• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নিৰপেক্ষ সংবাদমাধ্যমত মোক্ষম আঘাত! কিয় ব্লক কৰা হ’ল ‘বোলটা হিন্দুস্তান’ৰ ইউটিউব চেনেল?

by
April 16, 2024 12:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৪ এপ্ৰিলত ডিজিটেল পৰ্টেল ‘বোলটা হিন্দুস্তান’ৰ ইউটিউব চেনেল ব্লক কৰা হয়৷ তাৰ পাছতে চৰকাৰে একনায়কত্ববাদী সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি বিকল্প সংবাদ মাধ্যমক নীৰৱ কৰিব বিচাৰিছে চৰকাৰে। প্ৰশ্ন কৰা, অভাৱ-অভিযোগ আঙুলিয়াই দিয়া, সমালোচনা কৰা, আন্দোলনৰ বাবে মাত উঠা সাংবাদিকসকলক নীৰৱ কৰিবলৈ চেষ্টা কৰিছে।

একাংশ লোকৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে কাৰিকৰী কাৰণত চেনেলটো ব্লক কৰা হৈছে নে আৰু ইয়াত অপ্ৰয়োজনীয় ৰাজনৈতিক গুৰুত্ব দিয়া হৈছে! কিছুমান বিষয়বস্তুৰ বিৰুদ্ধে আপত্তি দাখিল কৰি অপ্ৰয়োজনীয়ভাৱে ভিক্টিম কাৰ্ড খেলাৰ চেষ্টা কৰাটো সম্ভৱনে?

৩ আৰু ৪ এপ্ৰিলৰ নিশা পুৱা প্ৰায় ১ বজাত ‘বোলটা হিন্দুস্তান’ক চৰকাৰৰ নিৰ্দেশত চেনেলটো ব্লক কৰা বুলি ইমেইল আহে, তাৰ কেইঘণ্টামান পাছত চেনেলটো আঁতৰাই দিয়া হয়৷বৰ্তমান ‘বোলটা হিন্দুস্তান’ চাৰ্চ কৰিলে প্ৰায় ৩ লাখ চাবস্ক্ৰাইবাৰ থকা চেনেলটো ইউটিউবত দেখা নাযায়।

Apply Now

গুগল লিগেল ছাপৰ্টৰ পৰা অহা ইমেইলত কোৱা হৈছে যে ‘তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নিৰ্দেশনা’ৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে,আৰু চেনেলটো ইউটিউবৰ পৰা আঁতৰাই দিয়া হৈছে। দ্বিতীয় অনুচ্ছেদত কোৱা হৈছে যে ২০০০ আৰু ২০২১ চনত কাৰ্যকৰী কৰা সম্প্ৰচাৰৰ নিয়ম উলংঘা কৰা হৈছে, সেয়েহে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। তৃতীয় অনুচ্ছেদত কোৱা হৈছে যে ইয়াক গোপনীয় কৰি ৰাখিবলৈ নিৰ্দেশনা দিয়া হৈছে, সেয়েহে আমি এই জাননী আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব নোৱাৰো। চতুৰ্থ অনুচ্ছেদত এই কাৰ্যৰ বৈধতাৰ সন্দৰ্ভত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সৈতে কথা পতাৰ পৰামৰ্শ দিয়া হৈছে, লগতে মন্ত্ৰালয়ৰ পৰা অহা ইমেইলৰ বিষয়েও লিখা হৈছে।

এই একপক্ষীয় সিদ্ধান্তত আচৰিত হৈ ‘বোলটা হিন্দুস্তান’ৰ দলটোৱে এফালে ইউটিউবৰ সৈতে যোগাযোগ কৰে আৰু ছ’চিয়েল মিডিয়াতো নিজৰ মতামত প্ৰকাশ কৰে। কেইঘণ্টামানৰ ভিতৰতে #RestoreBoltaHindustanYT ছচিয়েল মিডিয়া প্লেটফৰ্ম X ত ট্ৰেণ্ডত কৰিবলৈ আৰম্ভ কৰে। এই হেচটেগটোৰে হাজাৰ হাজাৰ পোষ্ট কৰা হয় আৰু লাখ লাখ লোকে চৰকাৰক প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে।

ইয়াত ইউটিউব ইণ্ডিয়াৰ এক্স প্লেটফৰ্মত ৰিপ্লাই দিয়া হৈছে, আনহাতে প্ৰায় একেটা ৰিপ্লাই আহিছে ফিডবেকত যে- ‘আমি চেনেলটো ব্লক কৰিছো কাৰণ ই কমিউনিটি গাইডলাইন উলংঘা কৰিছিল।’ কিন্তু ইউটিউবৰ কোনটো কমিউনিটি গাইডলাইন উলংঘা কৰা হৈছিল বা চৰকাৰৰ নিৰ্দেশনাক আদেশ হিচাপে বিবেচনা কৰিহে সিদ্ধান্ত লোৱা হৈছে নেকি সেয়া কোৱা হোৱা নাই।

প্ৰশ্ন উত্থাপন হয় যে কোনটো ভিডিঅ’ত আপত্তি কি, কোনটো ভিডিঅ’ত কি ভুল, এই সকলোবোৰ ক’বলৈ আৰু চেনেলটোক স্থিতি দাঙি ধৰিবলৈ কিয় সুযোগ দিয়া নহ’ল? একপক্ষীয়ভাৱে কিয় এই সিদ্ধান্ত লোৱা হ’ল? সঠিক পদ্ধতি কিয় পালন কৰা নহ’ল?

এই প্ৰশ্নসমূহ চৰকাৰৰ লগতে ইউটিউবৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰাও উত্থাপন হয়, বিশেষকৈ যেতিয়া গুগলে নিজেই সমগ্ৰ বিশ্বতে ন্যায়পৰায়ণতাৰ কথা কয় আৰু গণতন্ত্ৰৰ সমৰ্থক বুলি নিজকে দাবী কৰে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd