক ভাট নামৰ কমিউনিষ্ট এগৰাকীৰ মুখত শুনা কথা হিচাপে বিষয়টো এনেদৰে সংক্ষিপ্ত ৰূপত অৱতাৰণা কৰা হৈছে- ” কংগ্ৰেছ জমিদাৰ বিৰোধী আন্দোলনৰ সপক্ষে নাছিল আৰু ১৯২৮ চনত প্ৰজাস্বত্ব আইনৰ প্ৰশ্নত কংগ্ৰেছে জমিদাৰ মহাৰজাৰ পক্ষতহে ভোট দিছিল” (সোতৰ নং অধ্যায়)। আচলতে উপন্যাসখনত কমিউনিষ্টৰ নেতৃত্বত গঢ়ি উঠা কৃষক বিদ্ৰোহক বঙলা পিতাৰ একক আৰু সৰল দৃষ্টিকোণেৰেহে বৰ্ণনা কৰা হৈছে। অন্যান্য চৰিত্ৰবোৰৰ দৃষ্টিভংগীক ঠাই উলিয়াই দিয়া হ’লে চল্লিশ-পঞ্চাশৰ দশকৰ এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক বিষয়ৰ সন্দৰ্ভত উপন্যাসখনে বহু নজনা দিশ উন্মোচিত কৰিব পাৰিলেহেঁতেন ।
কমিউনিষ্ট আন্দোলনকাৰীসকলে কৃষক বিদ্ৰোহক সঠিক দিশত আগুৱাই নিব পৰা নাছিল বুলিও বিভিন্নজনে মতামত আগবঢ়োৱা দেখা যায়। প্ৰশান্ত কুমাৰ প্ৰধান নামৰ এজন বিশ্লেষকে স্বৰাজোত্তৰ উৰিষ্যা ৰাজ্যত কমিউনিষ্ট আন্দোলনৰ বিফলতাৰ প্ৰসঙ্গত এনেদৰে মন্তব্য আগবঢ়াইছে- “The Comrades went to the people with heavy intellectual burdens and did not return with new ideas”. ( Communist movement of Odisha : 1947-1964 ; proceedings of Indian history congress ; 2017; volume 78; Page – 1119-1128)। অভিযোগ কৰা হয় যে জাত-পাতৰ দৰে বাস্তৱ সমস্যা এটাক এৰাই চলাৰ ফলত কমিউনিষ্ট সকলে সাধাৰণ প্ৰজাৰ জীৱন যাত্ৰাৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিব পৰা নাছিল। মন কৰিবলগীয়া কথা যে, “বঙল বহু দূৰ” বঙলা পিতাই ৰসিক ভাট আৰু তেওঁৰ বিপ্লৱী কমিউনিষ্ট সহযোগী/সংগীসকলৰ পৰা বঙ্গৰ পৰিবৰ্তিত ৰাজনীতিৰ বিষয়ে বহু কথা জানিব পাৰিছে। কিন্তু বঙলা পিতাই ৰসিক ভাটৰ মুখত শুনা বেছিভাগ কথাই মুছলীম লীগ কংগ্ৰেছ দলৰ মাজত বৰ্দ্ধিত মতবিৰোধ, সাম্প্ৰদায়িক ৰাজনীতি আৰু সম্ভাব্য দেশ বিভাজন কেন্দ্ৰিক বিষয়েহে প্ৰাধান্য লাভ কৰিছিল। ৰসিক ভাটে জানে যে, “সাধাৰণ মানুহে বুজিব পৰাকৈ ৰাজনীতিৰ কথাবোৰ সৰল কৰি ৰাইজৰ মাজলৈ লৈ যাব লাগিব। ৰাজনীতিৰ কথাবোৰ কেৱল নেতাসকলৰ বাবেই নহয়।” কিন্তু শ্ৰেণী চেতনা, বৰ্ণবৈষম্য, জাতিবৈষম্য, ধৰ্মৰ নামত উচ্চ বৰ্ণই চলাই থকা অন্যায়ৰ প্ৰসঙ্গবোৰ ৰসিক ভাটে বঙলা পিতাক কিয় বুজাই নিদিলে সিও এক মনকৰিবলগীয়া কথা। হয়তো শ্ৰেণী বৈষম্যৰ অৱসানে বাকীবোৰ সমস্যা আপোনা-আপুনি নাইকীয়া কৰিব বুলি ভবা দৰ্শনকে ৰসিক ভাটেও অনুসৰণ কৰিছিল। বঙলা পিতাৰ পৰিয়ালৰ সৈতে ইমান ঘনিষ্ঠ সম্পৰ্ক ৰাখিও সেয়ে এই বিপ্লৱীৰ দলটোৱে পৰিয়ালটোৰ যুৱকজনক বিশেষভাৱে প্ৰভাৱান্বিত কৰিব নোৱাৰিলে।
