নিৰপেক্ষ সংবাদমাধ্যমত মোক্ষম আঘাত! কিয় ব্লক কৰা হ’ল ‘বোলটা হিন্দুস্তান’ৰ ইউটিউব চেনেল?

৪ এপ্ৰিলত ডিজিটেল পৰ্টেল ‘বোলটা হিন্দুস্তান’ৰ ইউটিউব চেনেল ব্লক কৰা হয়৷ তাৰ পাছতে চৰকাৰে একনায়কত্ববাদী সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি বিকল্প সংবাদ মাধ্যমক নীৰৱ কৰিব বিচাৰিছে চৰকাৰে। প্ৰশ্ন কৰা, অভাৱ-অভিযোগ আঙুলিয়াই দিয়া, সমালোচনা কৰা, আন্দোলনৰ বাবে মাত উঠা সাংবাদিকসকলক নীৰৱ কৰিবলৈ চেষ্টা কৰিছে।

একাংশ লোকৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে কাৰিকৰী কাৰণত চেনেলটো ব্লক কৰা হৈছে নে আৰু ইয়াত অপ্ৰয়োজনীয় ৰাজনৈতিক গুৰুত্ব দিয়া হৈছে! কিছুমান বিষয়বস্তুৰ বিৰুদ্ধে আপত্তি দাখিল কৰি অপ্ৰয়োজনীয়ভাৱে ভিক্টিম কাৰ্ড খেলাৰ চেষ্টা কৰাটো সম্ভৱনে?

৩ আৰু ৪ এপ্ৰিলৰ নিশা পুৱা প্ৰায় ১ বজাত ‘বোলটা হিন্দুস্তান’ক চৰকাৰৰ নিৰ্দেশত চেনেলটো ব্লক কৰা বুলি ইমেইল আহে, তাৰ কেইঘণ্টামান পাছত চেনেলটো আঁতৰাই দিয়া হয়৷বৰ্তমান ‘বোলটা হিন্দুস্তান’ চাৰ্চ কৰিলে প্ৰায় ৩ লাখ চাবস্ক্ৰাইবাৰ থকা চেনেলটো ইউটিউবত দেখা নাযায়।

গুগল লিগেল ছাপৰ্টৰ পৰা অহা ইমেইলত কোৱা হৈছে যে ‘তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নিৰ্দেশনা’ৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে,আৰু চেনেলটো ইউটিউবৰ পৰা আঁতৰাই দিয়া হৈছে। দ্বিতীয় অনুচ্ছেদত কোৱা হৈছে যে ২০০০ আৰু ২০২১ চনত কাৰ্যকৰী কৰা সম্প্ৰচাৰৰ নিয়ম উলংঘা কৰা হৈছে, সেয়েহে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। তৃতীয় অনুচ্ছেদত কোৱা হৈছে যে ইয়াক গোপনীয় কৰি ৰাখিবলৈ নিৰ্দেশনা দিয়া হৈছে, সেয়েহে আমি এই জাননী আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব নোৱাৰো। চতুৰ্থ অনুচ্ছেদত এই কাৰ্যৰ বৈধতাৰ সন্দৰ্ভত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সৈতে কথা পতাৰ পৰামৰ্শ দিয়া হৈছে, লগতে মন্ত্ৰালয়ৰ পৰা অহা ইমেইলৰ বিষয়েও লিখা হৈছে।

এই একপক্ষীয় সিদ্ধান্তত আচৰিত হৈ ‘বোলটা হিন্দুস্তান’ৰ দলটোৱে এফালে ইউটিউবৰ সৈতে যোগাযোগ কৰে আৰু ছ’চিয়েল মিডিয়াতো নিজৰ মতামত প্ৰকাশ কৰে। কেইঘণ্টামানৰ ভিতৰতে #RestoreBoltaHindustanYT ছচিয়েল মিডিয়া প্লেটফৰ্ম X ত ট্ৰেণ্ডত কৰিবলৈ আৰম্ভ কৰে। এই হেচটেগটোৰে হাজাৰ হাজাৰ পোষ্ট কৰা হয় আৰু লাখ লাখ লোকে চৰকাৰক প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে।

ইয়াত ইউটিউব ইণ্ডিয়াৰ এক্স প্লেটফৰ্মত ৰিপ্লাই দিয়া হৈছে, আনহাতে প্ৰায় একেটা ৰিপ্লাই আহিছে ফিডবেকত যে- ‘আমি চেনেলটো ব্লক কৰিছো কাৰণ ই কমিউনিটি গাইডলাইন উলংঘা কৰিছিল।’ কিন্তু ইউটিউবৰ কোনটো কমিউনিটি গাইডলাইন উলংঘা কৰা হৈছিল বা চৰকাৰৰ নিৰ্দেশনাক আদেশ হিচাপে বিবেচনা কৰিহে সিদ্ধান্ত লোৱা হৈছে নেকি সেয়া কোৱা হোৱা নাই।

প্ৰশ্ন উত্থাপন হয় যে কোনটো ভিডিঅ’ত আপত্তি কি, কোনটো ভিডিঅ’ত কি ভুল, এই সকলোবোৰ ক’বলৈ আৰু চেনেলটোক স্থিতি দাঙি ধৰিবলৈ কিয় সুযোগ দিয়া নহ’ল? একপক্ষীয়ভাৱে কিয় এই সিদ্ধান্ত লোৱা হ’ল? সঠিক পদ্ধতি কিয় পালন কৰা নহ’ল?

এই প্ৰশ্নসমূহ চৰকাৰৰ লগতে ইউটিউবৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰাও উত্থাপন হয়, বিশেষকৈ যেতিয়া গুগলে নিজেই সমগ্ৰ বিশ্বতে ন্যায়পৰায়ণতাৰ কথা কয় আৰু গণতন্ত্ৰৰ সমৰ্থক বুলি নিজকে দাবী কৰে।