ফেচবুক কৰ্ণাৰ : ৰজাৰ ভৰি চেলেকিম আৰু দুৰ্বলৰ ভৰি ভাঙিম ! ই আকৌ কেনেকোৱা নীতি, বৌদ্ধিক কচৰৎ ?

সম্প্ৰতি The Cross Current, Northeast Now, The Opinion আদি কেইটামান পৰ্টেলক বাদ দিলে বাকী কেইটা মুকলিকৈ চৰকাৰৰ দালাল, গোলামীয়েই কৰি থকা নাই জানো ?

“মাজুলী মিউজিক ফেষ্টিভল”ত সুৰাৰ বিজ্ঞাপনক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে । ই স্বাভাৱিক । আমিও প্ৰতিবাদ কৰিছো । বন্ধ হওক আৰু আগলৈও নহওক । আমাৰ ধাৰণা স্পষ্ট !
প্ৰথম কথা, অসমৰ আন জিলাত যিমান সুৰা বিক্ৰী হয়, মাজুলীটো হয় । পাৰ্থক্য ইমানেই যে মাজুলীত গোপনে হয় । অবৈধভাৱে সুৰা বিক্ৰী কৰি মাজুলীৰ কিমান মানুহ কৌটিপতি হৈছে কোনোবাই প্ৰত্যাহ্বান জনালে তাৰ তালিকা প্ৰকাশ কৰিম ।
এতিয়া আহোঁ মূল কথালৈ ।
১) এইখন চৰকাৰে সুৰা বিক্ৰীক কৰ সংগ্ৰহৰ অন্যতম উৎস কৰি লৈছে, আমি কিমানে প্ৰতিবাদ কৰিছো ?
২) বিশ্ব ৰেকৰ্ডৰ নামত গাভৰু সকলক ষ্টেডিয়ামলৈ আনি হুৰাই-ঘুৰাই নচোৱালে । হিতাধিকাৰী সজাই ১০ হেজাৰকৈ টকা বিলালে । আমি কিমানে প্ৰতিবাদ কৰিলো ?
৩) অমৃত কলহৰ নামত কেচুৱাৰ পৰা বুঢ়া-মেতালৈ হুৰাই-ঘুৰাই নচোৱালে, আমি কিমানে প্ৰতিবাদ কৰিলো ?
৪) এতিয়া দিহা নামৰ বিশ্ব ৰেকৰ্ড গঢ়াৰ বাবে বুঢ়ী-বোৱাৰী সকলে কাম-বন এৰি কচৰৎ কৰাত ব্যস্থ । আমি কিমানে প্ৰতিবাদ কৰিছো ?
৫) সম্প্ৰতি “সাংস্কৃতিক মহাসংগ্ৰাম”ৰ নামত অসমীয়া চিৰ সেউজ গীতৰ তাল, মান, লয় ধ্বংসৰ কামত লক্ষ লক্ষ লৰা-ছোৱালীক নিয়োজিত কৰিছে । আমি কিমানে প্ৰতিবাদ কৰিছো ?
৬) “খেল মহাৰণৰ” নামত ৰাজ্যজুৰি উঠি অহা চামক পগলা কুকুৰৰ দৰে দৌৰাই ফুৰিছে । এইবিলাকৰ প্ৰমাণ-পত্ৰই কি কামত আহিব আমি কেতিয়া প্ৰশান কৰিছো নে ?
সম্প্ৰতি The Cross Current, Northeast Now, The Opinion আদি কেইটামান পৰ্টেলক বাদ দিলে বাকী কেইটা মুকলিকৈ চৰকাৰৰ দালাল, গোলামীয়েই কৰি থকা নাই জানো ?
সামাজিক মাধ্যমত আঙুলি মূৰত গণিব পৰা কেইজন ব্যক্তিয়ে চৰকাৰৰ হতকাৰিতাৰ বিৰোদ্ধে মাত মাতি আহিছে । বাকী সাংবাদিক, বুদ্ধিজীৱি, তাৰকা সকলে কি কৰে ?
এতিয়া কথা হল মাজুলী মিউজিক ফেষ্টিভেলৰ ওপৰত ইমানকৈ জপিয়াই পৰিছে কিয় ? সমালোচনাৰে থকাসৰকা কৰিছে কিয় ? প্ৰত্যক্ষভাৱে চৰকাৰ জড়িত নহয় বুলি ? ভাগত একো পোৱা নাই বুলি ? আয়োজক সকলৰ বেকগ্ৰাওণ্ড দুৰ্বল বুলি ? নে আৰু আন কিবা ?
মাজুলি মিউজিক ফেষ্টিভেলত যি হৈ আছে, ই আমাৰে সাম্প্ৰতিক স্খলিত অসমীয়া সমাজ ব্যৱস্থাৰ প্ৰতিফলন নহয় নে ? যি সকলে বিভিন্ন মাধ্যমৰ জড়িয়তে সকলো অন্যায়, অবিচাৰৰ বিৰোদ্ধে মাত মাতি আহিছে তেওঁলোকে মাজুলীৰ ঘটনাতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত, সমালোচনা কৰাত আমি সুখ পাইছো । বিপৰীতে যিসকল চৰকাৰী গোলাম, দালাল, তেওঁলোক হতাৎ সাৰ পাই উঠাত, ব্যভিচাৰৰ বিৰোদ্ধে বিবেক জাগ্ৰত হোৱাত আমি আচৰিত পাইছো । মাত মাতিলে সকলো অন্যায়, অনিয়ম, ব্যভিচাৰৰ বিৰুদ্ধে মাত মাতিব লাগে । ৰজাৰ ভৰি চেলেকিম, আৰু দুৰ্বলজনৰ ভৰি ভাঙিম, ই কেনেকোৱা সচেতনতা গোলাম, দালাল সকল ?