“বঙল বহু দূৰ”ৰ শেষ তৃতীয়াংশত দেশ বিভাজনৰ প্ৰসঙ্গক মূল বিষয় হিচাপে অৱতাৰণা কৰা হৈছে। দেশ বিভাজন বুলিলে পশ্চিম ভাৰত, বিশেষকৈ পাঞ্জাব প্ৰদেশৰ বিভাজনে যি গুৰুত্ব পায়, পূব ভাৰত তথা বঙ্গৰ বিভাজনে সেই গুৰুত্ব স্বাধীন ভাৰতৰ বুৰঞ্জীত লাভ কৰা দেখা নাযায় । বঙ্গদেশৰ ক্ষেত্ৰতো শৰণাৰ্থী সমস্যাই কলিকতা মহানগৰক স্বাধীনতাৰ সময়ৰ আগৰ পৰা পাছৰ কিছু বছৰলৈকে কেনেদৰে বিধ্বস্ত কৰি পেলাইছিল তাৰ বৰ্ণনা বহুলতাৰ মাজত গ্ৰামাঞ্চলত শৰণাৰ্থীৰ সমস্যাৰ প্ৰসংগ গৌণ বিষয় হিচাপে আঁতৰাই থোৱা দেখা যায়। একেটা কথায় শৰণাৰ্থী সকলৰ ক্ষেত্ৰতো প্ৰত্যক্ষ কৰা দেখা যায়। এই বিষয়ৰ ওপৰত চৰ্চ্চা / অধ্যয়ন কৰা বহুতেই কয় যে হিন্দু বঙালী ভদ্ৰ লোক অৰ্থাৎ উচ্চ শিক্ষিত, উচ্চ মধ্যবিত্ত, আৰু মধ্যবিত্ত শ্ৰেণীৰ লোক সকলে পূৱ পাকিস্থান এৰি থৈ গুচি আহিবলগীয়া কথা বোৰক যিমান প্ৰধান্য দিয়া হয় অতি সাধাৰণ শ্ৰেণীয়ে ঘৰ-দুৱাৰ এৰি গুচি আহিবলগীয়া হোৱা ঘটনাক ইতিহাস আৰু সাহিত্য, কোনোটোৱেই গুৰুত্ব নিদিয়ে আৰু অসমৰ ক্ষেত্ৰততো এই বিলাক প্ৰসঙ্গৰ অবতাৰণাই নহয়। পূৱ পাকিস্থানৰ পৰা শৰণাৰ্থী হৈ আহিব লগীয়া হোৱা অজস্ৰ মানুহ অসমতো প্ৰবেশ কৰিছিল। “বঙল বহু দূৰ” উপন্যাসখনে উন্মোচন কৰা, কিন্তু ইতিহাসকাৰৰ চকুত নপৰা এক মৰ্মস্পৰ্শী বাস্তব সত্য হৈছে যে অসমত প্ৰবেশ কৰা শৰণাৰ্থী সকলৰ মাজত একাংশ এই ৰাজ্যৰ ভূমিপুত্ৰ আছিল। এইবিলাক বুৰঞ্জীয়ে নোকোৱা কথা। সাধাৰণ শৰণাৰ্থীৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা পুনৰসংস্থাপনৰ প্ৰসঙ্গ ইয়াত অনুপস্থিত, কাৰণ বঙলা পিতাৰ দৰে উদ্বাস্তু মানুহখিনিৰ গ্ৰামাঞ্চলত অতীততে এৰি থৈ যোৱা একোখন ঘৰ এটুকুৰা মাটি আছেই। বাস্তৱত কোনো সাম্প্ৰদায়িক হিংসাৰ মুখামুখি নহলেও এই চাম মানুহে উৰাবাতৰিয়ে সৃষ্টি কৰা ভয়ৰ পৰিৱেশত জীয়াই থকাতকৈ ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰাটোৱেই নিৰাপদ বুলি গুচি আহিবলৈ বাধ্য হ’ল। উত্তৰ উপনিবেশিক সাহিত্যত বিভিন্ন ৰাজনৈতিক কাৰণত স্বদেশৰ পৰা বিতাড়িত (স্বেচ্ছাই অথবা বলপূৰ্বকভাবে) মানুহৰ স্বদেশ আৰু স্বগৃহৰ প্ৰতি স্মৃতিকাতৰতা আৰু ছিন্নমূল পৰিচয়ৰ মৰ্মবেদনাই স্থান লাভ কৰে। কিন্তু স্বদেশ আৰু স্বগৃহৰ বহু জটিল প্ৰসঙ্গ হয়তো এতিয়াও অনুসন্ধানৰ বাহিৰত ৰৈ গৈছে। দেবেন্দ্ৰ নাথ আচাৰ্যই ‘জঙ্গম’ নামৰ উপন্যাসখনত ব্ৰহ্মদেশৰ পৰা যুদ্ধৰ ভয়াবহতাৰ মাজত ভাৰত অভিমুখে দুৰ্গম অৰণ্য ,পাহাৰ ,নদ-নদী বিল পাৰ হৈ আহি থকা ক্ষণে ক্ষণে মৃত্যুৰ মুখামুখি হোৱা এজাক উদ্ধাস্তু মানুহৰ জীৱনৰ কৰুণ কাহিনী বৰ্ণনা কৰিছে। “বঙল বহু দূৰ”ৰ বঙলা পিতাই নিজৰ পুৰণি গাওঁখনলৈ ঘূৰি আহিছে যদিও পূৱবঙ্গত এৰি থৈ আহিবলগীয়া ঘৰখন আৰু সমাজখনো তেওঁৰ কাৰণে সমানেই হেঁপাহৰ আছিল। স্বদেশ -স্বগৃহৰ এই বহুমাত্ৰিকতা আৰু অনিশ্চিত অৱস্থানক “বঙল বহু দূৰ”ৰ কাহিনীত বৰ্ণিত দেশবিভাজন-পূৰ্বক আৰু দেশবিভাজনৰ পাছত বঙলা পিতাইৰ দৰে মানুবোৰৰ সম্পূৰ্ণ বিপৰীতধৰ্মী অৱস্থাৰ মাজত প্ৰকট হৈ পৰিছে। বঙলা পিতা হিন্দু, কিন্তু বঙালী নহয় ,অথচ মানুহৰ মাজত পৰিচিত “বঙলা পিতে”বুলি। এই দেশৰ ভূমিপুত্ৰ, অথচ ৰাজনৈতিক ধুমুহাই
তেওঁৰ ওপৰত “শৰণাৰ্থীৰ” নতুন পৰিচয় জাপি দিছে। কোনো পৰিচয় স্থায়ী নহয়, অখণ্ড নহয়। উপন্যাসখনে এই সত্যক পঢ়ুৱৈৰ চেতনাত স্থাপন কৰিবলৈ সক্ষম হৈছে।
উপন্যাসখনৰ শেষৰ ফালে ৰাজনৈতিক বিষয়বোৰৰ গুৰুত্ব লাহে লাহে হ্ৰাস পাই আহিছে। শাৰিৰীক আৰু মানসিকভাৱে বিধ্বস্ত বঙলা পিতাইৰ দেশ অভিমুখী উভতনি যাত্ৰাত মৃত্যু ঘটিছে। সকলোবোৰ চৰিত্ৰই পৰিস্থিতিৰ দাস। বঙলা পিতায়ে “মায়া এই সকলো মায়া” বুলি পূব পাকিস্তানত পাতি লোৱা ঘৰ এৰি আহিবলৈ নিজকে বুজনি দিছে, চন্দ্ৰকান্তইও পৰিস্থিতিৰ ওচৰত আত্ম নিবেদন কৰিছে। সীমাৰ সিপাৰে হাফিজ আৰু এই পাৰে উৎপল বৰুৱাৰ বদান্যতাৰ কৃপাত চন্দ্ৰকান্ত, কালিন্দী আৰু বহু লোক ঘূৰি আহিল, কিন্তু যাৰ বাবে কোনো সহায়ৰ হাত অগবাঢ়ি নাহিল, সেই সকলৰ ক্ষোভ যন্ত্ৰণাৰ কথা নিৰৱ ইতিহাস হৈয়ে ৰ’ল। ৰাজনৈতিক বিষয়-কেন্দ্ৰিক সাহিত্যত শেষত গৈ মানৱতাৰে জয় গান গোৱা হয়। প্ৰতিৰোধক শৃংখলিত কৰাৰ ইও এক ৰাজনৈতিক কৌশল নেকি বাৰু?
উল্লেখিত সহায়ক গ্ৰন্থ আৰু প্ৰৱন্ধৰ তালিকা –
1) Chatterjee, Partha: Bengal (1920-1947): The Land Question: Calcutta 1984: Volume, 1, PP 143-144.
2) Cooper Adrienne, Sharecropping and Sharecroppers Struggles in Bengal, 1930-50; Calcutta, 1988; pp. 114-118.
3) Das, Susnata. ” Ideology and Organizations of Rural Protest: Tebhaga Peasant Movement in Bengal (1946-49)”. Proceedings of the Indian History Congress. 2008, Vol. 69, pp. 674-690, Indian History Congress.
4) Ghosal, Anindita and Aparajita. “The Altered State of Affairs: Hindu Refugees of India and Muslim Returnees in East Pakistan (1947-1977)”. Proceedings of the Indian History Congress, 2015, Vol. 76 (2015), pp. 648-656. Indian History Congress.
5) Pradhan, Prasant Kumar. “The Communist Movement in Odisha”. Proceedings of the Indian History Congress, 2007, Vol. 78 (2017), pp. 1119-1128. Indian History Congress.
(লেখিকা এগৰাকী নিৱন্ধকাৰ, অনুবাদক তথা সাহিত্য সমালোচক)